বিজ্ঞান আৰু প্ৰযুক্তি মন্ত্ৰালয়

ধানত হোৱা ৰোগৰ বাবে উৎপাদন হ্ৰাস ৰোধ কৰিবলৈ প্ৰতিষেধকৰ দিশে অগ্ৰসৰ

ধানৰ ৰোগ প্ৰতিৰোধ প্ৰণালী সক্ৰিয়কৰণৰ অৰ্থে প্ৰতিষেধক হিচাপে ব্যৱহাৰ কৰিব পৰা নতুন ৰোগ নিয়ন্ত্ৰণ কৌশলৰ বিকাশ সাধন ডঃ তায়ী লাৱণ্য আৰু তেওঁৰ টীমৰ

Posted On: 04 OCT 2020 6:18PM by PIB Guwahati

আমি ধানৰ ৰোগ প্ৰতিৰোধ প্ৰণালী বৃদ্ধি কৰিব পৰা এটা প্ৰতিষেধকৰ বিকাশ সাধন কৰিছো। এজন বিজ্ঞানীয়ে এই কৌশল নিৰ্ণয় কৰি উলিয়াইছে যাৰ জৰিয়তে ধানৰ ক্ষেত্ৰত উৎপত্তি হোৱা গুৰুতৰ বেক্টেৰিয়াজনিত পাত ক্ষয়কাৰী ৰোগৰ কাৰক ছু (Xanthomonas oryzaepv. oryzae) নামৰ বেক্টেৰিয়াটোক নাশ কৰিব পৰা যাব। ই ধান গছজোপাৰ সংস্পৰ্শলৈ অহাৰ বাবেই ৰোগৰ উৎপত্তি হয়।

ভাৰত চৰকাৰৰ বিজ্ঞান ও প্ৰযুক্তি বিভাগৰ ডিএছটি-ইনছপায়াৰ ফেকাল্টি ফেলশ্বিপ লাভ কৰোতা তথা ওছমানিয়া বিশ্ববিদ্যালয়, হায়দৰাবাদৰ চেন্টাৰ ফৰ প্লান্ট মলিকুলাৰ বাঅলজি (CPMB)ত কৰ্মৰত ডঃ তায়ী লাৱণ্য আৰু তেওঁৰ গৱেষণা দলে এনে কিছুমান অণু চিনাক্তকৰণ আৰু বিকাশ সাধনত ব্যস্ত হৈ আছে যে যাক হয় ছু বেক্টেৰিয়া নহয় সংক্ৰমিত ধান কোষৰ বেৰৰপৰা নিষ্পন্ন কৰিব পৰা হব।

এই টীমটোৱে নতুন ৰোগ নিয়ন্ত্ৰণ কৌশলৰ বিকাশ সাধন কৰি আছে যাক তেওঁলোকে ধানৰ ৰোগ প্ৰতিৰোধ প্ৰণালীক সক্ৰিয় কৰি তুলিব পৰা প্ৰতিষেধক হিচাপে ব্যৱহাৰ কৰিব পাৰে আৰু ৰোগজনক শক্তিৰদ্বাৰা উত্তৰকালীন সংক্ৰমণৰপৰা ধান গছজোপাক প্ৰতিৰোধ ক্ষমতা আগবঢ়াব পাৰে।

Xanthomonas oryzaepv. oryzae বা সাধাৰণভাৱে ছু সংক্ৰমণ হিচাপে জনাজাত ই সমগ্ৰ বিশ্বখনৰে ধান খেতিৰ ব্যাপক উৎপাদন হ্ৰাসৰ কাৰক হিচাপে দেখা দি আহিছে। ছুৰদ্বাৰা লব্ধ এটা কোষ দেৱাল অধঃপতিত এনজাইম চেলুলজৰে ধানৰ চিকিৎসাই ধানৰ ৰোগ প্ৰতিৰোধ সঁহাৰি প্ৰণোদিত কৰি তোলে আৰু ছুৰ উত্তৰকালীন সংক্ৰমণৰপৰা ধান গছজোপাক সুৰক্ষিত কৰে।

ডঃ লাৱণ্য নেতৃত্বাধীন টীমটোৱে ছুৰদ্বাৰা লব্ধ গা-গছ কোষ দেৱাল অধঃপতিত এনজাইম সন্দৰ্ভত বাঅকেমিকেল আৰু ফাংছনেল অধ্যয়ন চলায়, ইয়াৰ ফলত ছু ৰোগজনক শক্তিয়ে কিদৰে ধান গছৰ সংস্পৰ্শলৈ আহে আৰু ৰোগৰ সৃষ্টি কৰে, তাৰে ভালেখিনি তথ্য আহৰণ কৰাটো সম্ভৱ হৈ উঠে।

ডঃ লাৱণ্যৰ মতে, এই অধ্যয়নটোৱে ধানৰ প্ৰতিৰোধ সঁহাৰিৰ অভূতপূৰ্ব তথ্য পোহৰলৈ আনিব আৰু গা-গছৰ ৰোগজনক শক্তিৰ সংস্পৰ্শৰ প্ৰাথমিক দৃষ্টিকোণ সন্দৰ্ভত নতুন তথ্যৰ সঞ্চাৰ কৰিব। যাৰ সহায়ত ধানৰ ওপৰিও এই প্ৰজাতিৰ শস্যৰ উৎপাদন হ্ৰাসৰ সমস্যা ৰোধ কৰিবপৰা যাব। অধ্যয়নটোৰ সফল হৈ উঠাত এই বাবেই গুৰুত্ব আৰোপ কৰা হৈছে যে বিশ্বৰ অতিকমেও আধাসংখ্যক লোকে খেতিৰ ওপৰত নিৰ্ভৰশীল। অথচ ধান বা এই জাতীয় শস্যত উক্ত ৰোগবিধৰ ফলত ইয়াৰ উৎপাদন হ্ৰাস হৈ আহিছে।

[অধিক সৱিশেষৰ বাবে, ডঃ তায়ী লাৱণ্য (tayi.lavanya3[at]gmail[dot]com) ৰ সৈতে যোগাযোগ কৰিব পাৰিব]

*****

NB/KGS/(DST MEDIA CELL)/SB



(Release ID: 1661684) Visitor Counter : 206