প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়

‘সামাজিক সৱলীকৰণ ২০২০ৰ বাবে দায়িত্বশীল কৃত্ৰিম বুদ্ধিমত্তা’ সন্মিলনৰ মুকলি অনুষ্ঠানত প্ৰধানমন্ত্ৰীয়ে প্ৰদান কৰা ভাষণৰ অসমীয়া ৰূপান্তৰ

Posted On: 05 OCT 2020 9:20PM by PIB Guwahati

ভাৰত তথা বিদেশৰ মাননীয় অতিথিসকল, নমস্কাৰ!

ৰাইজ-সামাজিক সৱলীকৰণৰ বাবে দায়িত্বশীল কৃত্ৰিম বুদ্ধিমত্তা সন্মিলনলৈ আপোনালোকক স্বাগতম জনাইছো৷ কৃত্ৰিম বুদ্ধিমত্তাৰ বিষয়ে আলোচনা কৰাৰ এয়া এক সুন্দৰ প্ৰয়াস৷ আপোনালোকে ইতিমধ্যেই প্ৰযুক্তি আৰু মানৱ সৱলীকৰণ সন্দৰ্ভত জ্ঞাত৷ প্ৰযুক্তিয়ে আমাৰ কৰ্মধাৰা পৰিৱৰ্তন কৰিছে৷ ই যোগাযোগ ব্যৱস্থাৰ উত্তৰণ কৰিছে৷ সময়ৰ লগে লগে প্ৰযুক্তিয়ে আমাৰ প্ৰধান প্ৰত্যাহ্বানসমূহ সমাধান কৰাত সহায় কৰিছে৷ মই নিশ্চিত যে সামাজিক দায়িত্ব আৰু কৃত্ৰিম বুদ্ধিমত্তাৰ মাজৰ সংবদ্ধকৰণে মানৱ সমাজক উপকৃত কৰিব৷

বন্ধুসকল,

কৃত্ৰিম বুদ্ধিমত্তাই মানুহৰ বৌদ্ধিক শক্তিক প্ৰতিনিধিত্ব কৰে৷ মানুহৰ চিন্তা শক্তিয়ে সঁজুলি আৰু প্ৰযুক্তি নিৰ্মাণ কৰে৷ আজি এই সঁজুলি আৰু প্ৰযুক্তিসমূহেও শিকিবলৈ আৰু চিন্তা কৰাৰ শক্তি আহৰণ কৰিছে৷ ইয়াৰ প্ৰধান চালিকা শক্তি হ’ল এআই৷ মানৱৰ সৈতে এআইৰ সংবদ্ধতাই আমাৰ ধৰিত্ৰীৰ বাবে আচৰিত বস্তুৰ সৃষ্টি কৰিব পাৰে৷

বন্ধুসকল,

ইতিহাসৰ প্ৰতিটো খোজতে ভাৰতে বিশ্বক জ্ঞান আৰু শিক্ষাৰ নেতৃত্ব প্ৰদান কৰিছে৷ আজিৰ তথ্য প্ৰযুক্তিৰ যুগতো ভাৰতে প্ৰভূত অৰিহণা আগবঢ়াবলৈ সক্ষম হৈছে৷ ভাৰতৰ পৰাও এনে উজ্বল প্ৰযুক্তি নেতৃত্বৰ সৃষ্টি হৈছে৷ ভাৰত বিশ্বজনীন তথ্য-প্ৰযুক্তি সেৱা উদ্যোগত শক্তি গৃহলৈ পৰিৱৰ্তিত হৈছে৷ আমি ডিজিটেলৰ দিশত অগ্ৰসৰ হৈছো৷

