স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰালয়
ছানডে সংবাদ-৪ত ছচিয়েল মিডিয়া ব্যৱহাৰকাৰীৰে বাৰ্তালাপ ডঃ হৰ্ষ বৰ্দ্ধনৰ
‘চৰকাৰে কভিড-১৯ৰ ৪০০-৫০০ নিযুত পালি ছীটা লাভ আৰু ব্যৱহাৰ কৰাৰ পৰিকল্পনা কৰিছে ’
‘চৰকাৰৰ লক্ষ্য হৈছে জুলাই ২০২১ৰ ভিতৰত ২০-২৫ কোটি লোকক সামৰি লোৱা’
‘অক্টোবৰৰ শেষৰ পৰা ৰাজ্যসমূহক প্ৰাথমিকতা জনসংখ্যা গোটৰ বিৱৰণ প্ৰেৰণ কৰিবলৈ পৰামৰ্শ দিয়া হৈছে’
‘কভিড-১৯ টীকাকৰণত আটাইতকৈ গুৰুত্ব প্ৰদান কৰা হব প্ৰথম শ্ৰেণীৰ স্বাস্থ্য কৰ্মীসকলক’
‘ভেকচিন ক্ৰয় কেন্দ্ৰীয়ভাৱে কৰা হৈছে আৰু ভেকচিনৰ প্ৰতিটো চালান সময়ত লাভ কৰা হ’ব ’
‘ভাৰতীয় ভেকচিন নিৰ্মাতাৰ বাবে সম্পূৰ্ণ চৰকাৰী সমৰ্থন আগবঢ়োৱা হৈছে’
‘কভিড-১৯ মানৱ প্ৰত্যাহ্বান পৰীক্ষণত ভাৰতৰ অংশগ্ৰহণৰ কোনো পৰিকল্পনা নাই’
‘ভেকচিনৰ বাবে সমতা স্থাপন নিশ্চিত কৰাৰ বাবে সকলো ব্যৱস্থা গ্ৰহণ কৰিবলৈ চৰকাৰ প্ৰতিশ্ৰুতিবদ্ধ’
Posted On:
04 OCT 2020 2:26PM by PIB Guwahati
চতুর্থ ছানডে সংবাদ অনুষ্ঠানত তেওঁৰ ছচিয়েল মিডিয়া ব্যবহাৰকাৰীসকলে কৰা প্রশ্নৰ উত্তৰ দিয়ে কেন্দ্রীয় স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্রী ডঃ হর্ষবর্ধনে। এইবাৰৰ ছানডে সংবাদ পর্বৰ প্রশ্নসমূহৰ অধিকাংশই কভিড টীকা সম্পর্কীয় বিষয়ৰ। ডঃ হর্ষ বর্ধনে ধৈৰ্যসহকাৰে এই সকলো প্রশ্নৰ উত্তৰ দিয়াৰ লগতে কভিডৰ ক্ষেত্রত প্লাজমা থেৰাপি ব্যবহাৰ, ২০২৫–ৰ ভিতৰত দেশৰ পৰা যক্ষ্মা নিৰ্মূলকৰণ সহ দেশৰ বিদ্যালয়সমূহ পুনৰ খোলাৰ বিষয়তো একাধিক প্রশ্নৰ উত্তৰ দিয়ে তেওঁ।
টীকা বিতৰণৰ ক্ষেত্রত অগ্রাধিকাৰ সম্পর্কীয় প্রশ্নৰ উত্তৰত ডঃ হর্ষ বর্ধন কয়, স্বাস্থ্য মন্ত্রালয়ে এটি ফৰমেট বা পদ্ধতি তৈয়াৰৰ কাম কৰি আছে। য’ত ৰাজ্যসমূহে কোন শ্রেণীৰ বা বয়সৰ মানুহক অগ্রাধিকাৰ দিব, তাৰ তালিকা জমা দিব। এইক্ষেত্রত ৰাজ্যসমূহে টীকা লাভ কৰাৰ ক্ষেত্রত কভিড-১৯ বিৰোধী যঁজৰ সৈতে জড়িত স্বাস্থ্য কর্মীসকলৰ ওপৰত বিশেষ অগ্রাধিকাৰ দিব পাৰিব। কভিড-১৯ বিৰোধী যুঁজত প্ৰথম শাৰীত থিয় দিয়া