আয়ুষ

ৰাষ্ট্ৰীয় ডিজিটেল স্বাস্থ্য অভিযানৰ সৈতে সংগতি ৰাখি আয়ুষ খণ্ডৰ উদ্ভাসিত আয়ুষ গ্ৰীডৰ তথ্য-প্ৰযুক্তি সমৰ্থন

Posted On: 02 OCT 2020 11:45AM by PIB Guwahati

ৰাষ্ট্ৰীয় ডিজিটেল স্বাস্থ্য অভিযান (এনডিএইচএম)ৰ সৈতে সংগতি ৰাখি আয়ুষ খণ্ডক তথ্য প্ৰযুক্তিৰ সমৰ্থন প্ৰদান কৰিবলৈ আয়ুষ গ্ৰীডৰ সূচনা কৰা হৈছিল৷ এই সন্দৰ্ভত এক বৈঠকত সভাপতিত্ব কৰিছিল আয়ুষ গ্ৰীড দল আৰু এনডিএইচএমে ইতিমধ্যেই কেইবালানিও আলোচনা এই সন্দৰ্ভত আয়োজন কৰিছে৷ এই সংবদ্ধকৰণৰ দ্বাৰা আয়ুষ খণ্ড স্বাস্থ্য সেৱাৰ মূলসুঁতিৰ সৈতে সংযোজিত হ’ব৷

আয়ুষৰ সচিবে আয়ুষ গ্ৰীড প্ৰকল্পই গ্ৰহণ কৰা তথ্য প্ৰযুক্তিমূলক পদক্ষেপৰ শেহতীয়া স্থিতি পৰীক্ষণ কৰে৷ বিগত দুটা বছৰত আয়ুষ গ্ৰীড প্ৰকল্পই আয়ুষ খণ্ডৰ ডিজিটেল ব্যৱধান হ্ৰাস কৰা পৰিলক্ষিত হৈছে৷

আয়ুষ গ্ৰীড প্ৰকল্প মন্ত্ৰালয়ে ২০১৮ চনত সূচনা কৰিছিল৷ ইয়াৰ প্ৰধান উদ্দেশ্য আছিল আয়ুষ খণ্ডৰ সম্পূৰ্ণ ডিজিটেলাইজেছন কৰা৷ 

আয়ুষ গ্ৰীডৰ আন এক সফলতা হ’ল আয়ুষ সঞ্জীৱনী ম’বাইল এপ আৰু য়োগা লোকেটৰ ম’বাইল এপৰ উদ্ভাৱন৷

আয়ুষ গ্ৰীডৰ অধীনত আয়ুষ পেছাদাৰীসকলৰ বাবে পুণেৰ চি-ডেকৰ সহযোগিতাত এক কাষ্ট’মাইজড তথ্য-প্ৰযুক্তিৰ পাঠ্যক্ৰমৰো সূচনা কৰা হৈছিল৷ এই পাঠ্যক্ৰমৰ সৈতে প্ৰায় ২০০ আয়ুষ পেছাদাৰী লোক সংযোজিত হৈছে৷ আয়ুষ গ্ৰীডে সিদ্ধ প্ৰণালীৰ এক পাইলট প্ৰকল্প হিচাপে ১ নৱেম্বৰ ২০১৯ তাৰিখে চি-ডেকৰ সৈতে এক টেলিমেডিচিন কাৰ্যসূচী আৰম্ভ কৰিছিল৷ লকডাউনৰ সময়ৰে পৰা ইয়াক হোমিঅ’পেথী আৰু আয়ুৰ্বেদৰ বাবেও কাৰ্যকৰী কৰা হৈছে৷ ইয়াৰ জৰিয়তে প্ৰায় ২০,০০০ লোকলৈ সেৱা আগবঢ়োৱা হৈছে৷

আয়ুষ শিক্ষাৰ বাবে আয়ুষ নেক্সট শীৰ্ষক এক অভিলাসী প্ৰকল্প আৰম্ভ কৰিবলৈ ওলোৱা হৈছে৷ ইয়াক ইতিমধ্যেই বিকশিত কৰা হৈছে আৰু অতি শীঘ্ৰেই ইয়াক অনলাইন কৰা হ’ব৷ 

MV/SK/MANN



(Release ID: 1660954) Visitor Counter : 213