বিত্ত মন্ত্ৰালয়

২০২০-২১ বিত্তীয় বৰ্ষত আগষ্ট মাহলৈকে ভাৰত চৰকাৰৰ একাউণ্টসমূহৰ মাহেকীয়া পর্যালোচনা

Posted On: 30 SEP 2020 5:19PM by PIB Guwahati

ভাৰত চৰকাৰে চলিত বৰ্ষৰ আগষ্ট মাহলৈকে একাউণ্টসমূহৰ মাহেকীয়া হিচাপ-নিকাচ সম্বলিত প্ৰতিবেদন প্ৰকাশ কৰিছে। এই প্ৰতিবেদনৰ উল্লেখযোগ্য দিশবোৰ হৈছেঃ

ভাৰত চৰকাৰে ২০২০ৰ আগষ্টলৈকে ২০২০-২১ বাজেট হিচাপৰ নিৰিখত ৩,৭৭,৩০৬ কোটি টকা সংগ্ৰহ কৰিছে৷ ইয়াৰে ২,৮৪,৪৯৫ কোটি টকা কৰ ৰাজহৰ বাবদ(সম্পূর্ণ কেন্দ্রীয় অংশ হিচাপত), কৰ বহির্ভূত ৰাজহ হিচাপত ৮৬,১৪৭ কোটি টকা আৰু নন-ডেট কেপিটেল ৰিচিট বা ঋণ বহির্ভূত মূলধন ৰিচিট হিচাপে ৬,৬৬৪ কোটি টকা সংগ্ৰহ কৰা হৈছে৷ ঋণ বহির্ভূত মূলধনী ৰিচিট পৰিমাণৰ ভিতৰত ঋণ পুনৰুদ্ধাৰৰ বাবদ ৬,৬৩৫ কোটি টকা আৰু নিৰ্বিনিয়োজনৰ বাবদ ২৯ কোটি টকা সংগ্ৰহ হৈছে৷

কেন্দ্রীয় চৰকাৰে যোৱা আগষ্ট মাহলৈকে সংগৃহ কৰা কৰৰ প্ৰদেয় অংশৰ বাবদ ৰাজ্য চৰকাৰসমূহক ২,১৭,৯৭৬ কোটি টকা হস্তান্তৰ কৰিছে, যি বিগত বৰ্ষৰ একে সময়ৰ তুলনাত ৩৭,৬২৯ কোটি টকা কম৷

ভাৰত চৰকাৰৰ মুঠ ব্যয়ৰ পৰিমাণ ১২,৪৭,৬৫৩ কোটি টকা(২০২০-২১ বাজেট হিচাপৰ নিৰিখত ৪১.০১ শতাংশ)৷ এই মুঠ ব্যয়ৰ ভিতৰত ৰাজহ একাউণ্ট শিতানত ব্যয় হৈছে ১১,১৩,২০৬ কোটি টকা আৰু মূলধন একাউণ্টৰ বাবদ ব্যয়ৰ পৰিমাণ ১,৩৪,৪৪৭ কোটি টকা৷ ৰাজহ শিতানত মুঠ ব্যয়ৰ ভিতৰত ২,৩৭,৬৬২ কোটি টকা ব্যয় কৰা হৈছে৷ প্ৰদেয় সুদ পুৰণৰ বাবদ ৰাজসাহায্যৰ হিচাপত ১,৩০,৭০০ কোটি টকা ব্যয় হৈছে৷

****

RM/KMN/DB


(Release ID: 1660527)