স্বাস্থ্য কর্মীসকলৰ ভিতৰত চৰকাৰী আৰু বেচৰকাৰী উভয় ক্ষেত্রৰ চিকিৎসক, নাৰ্ছ, পেৰা-মেডিক্স, চাফাই কর্মী, আশা কর্মী, ছার্ভিলেন্স বিষয়াসকল সহ কৰ’না ৰোগীসকলৰ চিনাক্তকৰণ, তেওঁলোকৰ নমুনা পৰীক্ষা আৰু চিকিৎসা সেৱাত জড়িত ব্যক্তিসকলে অগ্রাধিকাৰ লাভ কৰিব। অগ্রাধিকাৰৰ ভিত্তিত তালিকা প্ৰস্তুতিৰ কাম চলিত মাহৰ শেষত সম্পূর্ণ হৈ উঠিব বুলিও তেওঁ আশা প্রকাশ কৰে। মন্ত্রালয়ৰ ফালৰ পৰা ৰাজ্যসমূহক এই সংক্রান্তীয় বিস্তাৰিত বিৱৰণ যিমান পাৰি সোনকালে জমা দিয়াৰ বাবে নিৰ্দেশ দিয়া হৈছে। কেন্দ্রীয় চৰকাৰে ৪০০-৫০০ নিযুত পালি টীকাৰ সঠিক পৰিচালনাৰ বাবে প্রয়োজনীয় পৰিকল্পনা গ্রহণ কৰিছে। অহা বছৰৰ জুলাই মাহৰ ভিতৰত প্রায় ২০-২৫ কোটি মানুহক টীকা দিয়াৰ পৰিকল্পনা কৰা হৈছে। তেওঁ আৰু কয়, সমগ্র পৰিকল্পনা চূড়ান্ত কৰাৰ সময়ত কভিড-১৯ৰোগৰ এই ধৰণৰ টীকাৰ কার্যকৰিতাৰ ওপৰতো চৰকাৰে নজৰ দি আছে।
ডঃ হর্ষবর্ধনে আৰু কয়, কভিড টীকা সংগ্রহৰ পৰা ৰাজ্যসমূহক বিতৰণ আৰু সুচাৰুৰূপে সমগ্র প্রক্রিয়া সম্পন্ন কৰাৰ বাবে নীতি আয়োগৰ স্বাস্থ্য বিষয়ক সদস্য শ্রী ভি কে পলৰ অধ্যক্ষতাত এখন উচ্চস্তৰীয় কমিটি গঠন কৰা হৈছে। টীকা সংগ্রহৰ প্রক্রিয়াটো কেন্দ্রীয়ভাৱে পৰিচালিত হৈছে আৰু এই টীকা যিসকলক সকলোতকৈ বেছি প্রয়োজন, তেওঁলোকৰ যাতে আগেয়ে লাভ কৰিব পাৰে তাৰ ওপৰত গুৰুত্ব দিয়া হৈছে।
পাঞ্জাৱৰ কিছু এলেকাত এক শ্রেণীৰ মানুহৰ মাজত যি ভুল ধাৰণৰ সঞ্চাৰ হৈছে, সেই সন্দৰ্ভত ডঃ হর্ষবর্ধনে সুষ্ঠ-সবল ব্যক্তিৰ অংগ-প্ৰত্যংগ বিনিময়ৰ বাবে চৰকাৰে সুপৰিকল্পিতভাবে কভিড মহামাৰীৰ সৃষ্টি কৰা বুলি উঠা অভিযোগ স্পষ্টভাবে খণ্ডন কৰে। তেওঁ আৰু কয়, চৰকাৰে ৰাজহ ঘাটি কমাবলৈ কভিড-১৯ আপাতকালীন পৰিস্থিতি মোকাবিলা কৰাৰ বাবে বিভিন্ন আন্তর্জাতিক প্রতিষ্ঠানৰ পৰা যি ১৫ হাজাৰ কোটি টকা লাভ কৰিছে সেয়া ব্যবহাৰ নকৰে।
