পৰ্যটন মন্ত্ৰালয়

মহাত্মা গান্ধীৰ জন্ম বাৰ্ষিকীৰ সোঁৱৰণত পৰ্যটন মন্ত্ৰালয়ে দেখো অপনা দেশ ৱেবিনাৰ ছিৰিজৰ অধীনত আয়োজন কৰিলে ‘চৰ্খে পে চৰ্চা’ শীৰ্ষক ৱেবিনাৰ

Posted On: 03 OCT 2020 1:14PM by PIB Guwahati

কেন্দ্ৰীয় পৰ্যটন মন্ত্ৰালয়ে মহাত্মা গান্ধীৰ জন্ম বাৰ্ষিকীৰ সোঁৱৰণত ২ অক্টোবৰ,২০২০ত দেখো অপনা দেশ ৱেবিনাৰ ছিৰিজৰ অধীনত চৰ্খে পে চৰ্চা শীৰ্ষক ৱেবিনাৰৰ আয়োজন কৰে। চৰ্খে পে চৰ্চা শীৰ্ষক ৱেবিনাৰখনত যঁতৰ আৰু খাদীৰ ওপৰত গুৰুত্ব প্ৰদান কৰা হয়। খাদী দেশৰ স্বৰাজ আৰু স্বাৱলম্বনৰ এক ৰূপক। বিশ্ব ইতিহাসত ভাৰতৰ ঔপনিৱেশিকতা বিৰোধী যঁজত বিদেশী কাপোৰ বৰ্জন কৰি হস্ত নিৰ্মিত খাদী আৰু যঁতৰত কঁটা দেশীয় সূতাৰে নিৰ্মিত কাপোৰে বিশেষ স্থান লাভ কৰিছিল। ভাৰতৰ ৰাজনৈতিক ইতিহাসত যঁতৰ এক সংবেদনশীলতাৰ প্ৰতীক। মহাত্মা গান্ধীৰ আত্মনিৰ্ভৰ গাঁও আৰু যঁতৰত কঁটা সূতাৰে তৈয়াৰী কাপোৰৰ ব্যৱহাৰৰ দৃষ্টিভংগীয়ে এক অন্য মাত্ৰা লাভ কৰিছিল। ৱেবিনাৰত ভাৰতৰ স্বাধীনতা সংগ্ৰামত খাদীয়ে যে এক অন্য মাত্ৰা প্ৰদান কৰিছিল সেয়া দাঙি ধৰা হয় আৰু সমসাময়িক কালত খাদীৰ পোছাক ব্যৱহাৰ আৰু বাপুৰ বাণী প্ৰচাৰৰ ক্ষেত্ৰত বেংগালুৰুৰ এনআইএফটিৰ ভূমিকা অন্বেষণ কৰা হয়।

অনুষ্ঠানত বেংগালুৰুৰ এনআইএফটিৰ সঞ্চালক শ্ৰীমতী সুশান থমাছ, ডিজাইন স্পেচ বিভাগৰ সহযোগী অধ্যাপক শ্ৰী প্ৰশান্ত কচুভেটিল চেৰিয়ান উপস্থিত থাকে। দক্ষিণ আফ্ৰিকাত আইনজীৱি হিচাপে গান্ধীজীয়ে কৰ্মৰত অৱস্থাত পৰিধান কৰা থ্ৰী পিচ ছ্যুটৰ বিষয়ে অনুষ্ঠানৰ আৰম্ভণিতে আলোচনা কৰা হয়। ১৯১৫ চনত তেওঁ যেতিয়া ভাৰতলৈ ওভতি আহে তেতিয়া গান্ধীজীয়ে সাধাৰণ গুজৰাটী পোছাক পৰিধান কৰিছিল আৰু এই বিষয়তো ৱেবিনাৰত আলোকপাত কৰা হয়। ১৯১৫ চনত ৰবীন্দ্ৰনাথ ঠাকুৰে তেওঁক মহাত্মা নামেৰে অভিহিত কৰিছিল। তাৰ পাছৰে পৰা গান্ধীজীয়ে পশ্চিমীয়া পোছাক বৰ্জন কৰি খাদীৰ ব্যৱহাৰ আৰম্ভ কৰে, যি আমৃত্যু পৰ্যন্ত তেওঁৰ সংগী আছিল। এই বিষয়েও ৱেবিনাৰত আলোচনা কৰা হয়।

