গ্ৰাহক পৰিক্ৰমা, খাদ্য আৰু ৰাজহুৱা বিতৰণ মন্ত্ৰালয়

নূন্যতম সমৰ্থন মূল্যত ধান ক্ৰয় কৰিবলৈ ৪১,০৮৪ কৃষকক প্ৰায় ১,০৮২কোটি আদায় দিয়া হৈছে

খাৰিফ মাৰ্কেটিং ছিজন ২০২০-২১ৰ বাবে নূন্যতম সমৰ্থন মূল্যত কপাহ ক্ৰয় আৰম্ভ

Posted On: 04 OCT 2020 5:26PM by PIB Guwahati

২০২০-২১ৰ খাৰিফ মাৰ্কেটিং ছিজনৰ বাবে ৰাজ্যসমূহত ধান ক্ৰয় প্ৰক্ৰিয়া আৰম্ভ হৈছে। ৩ ছেপ্তেম্বৰ,২০২০লৈ মুঠ ৫,৭৩,৩৩৯ মেট্ৰিক টন ধান ক্ৰয় কৰা হৈছে। উপকৃত হোৱা কৃষকৰ সংখ্যা হল ৪১,০৮৪ আৰু মুঠ নূন্যতম সমৰ্থন মূল্য হল প্ৰায় ১,০৮২.৪৬৪ কোটি টকা।

ইফালে, ২০২০-২১ খাৰিফ মাৰ্কেটিং ছিজনৰ বাবে ১ অক্টোবৰৰ পৰা কপাহ ক্ৰয় আৰম্ভ হৈছে। ৩ অক্টোবৰ পৰ্যন্ত ভাৰতীয় কপাহ কৰ্পোৰেচনে নূন্যতম সমৰ্থন মূল্যৰ অধীনত ৪০.৮০লাখ মূল্যৰ ১৪৭ বস্তা কপাহ ক্ৰয় কৰিছে। ইয়াৰ ফলত ২৯গৰাকী কৃষক উপকৃত হৈছে।

 

****

APS/MS/MS



(Release ID: 1661690) Visitor Counter : 111