ৰেল মন্ত্ৰালয়

‘লকডাউন’ৰ পূৰ্বৰ দৰেই ৰে’লগাড়ীৰ প্ৰস্থানৰ নিৰ্দ্ধাৰিত সময়ৰ ৩০ মিনিট আগতে আসন সংৰক্ষণৰ দ্বিতীয় তালিকা জাৰি কৰা হ’ব

দ্বিতীয় তালিকা প্ৰস্তুত কৰাৰ আগতে ‘অনলাইন’ আৰু ‘পিআৰএছ কাউণ্টাৰ’ৰ মাধ্যমেৰে টিকট বুকিং সেৱা উপলব্ধ থাকিব

Posted On: 06 OCT 2020 6:28PM by PIB Guwahati

ভাৰতীয় ৰেল-য়ে অহা ১০-১০-২০২০ৰ পৰা বলবত্ হোৱাকৈ আসন সংৰক্ষণ সম্পৰ্কীয় দ্বিতীয় তালিকা প্ৰস্তুতৰ পূৰ্বৰ ব্যৱস্থা পুনৰাম্ভ কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে।

ভিড-কালৰ প্ৰতিষ্ঠিত নিৰ্দেশনা অনুসৰি আসন সংৰক্ষণ সম্পৰ্কীয় প্ৰথম তালিকা ৰেলগাড়ী এৰাৰ নিৰ্দ্ধাৰিত ৪ ঘণ্টাৰ আগতে প্ৰস্তুত কৰা হৈছিল। তাৰপিচতো দ্বিতীয় তালিকা প্ৰস্তুত কৰা পৰ্যন্ত পিআৰএছ কাউণ্টাৰসমূহৰ উপৰি অনলাইন ব্যৱস্থাৰে প্ৰথমে আহোতাক প্ৰথমে সেৱা আগবঢ়োৱাৰ নীতিৰ আধাৰত আসন সংৰক্ষণৰ সুবিধা গ্ৰহণ কৰিব পাৰিছিল।

ৰেলগাড়ীৰ প্ৰস্থানৰ নিৰ্দ্ধাৰিত/পুনৰ-নিৰ্দ্ধাৰিত সময়ৰ ৩০মিনিট আগৰ পৰা ৫ মিনিটৰ মাজৰ সময়ছোৱাত আসন সংৰক্ষণৰ দ্বিতীয় তালিকা প্ৰস্তুত কৰা হৈছিল। ৰিফাণ্ড বিধিৰ আধাৰত এইখিনি সময়ত ইতিমধ্যে বুক কৰা টিকট বাতিল কৰাৰ অনুমতি প্ৰদান কৰা হৈছিল।

পিচে, মহামাৰী পৰিপ্ৰেক্ষিতত শেহতীয়া মাহচেৰেকত দ্বিতীয় তালিকা প্ৰস্তুত কৰাৰ সময় ৰেলগাড়ীৰ প্ৰস্থানৰ নিৰ্দ্ধাৰিত সময়ৰ দুঘণ্টা আগতে সম্পন্ন কৰাৰ বাবে নিৰ্দেশনা জাৰি কৰা হৈছিল।

ৰেলৱেৰ মাণ্ডলিক কাৰ্যালয়সমূহৰ অনুৰোধৰ আধাৰত যাত্ৰীসকলৰ সুবিধাৰ দিশতো অনুধাৱন কৰিয়ে বিষয়টো পৰ্যালোচনা কৰাৰ পিচত ৰেলৰ প্ৰস্থানৰ অন্ততঃ ৩০ মিনিট আগতে আসন সংৰক্ষণ সম্পৰ্কীয় দ্বিতীয় তালিকা প্ৰকাশৰ বাবে সিদ্ধান্ত গ্ৰহণ কৰা হৈছে।

সেইদৰে,  দ্বিতীয় তালিকা প্ৰস্তুত কৰাৰ আগতে অনলাইন আৰু পিআৰএছ কাউণ্টাৰৰ মাধ্যমেৰে টিকট বুকিং সেৱা উপলব্ধ থাকিব।

অহা ১০-১০-২০২০ৰ পৰা বলবত্ হোৱাকৈ এই ব্যৱস্থা পুনৰাম্ভ কৰিব পৰাকৈ ছফ্টৱেৰ সংশোধনৰ ব্যৱস্থা কৰাৰ বাবে চিআৰআইএ-য়ে ইতিমধ্যে যাৱতীয় নিৰ্দেশনা জাৰি কৰিছে। 

*****

DJN/MKV/KB



(Release ID: 1662188) Visitor Counter : 160