যুৱ পৰিক্ৰমা আৰু ক্ৰীড়া মন্ত্ৰালয়
ভাৰতীয় ক্ৰীড়া প্ৰাধিকৰণে উন্নত প্ৰদৰ্শনকাৰী এথলীটৰ বাবে জাৰি কৰিলে এছঅ’পি
प्रविष्टि तिथि:
03 OCT 2020 2:15PM by PIB Guwahati
প্ৰতিগৰাকী খেলুৱৈৰ স্বাস্থ্য আৰু ফিটনেছৰ প্ৰতি লক্ষ্য ৰাখি ভাৰতীয় ক্ৰীড়া প্ৰাধিকৰণে ছাই কেন্দ্ৰত প্ৰশিক্ষণ চলাই থকা আৰু কোভিড পজিটিভ হোৱা উন্নত প্ৰদৰ্শনকাৰী এথলীটৰ বাবে গাইডলাইন(এছঅ’পি)জাৰি কৰিছে।
‘গেৰাণ্টেটেড ৰিটাৰ্ণ টু প্লে’(জিআৰটিপি)নামৰ এই নতুন গাইডলাইনৰ অধীনত সকলো ছাইৰ বিষয়ববীয়া আৰু কেন্দ্ৰসমূহক কোৱা হৈছে যে তেওঁলোকে কোভিড-১৯ পজিটিভ হোৱা আৰু ছাই কেন্দ্ৰত অনুশীলন চলাই থকা এথলীটসকলৰ অগ্ৰগতি নিৰীক্ষণ কৰিব।
নতুন গাইডলাইনৰ অধীনত ছাইৰ সকলো বিষয়ববীয়াক কোভিড-১৯ পজিটিভ হোৱা এথলীটসকলৰ প্ৰশিক্ষণ সন্দৰ্ভত কঠোৰ নিৰ্দেশ দিয়াৰ লগতে অতিৰিক্ত দায়িত্ব অৰ্পণ কৰা হৈছে।
ছাই-এ লগতে কোভিড-১৯ৰ সংক্ৰমণৰ মূল্যায়ন নিশ্চিত কৰিবলৈ প্ৰতিটো কেন্দ্ৰত মেডিকেল আৰু পেৰামেডিকেল বিশেষজ্ঞ নিযুক্ত কৰিব। তেওঁলোকে এছঅ’পিৰ অধীনষ্ঠ গাইডলাইনসমূহৰ সঠিক ৰূপায়নত সহায় কৰিব।
একেদৰে, প্ৰশিক্ষকসকলক এথলীটৰ শাৰিৰীক গতিবিধি নিৰীক্ষণ কৰিবলৈ নিৰ্দেশ দিয়া হৈছে। মেডিকেল আৰু পেৰামেডিকেল ষ্টাফক নিয়মীয়াকৈ এথলীটৰ অগ্ৰগতি নিৰীক্ষণ কৰি তেওঁলোকক পৰ্যায়ক্ৰমে অনুশীলন আৰম্ভ কৰাৰ ক্ষেত্ৰত পৰামৰ্শ আগবঢ়াব।
*******
NB/OA/MS
(रिलीज़ आईडी: 1661552)
आगंतुक पटल : 242