বন্ধুসকল,

প্ৰযুক্তিয়ে যে নিকা ব্যৱস্থা তথা সেৱা প্ৰদানৰ মান উন্নত কৰিছে সেয়া আমি ভাৰতবাসীয়ে অনুভূত কৰিছো৷ আমি বিশ্বৰ ভিতৰতে বৃহৎ অনন্য পৰিচয় ব্যৱস্থাৰ বাহক হৈ উঠিছো৷ আমাৰ হাতত বিশ্বৰ সবাতোকৈ উদ্ভাৱনীমূলক ডিজিটেল লেনদেনৰ সুবিধা-ইউপিআইও আছে৷  ইয়াৰ জৰিয়তে ডিজিটেল সেৱা, বিত্তীয় সেৱা, দৰিদ্ৰ লোকসকললৈ প্ৰত্যক্ষ ধন স্থানান্তৰণ আদি সুবিধা সহজলভ্য হৈ উঠিছে৷ মহামাৰীৰ এই পৰিস্থিতিত আমি দেখিছো যে ভাৰতৰ ডিজিটেল প্ৰস্তুতি কিদৰে সহায়ক হিচাপে বিবেচিত হৈছিল৷ আমি অতি ক্ষীপ্ৰতাৰে জনসাধাৰণৰ কাষ চাপিবলৈ সক্ষম হৈছিলো৷ ভাৰতে দ্ৰুত গতিত ইয়াৰ অপ্টিকেল ফাইবাৰ নেটৱৰ্ক সম্প্ৰসাৰিত কৰি আহিছে৷ ইয়াৰ দ্বাৰা প্ৰতিখন গাঁৱলৈ উচ্চ গতিৰ ইণ্টাৰনেট সংযোগ প্ৰদানৰ লক্ষ্য নিৰ্ধাৰণ কৰা হৈছে৷

বন্ধুসকল,

এতিয়া আমি ভাৰতক বিশ্বৰ ভিতৰতে এআইৰ কেন্দ্ৰস্থল হিচাপে গঢ়ি তুলিবলৈ বিচাৰিছো৷ বহু ভাৰতীয়ই এই সন্দৰ্ভত কামো কৰি আছে৷ এই লক্ষ্য প্ৰাপ্তিৰ বাবে আমাৰ অভিগমন হ’ল- দলীয় কৰ্ম, বিশ্বাস, সহযোগিতা, দায়িত্ববোধ আৰু অন্তৰ্ভুক্তিকৰণ৷

বন্ধুসকল,

ভাৰতে শেহতীয়াকৈ ৰাষ্ট্ৰীয় শিক্ষা নীতি ২০২০ প্ৰৱৰ্তন কৰিছে৷ ইয়াত প্ৰযুক্তিসম্বলিত শিক্ষা আৰু দক্ষতা বৃদ্ধিত অধিক গুৰুত্ব প্ৰদান কৰা হৈছে৷ বিভিন্ন ভাষাত ই-পাঠ্যক্ৰমসমূহ প্ৰস্তুত কৰা হ’ব৷ ইয়াত এআইৰ দ্বাৰা স্বাভাৱিক ভাষা সংসাধনৰ উত্তৰণ হ’ব৷ আমি চলিত বৰ্ষৰ এপ্ৰিলত যুৱ কাৰ্যসূচীৰ বাবে দায়িত্বশীল এআই মুকলি কৰিছিলো৷ ১১০০০ত কৈও অধিক বিদ্যালয়ৰ শিক্ষাৰ্থীয়ে ইয়াত অংশগ্ৰহণ কৰিছিল৷ এতিয়া তেওঁলোকে এআইৰ প্ৰকল্প নিৰ্মাণৰ দিশত অগ্ৰসৰ হৈছে৷

বন্ধুসকল,

ৰাষ্ট্ৰীয় শৈক্ষিক প্ৰযুক্তি মঞ্চ (এনইটিএফ)ও গঠন কৰা হৈছে৷ ই ডিজিটেল আন্তঃগাঁথনি, ডিজিটেল কণ্টেণ্ট আৰু সামৰ্থৰ উত্তৰণৰ বাবে ই-শিক্ষা গোটৰ সৃষ্টি কৰিব৷ শিকাৰুসকলক হাতে হাতে শিকাবলৈ ভাৰ্চুৱেল লেবো স্থাপন কৰা হৈছে৷ আমি অটল উদ্ভাৱন অভিযানো প্ৰৱৰ্তন কৰিছো৷  

