ক্ষুদ্ৰ, লঘূ আৰু মজলীয়া উদ্যম মন্ত্ৰালয়

গান্ধী জয়ন্তী উদযাপন কৰিবলৈ জম্মু আৰু কাশ্মীৰত কেভিআইচিৰ নিয়োগ অভিযান

Posted On: 02 OCT 2020 4:41PM by PIB Guwahati

খাদী আৰু গ্ৰামোদ্যোগ আয়োগে (কেভিআইচি) শুকুৰবাৰে মহাত্মা গান্ধীৰ ১৫১তম জন্ম জয়ন্তী উদযাপন কৰিবলৈ জম্মু আৰু কাশ্মীৰত কেইবাটাও নিয়োগ সৃষ্টিৰ কাম সম্পন্ন কৰে। কুমহাৰ সশক্তিকৰণ যোজনাৰ অধীনত, কেভিআইচিৰ অধ্যক্ষ শ্ৰী বিনয় কুমাৰ ছাক্সেনাই বাৰামুলাত ১০০টা কুমাৰ পৰিয়ালক বৈদ্যুতিক কুমাৰৰ চাক বিতৰণ কৰাৰ লগতে গাণ্ডেৰবাল আৰু পুলৱামা জিলাত ক্ৰিৱেল এম্ব্ৰইদাৰী আৰু ছ'জনি এম্ব্ৰইদাৰীৰ শিল্পীসকলৰ বাবে প্ৰশিক্ষণ শিবিৰ মুকলি কৰে। জম্মু আৰু কাশ্মীৰৰ বাৰামুলা জিলাত  তেওঁ এবিধ স্থানীয় জনপ্ৰিয় শিল্প ৱিল' ৱৰ্কৰ শিল্পীসকলৰ প্ৰশিক্ষণ মুকলি কৰে।

 

এই কাৰ্যসূচী হৈছে সমগ্ৰ দেশতে ১৫১তম গান্ধী জয়ন্তী উদযাপন কৰিবলৈ কেভিআইচিয়ে আয়োজন কৰা ১৫০টা বৃহ অনুষ্ঠানৰ অংশ। এই কাৰ্যসূচীয়ে ৰাজ্যখনত ৫০০ৰো অধিক লোকৰ জীৱিকাৰ পথ মুকলি কৰিব বুলি আশা কৰা হৈছে।

 

কেভিআইচিৰ অধ্যক্ষই স্থানীয় কেভিআইচি বিষয়াসকলক জম্মু আৰু কাশ্মীৰত এম্ব্ৰইদাৰী কাম আৰু কাশ্মীৰী হস্তনিৰ্মিত কাগজৰ সামগ্ৰী পেপাৰ মেচ তৈয়াৰ কৰিবৰ বাবে দুটা এছ এফ ইউ আৰ টি আই ক্লাষ্টাৰ স্থাপনৰ প্ৰক্ৰিয়া আৰম্ভ কৰিবলৈ পৰামৰ্শ দিয়ে। মাটিৰ পাত্ৰকে ধৰি কিছুমান অদ্বিতীয় সামগ্ৰী তৈয়াৰ কৰাৰ সক্ষমতা আৰু প্ৰতিভা থকা বুলি তেওঁ জম্মু আৰু কাশ্মীৰৰ শিল্পী সকলৰ প্ৰশংসা কৰে।

 

অনুষ্ঠানত কুমাৰসকলকে ধৰি কিছুসংখ্যক শিল্পীয়ে কেভিআইচিৰ অধ্যক্ষজনৰ সৈতে ভাব বিনিময় কৰে আৰু এটা উন্নত জীৱিকাৰ বাবে তেওঁ আগবঢ়োৱা সহযোগিতাৰ বাবে কৃতজ্ঞতা জ্ঞাপন কৰে। কেভিআইচিয়ে এটা বৈদ্যুতিক কুমাৰৰ চাক প্ৰদান কৰা এজন কুমাৰ মুস্তাকে কয় যে এতিয়া এই আহিলাৰ সহায়ত তেওঁৰ কাম আগতকৈ সহজ হ'ব আৰু মাটিৰ পাত্ৰ নিৰ্মাণৰ তেওঁৰ দৈনিক উপাদন বৃদ্ধি পোৱাৰ লগতে তেওঁৰ উপাৰ্জনো যথেষ্ট পৰিমাণে বৃদ্ধি পাব।

 

******

RCJ/RNM/IA



(Release ID: 1661167) Visitor Counter : 80