ডঃ হর্ষ বর্ধনে আন এক প্রশ্নৰ উত্তৰত আশ্বস্ত কৰি কয়, টীকাৰ কলাবজাৰ বা বে-আইনি মজুতৰ কোনো সম্ভাৱনা নাই। এই প্রসংগত তেওঁ কয়, কভিড টীকা সংগ্রহৰ পৰা বিতৰণলৈকে সমগ্র প্রক্রিয়াতো সুপৰিকল্পিতভাৱে প্রণয়ন কৰা হৈছে আৰু অগ্রাধিকাৰৰ ভিত্তিত এই টীকা সৰবৰাহ কৰা হ’ব। ইয়াৰ ফলত সমগ্র প্রক্রিয়াত স্বচ্ছতা আৰু দায়বদ্ধতা সুনিশ্চিত হ’ব। একেই ধৰণৰ আৰু বহু প্রশ্নৰ উত্তৰত ডঃ হর্ষবর্ধনে কয়, কোনো এটি টীকার সর্বোচ্চ গুণমানৰ বিষয়ত মন্তব্য কৰা সমীচীন নহয়। যেতিয়া একাধিক টীকাৰ যোগান চৰকাৰৰ ওচৰত থাকে, তেতিয়া সেইসমূহ প্রত্যেকটোৰ কার্যকাৰিতাই সমান হব। এই সন্দৰ্ভত তেওঁ কয়, সকলো টীকা যিবোৰৰ গুণমান, কার্যকাৰিতা আৰু অন্যান্য স্বতন্ত্র বৈশিষ্ট্যসমূহ প্রমাণিত হৈছে, সেইসমূহকে গুৰুত্ব দিয়া হ’ব।
ভাৰততত বিভিন্ন ধৰণৰ ক্লিনিকেল ট্রায়েল সন্দৰ্ভত এক প্রশ্নৰ উত্তৰত ডঃ হর্ষবর্ধনে কয়, দেশত প্রস্তাৱিত সকলো ক্লিনিকেল ট্রায়েল ড্রাগ কন্ট্রোলাৰ জেনেৰেল অব ইন্ডিয়াৰ ফালৰ পৰা গঠিত এখন বিশেষজ্ঞ কমিটিয়ে প্রণয়ন কৰা নীতিসমূহ অনুসৰণ কৰি কার্যকৰী কৰা হৈছে। সম্প্রতি, ডিচিজিআই-ৰ ফালৰ পৰাও ভাৰতত কভিড-১৯ টীকাৰ অনুজ্ঞাপত্ৰৰ পৰীক্ষামূলক প্রয়োগৰ ক্ষেত্রত নিয়ন্ত্রণমূলক ব্যৱস্থা কার্যকৰী কৰাৰ বাবে খচৰা নীতি-নির্দেশিকা প্ৰস্তুত কৰা হৈছে। ৰাছিয়াৰ স্পুটনিক-V টীকাৰ তৃতীয় পর্যায়ৰ ক্লিনিকেল ট্রায়েল সম্পর্কীয় প্রশ্নৰ উত্তৰত ডঃ হর্ষ বর্ধনে স্পষ্টভাবে কয়, বিষয়টো লৈ চিন্তা-ভাৱনা কৰা হৈছে, কোনো চূড়ান্ত সিদ্ধান্ত গ্রহণ কৰা হোৱা নাই।
টীকা লোৱাৰ পাছত শৰীৰত বিভিন্ন প্রতিকূল অবস্থা দেখা দিয়াটো সাধাৰণ কথা। এই বিষয়ত ডঃ হর্ষ বর্ধে কয়, টীকা লোৱাৰ পাছত ইঞ্জেকশ্যনৰ স্থানত বিষ হ’ব পাৰে, সাধাৰণ জ্বৰ হ’ব পাৰে বা মূৰ ঘূৰণিৰ ভাব থাকিব পাৰে। কিন্তু এই সকলোবোৰ সাধাৰণ লক্ষণ। ইয়াৰ ফলত, টীকাৰ কার্যকাৰিতাৰ ওপৰত কোনো প্রভাৱ নপৰে।
কভিড টীকাৰ এপালি বা দুপালি ডোজ প্রসংগত তেওঁৰ নিজস্ব চিন্তাভাবনা প্রকাশ কৰি ডঃ হর্ষ বর্ধনে কয়, মহামাৰী দ্রুত নিয়ন্ত্রণত টীকাৰ এপালি ডোজ অত্যন্ত জৰুৰী। অৱশ্যে, এপালি ডোজ ব্যৱহাৰ কৰি প্রত্যাশিত পৰিণাম বহু সময়ত লাভ কৰা নাযায়। সেইক্ষেত্রত টীকাৰ দুপালি ডোজ ৰোগ-প্ৰতিৰোধক ক্ষমতা বৃদ্ধি কৰিবলৈ অত্যন্ত কার্যকৰী হৈ উঠিব পাৰে।