বন্ধুসকল,

মই কৃত্ৰিম বুদ্ধিমত্তাৰ ৰাষ্ট্ৰীয় কাৰ্যসূচী সম্পৰ্কে আলোকপাত কৰিবলৈ বিচাৰিছো৷ ইয়াৰ দ্বাৰা সমাজৰ সমস্যা সমাধান বিষয়সমূহত এআইক ব্যৱহাৰ কৰিব পৰা হ’ব৷ ইয়াক সকলো ষ্টেকহ’ল্ডাৰৰ সহযোগিতাত প্ৰৱৰ্তন কৰা হ’ব৷ মই সকলোকে এই প্ৰয়াসত অংশগ্ৰহণ কৰিবলৈ আহ্বান জনাইছো৷

বন্ধুসকল,

মই আপোনালোকৰ সন্মুখত কেইটামান প্ৰত্যাহ্বান প্ৰস্তুত কৰিব বিচাৰিছো৷ আমি আমাৰ সম্পদসমূহৰ ব্যৱস্থাপনাৰ বাবে কৃত্ৰিম বুদ্ধিমত্তা ব্যৱহাৰ কৰিব নোৱাৰোনে? কিছুমান স্থানত সম্পদৰ পৰিমাণ কম, কিছুমানত বেছি৷ আমি এইসমূহ পুনৰ সংস্থাপিত কৰিব নোৱাৰোনে? আমি আমাৰ নাগৰিকসকলক তেওঁলোকৰ ঘৰৰ মুখতে সেৱা প্ৰদান কৰিব নোৱাৰোনে?

বন্ধুসকল,

আজিৰ ভৱিষ্যত যুৱ প্ৰজন্মৰ হাতত৷ প্ৰতিজন শিশুৰে অনন্য প্ৰতিভা, সামৰ্থ আৰু যোগ্যতা আছে৷ কেতিয়াবা ভুল স্থানত উপযুক্ত মানুহ এজন থাকিব পাৰে৷ আমি সেয়া পৰিৱৰ্তন কৰিব পাৰো৷ প্ৰতিজন শিশুৱেই যদি নিজে কিদৰে লালিত-পালিত হৈছে সেয়া প্ৰত্যক্ষ কৰিব পাৰে কেনে হ’ব? অভিভাৱক, শিক্ষক আৰু বন্ধুৱে শিশু এটাক সাৱধানে পৰ্যৱেক্ষণ কৰিব পাৰেনে? তেওঁলোকক শৈশৱৰ পৰা কিশোৰলৈ লক্ষ্য কৰি প্ৰতিবেদন প্ৰস্তুত কৰিব লাগে৷ ইয়াৰ দ্বাৰা শিশু এটাৰ প্ৰতিভা স্বাভাৱিকভাৱে বিকশিত হ’ব৷ আমি প্ৰতিগৰাকী শিশুৰ বিশ্লেষণাত্মক প্ৰতিবেদন প্ৰস্তুত কৰিব পাৰোনে? ইয়াৰ দ্বাৰা যুৱ প্ৰজন্মৰ বাবে বিভিন্ন সুযোগো মুকলি হ’ব৷ ইয়াৰ দ্বাৰা চৰকাৰ আৰু ব্যৱসায়ো উপকৃত হ’ব৷

বন্ধুসকল,

কৃষি, স্বাস্থ্য সেৱা উত্তৰণত এআইৰ বৃহৎ ভূমিকাৰ এখন ছবি মই দেখিবলৈ পাইছো৷ পৰৱৰ্তী প্ৰজন্মৰ নগৰ আন্তঃগাঁথনি সৃষ্টি, ট্ৰেফিক জাম আদি ব্যৱস্থাপনা, উন্নত নৰ্দমাৰ ব্যৱস্থা, দুৰ্যোগ প্ৰশমন লগতে জলবায়ু পৰিৱৰ্তনৰ সমস্যাতো ইয়াক ব্যৱহাৰ কৰিব পাৰি৷

