বাণিজ্য আৰু উদ্যোগ মন্ত্ৰালয়

নেশ্যনেল ষ্টাৰ্টআপ এৱাৰ্ডছ ২০২০ৰ ফলাফল ঘোষণা কৰা হ’ব ৬অক্টোবৰ,২০২০ত

Posted On: 05 OCT 2020 2:06PM by PIB Guwahati

নেশ্যনেল ষ্টাৰ্টআপ এৱাৰ্ডছ ২০২০ৰ প্ৰথম সংস্কৰণৰ ফলাফল কেন্দ্ৰীয় ৰেল আৰু বাণিজ্য আৰু উদ্যোগ মন্ত্ৰী শ্ৰী পীয়ুষ গোৱেলে অহা ৬ অক্টোবৰ,২০২০ৰ বিয়লি ৩.৩০বজাত নতুন দিল্লীৰ নেশ্যনেল মিডিয়া চেণ্টাৰত ঘোষণা কৰিব। ভাৰ্চুৱেল সম্বৰ্দ্ধনা অনুষ্ঠান বাণিজ্য আৰু উদ্যোগ বিভাগৰ ৰাজ্যিক মন্ত্ৰী শ্ৰী ছোম প্ৰকাশৰ উপস্থিতিত অনুষ্ঠিত হব। অনুষ্ঠানটো NIC,MyGov আৰু সম্পৰ্কীয় আন ছচিয়েল মিডিয়া চেনেলযোগে ৱেবকাষ্ট লাইভ সম্প্ৰচাৰ হব।

 

উদ্যোগ আৰু আভ্যন্তৰীণ বাণিজ্যৰ প্ৰসাৰ বিভাগ(ডিপিআইআইটি)-এ অসামান্য ষ্টাৰ্টআপ আৰু পৰিৱেশ-ব্যৱস্থাক সক্ষম কৰি তোলাসকলক স্বীকৃতি দিয়া আৰু পুৰস্কাৰ দিয়াৰ বাবে প্ৰথম ৰাষ্ট্ৰীয় ষ্টাৰ্টআপ বঁটাৰ কথা কল্পনা কৰিছিল যিয়ে নিয়োগ সৃষ্টি বা সম্পদ সৃষ্টিৰ উচ্চ সম্ভাৱনাসহ উদ্ভাৱনী সামগ্ৰী বা সমাধান আৰু স্কেলযোগ্য উদ্যোগ গঢ় দিছে, মাপযোগ্য সামাজিক প্ৰভাৱ প্ৰদৰ্শন কৰিছে। সাফল্যৰ মাপ কেৱল আৰ্থিক লাভেই নহয়, সমাজৰ হিতৰ বাবে অৱদান আগবঢ়োৱাও।

 

বঁটাৰ প্ৰথম সংস্কৰণত ১২টা খণ্ডত আৱেদন আমন্ত্ৰণ কৰা হৈছিল যাক আৰু মুঠ ৩৫ টা শাখাত উপ-শ্ৰেণীবদ্ধ কৰা হৈছিল। এই ১২টা খণ্ড হৈছে কৃষি, শিক্ষা, উদ্যোগ প্ৰযুক্তি, শক্তি, বিত্ত, খাদ্য, স্বাস্থ্য, উদ্যোগ ৪.০, মহাকাশ ,সুৰক্ষা, পৰ্যটন আৰু চহৰীয়া সেৱা। এইবোৰৰ উপৰিও গ্ৰাম্য অঞ্চলত প্ৰভাৱ সৃষ্টি কৰিব পৰা, মহিলাই নেতৃত্ব দিয়া আৰু শৈক্ষিক পৰিসৰৰ ভিতৰত স্থাপিত ক্ষেত্ৰৰ পৰাও ষ্টাৰ্টআপ বাছনি কৰিব লাগিব।

 

পুৰস্কাৰ লাভ কৰা ষ্টাৰ্টআপক ৫ লাখ নগদ ধনৰ উপৰি সম্ভাব্য পাইলট প্ৰকল্প আৰু কৰ্ম অৰ্ডাৰৰ বাবে প্ৰাসংগিক চৰকাৰী কৰ্তৃপক্ষ আৰু কৰ্পৰেটসকলক তেওঁলোকৰ সমাধান উপস্থাপন কৰাৰ সুযোগ থাকিব।

 

এক শক্তিশালী ষ্টাৰ্টআপ পৰিৱেশ-ব্যৱস্থাৰ মুখ্য নিৰ্মাণ খণ্ড হিচাপে এটা ব্যতিক্ৰমী ইনকিউবেটৰ আৰু এটা গতিবৰ্ধক প্ৰত্যেকে ১৫ লাখ টকাৰ নগদ পুৰস্কাৰ লাভ কৰিব।

 

 *******************************************************

YB/AP/KG



(Release ID: 1661882) Visitor Counter : 148