গ্ৰাহক পৰিক্ৰমা, খাদ্য আৰু ৰাজহুৱা বিতৰণ মন্ত্ৰালয়

এক দেশ এক ৰেচন কাৰ্ড আঁচনিৰ অধীনত ৰাষ্ট্ৰীয় পৰ্টেবিলিটী সমূহত যোগ দিলে তামিলনাডু আৰু অৰুণাচল প্ৰদেশে

অ’এনঅ’আৰচিৰ অধীনত যোগ দিলে দেশৰ ২৮খন ৰাজ্য/কেন্দ্ৰীয় শাসিত অঞ্চলে

Posted On: 01 OCT 2020 5:10PM by PIB Guwahati

এক দেশ এক ৰেচন কাৰ্ড আঁচনিৰ অধীনত ৰাষ্ট্ৰীয় পৰ্টেবিলিটী সমূহত দেশৰ ২৬ খন ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলৰ সৈতে একেশাৰী যোগ দিলে তামিলনাডু আৰু অৰুণাচলপ্ৰদেশে। এই ৰাজ্যসমূহক ৰাষ্ট্ৰীয় ক্লাষ্টাৰৰ সৈতে একীকৃত কৰাৰ বাবে আৱশ্যক প্ৰাৰম্ভিক গতিবিধিৰ যেনে-ইলেক্ট্ৰনিকছ পইণ্ট অৱ স্কেল-ইপিঅএছ ছফটৱেৰৰ উন্নীতকৰণ, কেন্দ্ৰীয় সাৰ্বজনীন বিতৰণ প্ৰণালী আৰু অন্য বিতৰণ ৰ্টেলৰ সৈতে একীককৰণ তথা প্ৰৱন্ধন, কেন্দ্ৰীয় ভাণ্ডাৰত ৰেচন কাৰ্ড হিতাধিকাৰীৰ তথ্যৰ উপলব্ধতা আৰু ৰাষ্ট্ৰীয় পৰ্টেবিলিটীৰ অধীনত লেনদেনৰ আৱশ্যক পৰীক্ষণৰ সম্পূৰ্ণ কৰিব পাৰে। ইয়াৰ সমান্তৰালভাৱে এক দেশ এক ৰেচন কাৰ্ড আঁচনিৰ অধীনত এতিয়া ২৮খন ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলে ইখনে সিখনৰ সৈকে অবাধ সংযোগ সাধন কৰিব পাৰিব। ইয়াৰ জৰিয়তে বেলেগ এখন ৰাজ্যৰ ব্যক্তিয়ে তেওঁ বসবাস কৰা ৰাজ্যখনৰ যিকোনো সূলভ মূল্যৰ দোকানত সেই ৰেচন কাৰ্ডৰ সুবিধা লাভ কৰিব।

উপভোক্তা পৰিক্ৰমা মন্ত্ৰালয়ৰ অধীনত খাদ্য আৰু ৰাজহুৱা বিতৰণ বিভাগ, এক দেশ এক ৰেচন কাৰ্ড আচনিৰ অধীনত ৰাষ্ট্ৰীয় খাদ্য সুৰক্ষা আইনৰ অধীনত পাবলগীয়া সকলো সুবিধা এই পৰ্টেবিলিটী কাৰ্যকৰী কৰিব।

এই সুবিধা থকা বাকী ৰাজ্যসমূহ হৈছে-অন্ধ্ৰপ্ৰদেশ, বিহাৰ, দাদৰা আৰু নগৰ হাভেলী, দমন আৰু দিউ, গোৱা, গুজৰাট, হাৰিয়ানা, হিমাচল প্ৰদেশ, ঝাৰখণ্ড, কেৰালা, কৰ্ণাটক, মধ্যপ্ৰদেশ, মহাৰাষ্ট্ৰ, মিজোৰাম, পাঞ্জাৱ, ৰাজস্থান, ছিকিম, তেলেংগানা, ত্ৰিপুৰা, আৰু উত্তৰপ্ৰদেশ, জম্মু আৰু কাশ্মীৰ, মনিপুৰ, নাগালেণ্ড, উত্তৰাখণ্ড, লাক্ষাদ্বীপ আৰু লাডাখ। বাকীথকা ৰাজ্যসমূহো ২০২১ৰ মাৰ্চৰ ভিতৰত সামৰি লোৱা হ’ব।

****

 

APS/SG/MS/DB



(Release ID: 1660946) Visitor Counter : 148