বন্ধুসকল,

আমাৰ ধৰিত্ৰীত বিভিন্ন ভাষা-ভাষীৰ লোক আছে৷ ভাৰততো বিভিন্ন ভাষা-উপভাষা আছে৷ এই বৈচিত্ৰতাই আমাক উন্নত সমাজ প্ৰদান কৰিছে৷ অধ্যাপক ৰাজ ৰেড্ডিয়ে পৰামৰ্শ প্ৰদান কৰা অনুসৰি এআইয়ে ভাষাৰ প্ৰতিবন্ধকতা আঁতৰ কৰিব পাৰে৷ আমি দিব্যাংগ ভাই-ভনীসকলৰ বাবেও ইয়াক কাৰ্যকৰী তোলাৰ কথা ভাবিব লাগে৷

বন্ধুসকল,

এআইক জ্ঞান বিনিময়ৰ বাবে ব্যৱহাৰ কৰিব নোৱাৰিনে? এআইক কিদৰে ব্যৱহাৰ কৰা হয় ইয়াৰ ওপৰত বিশ্বাস স্থাপন কৰাটো আমাৰ সকলোৰে দায়িত্ব৷ এই বিশ্বাস স্থাপনৰ বাবে নিকা এলগৰিথিমৰ ব্যৱস্থা থাকিব লাগিব৷ সমতা স্থাপনো সমানেই গুৰুত্বপূৰ্ণ৷ এআইক আমি ভুল হাতত তুলি দিব নোৱাৰো৷

বন্ধুসকল,

এআইৰ বিষয়ে আলোচনা কৰি থকাৰ মুহূৰ্তত মানৱ সৃজনীশীলতা আৰু মানৱ আৱেগ সন্দৰ্ভত আমাৰ কোনো দ্বিমত নাই৷ এইসমূহ যন্ত্ৰতকৈও আধুনিক৷ আমাৰ বৌদ্ধিক আৰু সহানুভূতিৰ শক্তি অবিহনে এইআইয়ে মানৱ সমস্যা সমাধান কৰিব নোৱাৰে৷  আমি মানৱ বুদ্ধিমত্তা এআইতকৈ এখোজ আগত থকাটো নিশ্চিত কৰিব লাগিব৷ এআইয়ে কিদৰে মানৱ সমস্যা সমাধান কৰিব পাৰে সেয়া আমি লক্ষ্য কৰিব লাগিব৷ মই পুনৰবাৰ ক’ব বিচাৰো- এআইয়ে প্ৰতিজন মানুহৰ সুপ্ত প্ৰতিভা জগাই তুলিব পাৰে৷

বন্ধুসকল,

ৰাইজ ২০২০ত আমি বিশ্বৰ নেতৃস্থানীয় ষ্টেকহ’ল্ডাৰসকলৰ বাবে এক বিশ্বজনীন মঞ্চ গঢ়ি তুলিছো৷ আহক ইয়াত আমি কৃত্ৰিম বুদ্ধিমত্তা সম্পৰ্কীয় জ্ঞানৰ আদান-প্ৰদান কৰো৷ এই সন্মিলনত অংশগ্ৰহণ কৰা বাবে মই আপোনালোকক ধন্যবাদ জনাইছো৷ মই এই বিশ্বজনীন সন্মিলনৰ সফলতা কামনা কৰিছো৷ মই নিশ্চিত যে আগন্তুক চাৰিটা দিনত ইয়াৰ জৰিয়তে দায়িত্বশীল এআইৰ এক কাৰ্যকৰী ৰোডমেপ প্ৰস্তুত হ’ব৷ এই ৰোডমেপে সমগ্ৰ বিশ্বৰ জীৱন পৰিৱৰ্তন কৰিব পাৰিব৷ সকলোলৈ শুভেচ্ছা থাকিল৷

ধন্যবাদ৷

অশেষ ধন্যবাদ৷

 

***

VRRK/SH/MANN



(Release ID: 1661948) Visitor Counter : 253