বিদ্যালয়সমূহ পুনৰ খোলাক লৈ একাধিক প্রশ্নৰ উত্তৰত ডঃ হর্ষ বর্ধনে গৃহ পৰিক্ৰমা মন্ত্রালয়ৰ নীতি-নির্দেশনাৰ কথা উল্লেখ কৰি কয়, ছাত্র-ছাত্রীসকলে স্কুললৈ আহিবলৈ হলে অভিভাবকসকলৰ লিখিত সম্মতি লৈ অহাটো আৱশ্যকীয়।
ডঃ হর্ষ বর্ধন আৰু কয়, দেশত যক্ষ্মা প্রতিৰোধৰ ক্ষেত্ৰত যি সাফল্য লাভ কৰা হৈছে, সেয়া যাতে কভিড মহামাৰীৰ ফলত কোনো কাৰণতেই বিঘ্নিত নহয়, তাক সুনিশ্চিত কৰিবলৈ মন্ত্রালয়ে একাধিক পদক্ষেপ গ্ৰহণ কৰিছে। এই লক্ষ্যৰে মন্ত্রালয়ৰ যক্ষ্মা নিয়ন্ত্রণ ডিভিজনে ৰাজ্য-কেন্দ্ৰীয় শাসিত অঞ্চলসমূহক আগতীয়া নীতি-নিৰ্দেশনা প্ৰেৰণ কৰিছে। তেওঁ জোৰ দি কয়, বর্তমান পৰিস্থিতি প্রতিকূল হোৱা সত্ত্বেও দেশৰ পৰা ২০২৫ চনৰ ভিতৰত যক্ষ্মা নিৰ্মূলকৰণৰ বাবে চৰকাৰ অংগীকাৰবদ্ধ।
আসন্ন উৎসৱৰ বতৰ সম্পর্কে এক প্রশ্নৰ উত্তৰত ডঃ হর্ষ বর্ধে প্রধানমন্ত্রীৰ ‘জান হ্যায় তো জাহান হ্যায়’ৰ উদ্ধৃতি উল্লেখ কৰি কয়, আমি উৎসৱৰ আনন্দ তেতিয়াহে উপভোগ কৰিব পাৰো, যেতিয়া আমি নিজে সুস্থ থাকো। আসন্ন উৎসৱৰ বতৰত পূজাৰ পেণ্ডেল নিৰ্মাণ কৰাৰ সিদ্ধান্ত সংশ্লিষ্ট ৰাজ্য চৰকাৰসমূহৰ। ইতিমধ্যে মহাৰাষ্ট্র সহ একাধিক ৰাজ্যই প্ৰয়োজনীয় নীতি-নিৰ্দেশনা জাৰি কৰিছে-
ডঃ হর্ষ বর্ধনে উৎসৱ বতৰত সকলো বয়সৰ লোককে কভিড আচৰণ বিধি মানি চলিবলৈ অনুৰোধ জনাইছে।
ছানডে সংবাদৰ চতুর্থ পর্ব চাবলৈ তলৰ লিংকসমূহত ক্লিক কৰক :
টুইটাৰ : https://twitter.com/drharshvardhan/status/1312659867224612864
ফেচবুক : https://www.facebook.com/watch/?v=3281142565296376
ইউটিউব : https://www.youtube.com/watch?v=fF1Vpsn4Z2w
ডিএইচভি এপ : http://app.drharshvardhan.com/download
***************************************************************
MV/KG
(Release ID: 1661681)
Visitor Counter : 401
Read this release in:
English
,
Urdu
,
Marathi
,
Hindi
,
Bengali
,
Manipuri
,
Punjabi
,
Odia
,
Tamil
,
Telugu
,
Malayalam