যুৱ পৰিক্ৰমা আৰু ক্ৰীড়া মন্ত্ৰালয়

ভাৰতীয় ক্ৰীড়া প্ৰাধিকৰণৰ নতুন প্ৰতীক উন্মোচন যুৱ পৰিক্ৰমা আৰু ক্ৰীড়া মন্ত্ৰী শ্ৰী কিৰেণ ৰিজিজুৰ, ই ক্ৰীড়াত শ্ৰেষ্ঠত্ব প্ৰোৎসাহনৰ অৰ্থে এছএআইৰ বৰঙণিক সূচিত কৰিছে বুলি কয়

পোষ্ট কৰা হৈছে: 30 SEP 2020 5:28PM by PIB Guwahati

যুৱ পৰিক্ৰমা আৰু ক্ৰীড়াৰ ৰাজ্যিক মন্ত্ৰী শ্ৰী কিৰেণ ৰিজিজুৱে আজি দিল্লীৰ মেজৰ ধ্যান চান্দ ষ্টেডিয়ামত ভাৰতীয় ক্ৰীড়া প্ৰাধিকৰণ (SAI) ৰ নতুন প্ৰতীক উন্মোচন কৰে। এই কাৰ্যসূচীত উপস্থিত থাকেঃ ক্ৰীড়া সচিব ৰবি মিট্টাল; ভাৰতীয় অলিম্পিক সন্থাৰ সভাপতি শ্ৰী নৰিন্দৰ বাট্ৰা আৰু এছএআইৰ সঞ্চালক প্ৰধান শ্ৰী সঞ্জীৱ প্ৰধান তথা মন্ত্ৰালয়টোৰ জ্যেষ্ঠ বিষয়া-বৰ্গ। ভিডিঅ’ কনফাৰেন্সৰ জৰিয়তে এই অনুষ্ঠানটিত সমগ্ৰ দেশৰ ভিন্ন প্ৰান্তৰ বিশিষ্ট ক্ৰীড়াবিদ, প্ৰশিক্ষক আৰু আন ক্ৰীড়ানুৰাগীসকলে ভাগ লয়।

এছএআইৰ নতুন প্ৰতীকটোৰ তাৎপৰ্য ব্যক্ত কৰি, শ্ৰী ৰিজিজুৱে কয়, “ক্ৰীড়া বাতাবৰণটোত এছএআয়ে নেতৃত্ব বহন কৰি আহিছে আৰু ক্ৰীড়া শ্ৰেষ্ঠত্বক প্ৰোৎসাহিত কৰাৰ প্ৰাথমিক ঘটক। ই ক্ৰীড়াবিদসকলক যাৱতীয় সহায় আগবঢ়াই আহিছে যাৰ জৰিয়তে তেখেতসকলে তেখেতসকলৰ ক্ৰীড়া কেৰিয়াৰ মসৃণতাৰে আগুৱাই নিব পাৰিছে আৰু এটা সফল জীৱন আৰু ক্ৰীড়া বৈভৱৰ দিশে আগবাঢ়িব পাৰিছে – ইয়াকে উৰণীয় চিত্ৰই সূচিত কৰিছে – এছএআইত এগৰাকী ক্ৰীড়াবিদে তেওঁৰ কেৰিয়াৰৰ বিকাশ সাধনৰ স্বাধীনতা লাভ কৰে। এছএআই শব্দটোৱেই সংস্থাটোৰ পৰিচয় দাঙি ধৰে যাৰ সম্পূৰ্ণ নাম হৈছে ভাৰতীয় ক্ৰীড়া প্ৰাধিকৰণ। ভাৰতীয় ত্ৰিৰংগা আৰু নীলা ৰঙৰ চক্ৰই ৰাষ্ট্ৰীয় উদ্দীপনাকে সূচিত কৰিছে। ইয়াৰ মূলতে হৈছে এছএআয়ে ক্ৰীড়া সমাজত এনে বৃহৎ নামৰ সৃষ্টি কৰিছে, যিয়ে বিশ্বৰ দৰবাৰত ভাৰতক প্ৰতিনিধিত্ব কৰিছে।”

ক্ৰীড়া সচিব শ্ৰী ৰবি মিট্টালে নতুন প্ৰতীক ডিজাইনৰ অৰ্থে এছএআয়ে গ্ৰহণ কৰা প্ৰচেষ্টাক অভিনন্দন জনাই, যাৰ বাবে বৰ্ধিত পৰিমাণে উত্তম এন্ট্ৰি লাভ কৰা গৈছিল।

১৯৮২ চনত ইয়াৰ প্ৰতিষ্ঠাৰেপৰা এছএআয়ে দেশখনৰ ক্ৰীড়া বাতাবৰণটোত এটা বিশেষ ভূমিকা পালন কৰি আহিছে আৰু সমগ্ৰ দেশৰ ভিন্ন প্ৰান্তত সিঁচৰিত হৈ থকা প্ৰতিভাসমূহক চিনাক্ত কৰি আনি বিকাশ সাধনত ব্ৰতী হৈ আছে।

***********

NB/SB


(ৰিলিজ আই ডি : 1660486) অতিথি কক্ষ : 161