কৃষি মন্ত্ৰালয়

খাৰিফ বিপণন সত্ৰ ২০২০-২১ৰ বাবে এমএছপি সঞ্চালন আৰম্ভ হৈছে; চৰকাৰে নিজৰ বিদ্যমান এমএছপি যোজনা অনুসৰি কৃষকৰ পৰা ফচলসমূহৰ ক্ৰয় পূৰ্বৰ দৰে কৰি আছে

চৰকাৰে পাঞ্জাৱ আৰু হাৰিয়ানাৰ পৰা ৩ দিনত ৮৪.৬০ কোটি টকাৰ ন্যূনতম সমৰ্থন মূল্যত ৪৪,৮০৯ মেট্ৰিক টন ধান ক্ৰয় কৰিছে

Posted On: 30 SEP 2020 4:53PM by PIB Guwahati

খাৰিফ বিপণন ২০২০-২১ৰ সত্ৰ অলপতে আৰম্ভ হৈছে আৰু চৰকাৰে নিজৰ বিদ্যমান এমএছপি যোজনা অনুসৰি কৃষকৰ পৰা ফচলসমূহ ন্যূনতম সমৰ্থন মূল্যত ক্ৰয় কৰি আছে৷

ৰাজ্যসমূহৰ পোৱা প্ৰস্তাৱৰ ভিত্তিত তামিলনাডু, কৰ্ণাটক, মহাৰাষ্ট্ৰ, তেলেংগানা আৰু হাৰিয়ানা ৰাজ্যক খাৰিফ সত্ৰ ২০২০-২১ৰ বাবে ১৪.০৯ লাখ মেট্ৰিকটন দাইল তথা তিলৰ ক্ৰয়ৰ বাবে অনুমোদন প্ৰদান কৰা হৈছে৷ অন্য ৰাজ্য তথা কেন্দ্ৰীয়শাসিত প্ৰদেশসমূহৰ বাবেও খাৰিফ দাইল আৰু তিলৰ বাবে প্ৰস্তাৱ আহিলে স্বীকৃতি প্ৰদান কৰা হ’ব আৰু এফএক্সইউ গ্ৰেডৰ ক্ৰয় মূল্য সমৰ্থন যোজনা অনুসৰি কৰা হ’ব যদিহে অধিসূচীত ফচলৰ সময়ছোৱাত বজাৰৰ দৰ এমএছপিৰ তললৈ নামি যায়৷

২৯.০৯.২০২০ পৰ্যন্ত চৰকাৰে নিজৰ নোডেল এজেন্সীসমূহৰ জৰিয়তে ৪৬.৩৫ মেট্ৰিকটন মুগ ক্ৰয় কৰিছে যাৰ ন্যূনতম সমৰ্থন মূল্য ৩৩ লাখ টকা আৰু ইয়াৰ জৰিয়তে তামিলনাডুৰ ৪৮জন কৃষক উপকৃত হৈছে৷ ঠিক সেইদৰে অন্ধ্ৰ প্ৰদেশ, কৰ্ণাটক আৰু তামিলনাডুত ৫২.৪০ কোটি টকাৰ এমএছপিত ৫০৮৯ মেট্ৰিকটন বাৰমহীয়া ফচল ক্ৰয় কৰা হৈছে৷ ইয়াৰ দ্বাৰা ৩৯৬১জন কৃষক উপকৃত হৈছে৷

খাৰিফ বিপণন ঋতু ২০২০-২১ৰ সময়ছোৱাত ধানৰ ক্ৰয় ২৬ ছেপ্টেম্বৰ ২০২০ৰ পৰা হাৰিয়ানা আৰু পাঞ্জাৱত আৰম্ভ হৈছে৷ ২৯.০৯.২০২০ পৰ্যন্ত হাৰিয়ানাত ৩৫০৬ মেট্ৰিকটন আৰু পাঞ্জাৱত ৪১,৩০৩ মেট্ৰিকটন, মুঠ ৪৪,৮০৯ মেট্ৰিকটন ধান ক্ৰয় কৰা হৈছে৷ ১৮৮৮ টকা প্ৰতি কুইণ্টলত ন্যূনতম সমৰ্থন মূল্যত হাৰিয়ানা আৰু পাঞ্জাৱৰ ২৯৫০ জন কৃষকক ৮৪.৬০ কোটি টকা পৰিশোধ কৰা হৈছে৷

২০২০-২১ বিপণন সত্ৰৰ বাবে কপাহৰ ক্ৰয় ১ অক্টোবৰ ২০২০ তাৰিখৰ পৰা আৰম্ভ হ’ব আৰু কটন কৰ্প’ৰেচন অব্ ইণ্ডিয়াই (চিচিআই) ১ অক্টোবৰ ২০২০ তাৰিখৰ পৰা এফএক্সইউ গ্ৰেড কপাহৰ ক্ৰয় প্ৰক্ৰিয়া আৰম্ভ কৰিব৷

****

APS/SG/MANN



(Release ID: 1660521) Visitor Counter : 104