উত্তৰ-পূৰ্বাঞ্চল উন্নয়ন মন্ত্ৰালয়

ড০ জিতেন্দ্ৰ সিঙে ‘ডিস্ক’ভাৰিং দ্য হেৰিটেজ অৱ আছাম’ নামৰ ক’ফি টেবুল বুক উন্মোচন কৰে, পেংগুইনে প্ৰকাশ কৰা এই গ্ৰন্থৰ আগকথা লিখিছে অমিতাভ বচ্চনে

Posted On: 04 OCT 2020 6:59PM by PIB Guwahati

উত্তৰ-পূব উন্নয়ন দপ্তৰৰ কেন্দ্ৰীয় ৰাজ্যিক স্বতন্ত্ৰ মন্ত্ৰী; প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়ৰ ৰাজ্যিক মন্ত্ৰী; ব্যক্তিগত, ৰাজহুৱা অভিযোগ দাখিল, পেঞ্চন, আণৱিক শক্তি আৰু মহাকাশ বিভাগৰ কেন্দ্ৰীয় মন্ত্ৰী ড০ জিতেন্দ্ৰ সিঙে আজি ডিস্কভাৰিং দ্য হেৰিটেজ অৱ আছাম নামৰ কফি টেবুল বুক উন্মোচন কৰে। গ্ৰন্থখন পেংগুইনে প্ৰকাশ কৰিছে আৰু ইয়াৰ আগকথা লিখিছে অমিতাভ বচ্চনে।

চকচকীয়া কাগজত আকৰ্ষণীয় ছবি আৰু ফটোগ্ৰাফ সন্নিবিষ্ট বৃহৎ কলেবৰৰ কফি টেবুল গ্ৰন্থখনে উত্তৰ-পূৰ্বাঞ্চলৰ বিভিন্ন জাতি-জনগোষ্ঠীৰ চহকী ঐতিহ্য, আস্থা, বিশ্বাস আৰু পৰম্পৰাক প্ৰতিফলিত কৰিছে।

উন্মোচনী অনুষ্ঠানত ড০ জিতেন্দ্ৰ সিঙে গ্ৰন্থখনৰ লিখক পদ্মপানী বৰাক অভিনন্দন জ্ঞাপন কৰে। বৰা ভাৰতীয় ৰাজহ সেৱা(আইআৰএছ-২০০৯বেটছ)ৰ এগৰাকী বিষয়া যদিও বিগত বছৰসমূহত তেওঁ নিজকে এগৰাকী দক্ষ লেখক হিচাপে পৰিচয় দিবলৈ সক্ষম হৈছে। তেওঁৰ গ্ৰন্থৰ বিষবস্তু হল উত্তৰ-পূৰ্বাঞ্চলৰ বৈচিত্ৰময় কলা-সংস্কৃতি।

ড০ জিতেন্দ্ৰ সিঙে কয় যে পদ্মপানী বৰাৰ গ্ৰন্থখনে অসমৰ বিষয়ে বহুতো অজান তথ্যৰ গৌৰৱময় অধ্যায় উন্মোচিত কৰিব। তেওঁ এই কফি টেবুল গ্ৰন্থখনৰ ব্যাপক প্ৰচাৰ কৰিবলৈ সকলোকে আহ্বান জনায়। মন্ত্ৰীগৰাকীয়ে আশা প্ৰকাশ কৰে যে বৰাৰ সৃষ্টি কেৱল যাতে গ্ৰন্থৰ পাততে আৱদ্ধ হৈ নাথাকে আৰু উত্তৰ-পূৰ্বাঞ্চলৰ সংস্কৃতি আৰু ঐতিহ্যৰ প্ৰতি তেওঁ যেন সেৱা আগবঢ়াই যায়।

<><><><><>

SNC/MS



(Release ID: 1661682) Visitor Counter : 107