শক্তি মন্ত্ৰালয়

২০-২১ বিত্তীয় বৰ্ষৰ অৰ্থে বিস্তৃত লক্ষ্যৰে শক্তি মন্ত্ৰালয়ৰে বুজাবুজিৰ চুক্তিত স্বাক্ষৰ আৰইচিৰ

৩৫,০০০ কোটি টকাত ৰাজহ সংগ্ৰহৰ লক্ষ্য নিৰ্ধাৰণ, যি পূৰ্বৰ বৰ্ষৰ সফলতাতকৈ ১৭.৫% অধিক

পূৰ্বৰ বৰ্ষত ২৩.২৩% ৰ বিপৰীতে ২৮% ত স্থিৰ কৰা হৈছে অপাৰেটিং প্ৰফিট মাৰ্জিন টাৰ্গেট

Posted On: 01 OCT 2020 3:24PM by PIB Guwahati

চলিত বিত্তীয় বৰ্ষত আৰইচি লিমিটেডৰ অৰ্থে অভিলাসী টাৰ্গেট নিৰ্ধাৰণ কৰিছে ৰাজহুৱা প্ৰতিষ্ঠান বিভাগ (DPE)এ। ২০-২১ বিত্তীয় বৰ্ষৰ বাবে ৰাজহৰ নিৰ্ধাৰিত লক্ষ্য হৈছে ৩৫,০০০ কোটি টকা। যি যোৱা বৰ্ষৰ সফলতাতকৈ ১৭.৫% অধিক। যোৱা বৰ্ষত ২৩.২৩%ৰ বিপৰীতে স্থিৰ কৰা অপাৰেটিং প্ৰফিট মাৰ্জিন টাৰ্গেট হৈছে ২৮% আৰু ‘PAT as a % of Avg. Net worth’ প্ৰাচলৰ অৰ্থে ১৭% নিৰ্ধাৰণ কৰা হৈছে। যোৱা বৰ্ষত এয়া আছিল ১৪.০৫%। ভাৰত চৰকাৰৰ অভিলাসী কাৰ্যক্ৰম DDUGJY সম্পৰ্কীয় প্ৰাচলকে ধৰি আন কেতবোৰ প্ৰদৰ্শন-ভিত্তিক প্ৰাচল আৰু অনা-বিত্তীয় প্ৰাচলতো সন্মতি প্ৰকাশ কৰা যায়। এই বুজাবুজিৰ চুক্তিখনিত স্বাক্ষৰ কৰে আৰইচি লিমিটেডৰ চিএমডি শ্ৰী সঞ্জীৱ কুমাৰ গুপ্তা আৰু পিএফচি লিমিটেডৰ চিএমডি শ্ৰী ৰবিন্দৰ সিং ধীলনে।

অব্যাহত থকা মহামাৰী সত্বেও সৰ্বোত্তম স্তৰত এই লক্ষ্যত উপনীত হ’ব পাৰিব বুলি আৰইচি বিশ্বাসী হৈ উঠিছে। ৰাজ্যিক উপযোগিতাৰ অৰ্থে এটা বলিষ্ঠ সাহাৰ্য্য “আত্মনিৰ্ভৰ ভাৰত” আঁচনিৰপৰা আশা কৰিব পাৰি, যাৰ সহায়ত আৰইচিয়ে এই বৰ্ষৰ ভিতৰতে ৪৫০০০ কোটি টকাৰ লোন সাহাৰ্য্য আগবঢ়োৱাৰ পৰিকল্পনা গ্ৰহণ কৰিছে আৰু ফাইনেন্সিং লাৰ্জ নৱীকৰণযোগ্য শক্তি প্ৰকল্পসমূহক সহায় কৰাৰ পৰিকল্পনা কৰিছে। এই বৰ্ষৰ প্ৰথম ত্ৰৈমাসিকত অনুমোদন যোৱা বৰ্ষত আগবঢ়োৱা সাহাৰ্য্যতকৈ বৃদ্ধি পাইছে। তদুপৰি, ২০২০-২১ বিত্তীয় বৰ্ষৰ প্ৰথম ত্ৰৈমাসিকত, আৰইচিয়ে সৰ্বকালৰ অধিক লাভ হিচাপে ১,৮৩৯ কোটি টকা উপাৰ্জন কৰে। পূৰ্বে, কোনো ত্ৰৈমাসিকতে এনে সফলতা অৰ্জন কৰা নাছিল আৰইচিয়ে। অপাৰেশ্যনৰপৰা এই ত্ৰৈমাসিকটোৰ বাবে অৰ্জন কৰা ৰাজহৰ পৰিমাণ আছিল ৮,৪২১ কোটি টকা। যিয়ে বৰ্ষৰ শেষত নিৰ্ধাৰণ কৰা লক্ষ্যৰ সফলতাকে সূচিত কৰিছে। বুজাবুজিৰ চুক্তিখনিত যোৱা কেইবাবছৰে লক্ষ্যনীয় সফলতা অৰ্জন কৰা চিপিএছই আৰু আৰইচিৰ বাবে ষ্টেণ্ডাৰ্ড পাৰ্ফমেন্স মেজাৰ নিৰ্ধাৰণ কৰা হৈছে।

আৰইচি লিমিটেড সম্পৰ্কেঃ আৰইচি লিমিটেড হৈছে এটা নৱৰত্ন এনবিএফচি। ই সমগ্ৰ ভাৰতত শক্তি খণ্ডৰ ফাইনেন্সিং আৰু উন্নয়নত গুৰুত্ব আৰোপ কৰি আহিছে। ১৯৬৯ত স্থাপিত, আৰইচি লিমিটেডে ইয়াৰ অপাৰেশ্যনৰ ক্ষেত্ৰত পঞ্চাশৰো অধিক বছৰ সম্পূৰ্ণ কৰিছে। ই সমগ্ৰ শক্তি-খণ্ডৰ ভেল্যু শৃংখলত আৰ্থিক সাহাৰ্য্য আগবঢ়ায়। ইয়াৰোপৰি, শক্তি খণ্ডত দীনদয়াল উপাধ্যায় গ্ৰাম জ্যোতি যোজনা (DDUGJY), সৌভাগ্য ইত্যাদিৰ দৰে ভাৰত চৰকাৰৰ ধ্বজাবাহী আঁচনিসমূহৰ বাবে আৰইচি হৈছে ন’ডেল সংস্থাও।

RCJ/M/SB



(Release ID: 1660824) Visitor Counter : 88