১৯১৮ চনত মহাত্মা গান্ধীয়ে ভাৰতৰ গাঁৱত বসবাস কৰা দৰিদ্ৰ মানুহৰ জীৱন ধাৰণৰ মান উন্নত কৰাৰ লক্ষ্যেৰে সাহায্য অভিযান হিচাপে খাদীৰ বাবে আন্দোলন আৰম্ভ কৰে। মূলতঃ বয়ন ক্ষেত্ৰত স্বনিৰ্ভৰতা অনাৰ বাবেই এই আন্দোলন আৰম্ভ কৰা হয়। প্ৰতিখন গাঁৱতে সূতা তৈয়াৰীৰ বাবে কেঁচা মালৰ খেতি কৰা, পুৰুষ আৰু মহিলাসকলক সূতা প্ৰস্তুত প্ৰক্ৰিয়াত যুক্ত কৰা আৰু সেই সূতাৰে তৈয়াৰী কাপোৰ ব্যৱহাৰৰ বাবে উদ্বুদ্ধ কৰাত উদ্যোগ গ্ৰহণ কৰিছিল। গান্ধীজীৰ হাতত ধৰি খাদী আন্দোলনে এক অন্য মাত্ৰা লাভ কৰে। গান্ধীজীয়ে যেতিয়া ১৯২১ চনৰ ২০ ছেপ্টম্বৰত দ্বিতীয়বাৰৰ বাবে মাদুৰাই ভ্ৰমণলৈ যায় তেতিয়া পশ্চিম মাছী ষ্ট্ৰীটত কিছুদিন কটাইছিল। তেতিয়া তেওঁ দেখিছিল যে দিন হাজিৰা কৰা শ্ৰমিকসকলে চোলা অবিহনে কাম কৰিছিল। তেওঁলোকৰ এই দুৰ্দশাই গান্ধীজীৰ মনত গভীৰভাৱে চাপ পেলাইছিল। তেতিয়া তেওঁ নিজৰ পোছাক খুলি মাত্ৰ চাৰি মিটাৰ খাদীৰ ধূতি পৰিধান কৰিয়েই নিশা কটায়। ২২ ছেপ্টম্বৰত তেওঁ কামৰাজ ষ্ট্ৰিটৰ এক জনসভাৰ ভাষণত খাদীৰ প্ৰসংগ দাঙি ধৰে। ১৯৩৪-৩৫ চনত তেওঁ স্বাৱলম্বী গাঁও গঠনৰ উদ্দেশ্য দৰিদ্ৰ লোকসকলৰ সাহাযাৰ্থে বিশেষ উদ্যোগ গ্ৰহণ কৰে। ১৯৪২-৪৩ চনত দেশব্যাপী এই খাদীৰ পোছাক ব্যৱহাৰ সম্পৰ্কে চিন্তাভাৱনাৰ প্ৰসাৰ সম্পৰ্কে শ্ৰমিক আৰু গাঁৱৰ সংগঠনসমূহৰ সৈতে আলেচনাত মিলিত হয়। এইদৰে খাদী কেৱল মাত্ৰ এক কাপোৰৰ টুকুৰাই নহয়, জীৱনযাত্ৰালৈ পৰিণত হয়।

অনুষ্ঠানত শ্ৰী শ্ৰী প্ৰশান্ত কচুভেটিলে খাদীৰ যাত্ৰাপথৰ কাহিনী দাঙি ধৰে। ভাৰতত স্বাধীনতা সংগ্ৰামৰ প্ৰতীক হিচাপে খাদীৰ উত্পত্তি হৈছিল সবৰমতী আশ্ৰমত। এই আশ্ৰমৰ সকলো বাসিন্দাই ভাৰতীয় সূতাৰ পৰা তৈয়াৰী হাতে বোৱা কাপোৰ পৰিধান কৰিব লাগিছিল। আনকি গান্ধীজীয়েও কেৱল মাত্ৰ হাতে বোৱা ধূতিহে পৰিধান কৰিছিল।

কেন্দ্ৰীয় পৰ্যটন মন্ত্ৰালয়ৰ অতিৰিক্ত সঞ্চালক প্ৰধান ৰূপিন্দৰ ব্ৰাৰে কয়, খাদীৰ ঐতিহ্য আৰু সংস্কৃতিক লৈ কেৱল মাত্ৰ গৌৰৱ কৰা উচিত নহয়, খাদীৰ পোছাক কিনা আৰু সেয়া পৰিধান কি এই ক্ষেত্ৰৰ সৈতে জড়িত কাৰিকৰসকলক উত্সাহ প্ৰদান কৰা উচিত। এক ভাৰত শ্ৰেষ্ঠ ভাৰত কাৰ্যসূচীৰ অধীনত ভাৰতৰ সমৃদ্ধিশালী বৈচিত্ৰ্যক দাঙি ধৰিবলৈ দেখো অপনা দেশ ছিৰিজত এই বিষয়সমূহ তুলি ধৰা হৈছে বুলি তেওঁ জনায়।

দেখো অপনা দেশৰ ৱেবিনাৰ ছিৰিজসমূহ এতিয়া কেন্দ্ৰীয় পৰ্যটন মন্ত্ৰালয়ৰ ইউটিউব চেনেল https://www.youtube.com/channel/UCbzlbBmMvtvH7d6Zo_ZEHDA/featured আৰু মন্ত্ৰালয়ৰ অন্যান্য সামাজিক মাধ্যমত উপলব্ধ।

 

 

 

      

NB/AKJ/OA/KG



(Release ID: 1661492) Visitor Counter : 159