ক'অপাৰেশ্বন মন্ত্ৰালয়

কেন্দ্ৰীয় ৰাজহুৱা খণ্ডৰ প্ৰতিষ্ঠানসমূহৰ লেন-দেন, কৰ্মদক্ষতা আৰু লাভ বৃদ্ধিত গুৰুত্ব দিছে চৰকাৰেঃ শ্ৰী প্ৰকাশ জাভাৰেকাৰ

Posted On: 30 SEP 2020 2:47PM by PIB Guwahati

সাম্প্ৰতিক মহামাৰীৰ সময়ত কেন্দ্ৰীয় ৰাজহুৱা খণ্ডৰ প্ৰতিষ্ঠানসমূহে পালন কৰা গুৰুত্বপূৰ্ণ ভূমিকাক প্ৰশংসা কৰিছে কেন্দ্ৰীয় গধুৰ উদ্যোগ আৰু ৰাজহুৱা প্ৰতিষ্ঠান মন্ত্ৰী শ্ৰী প্ৰকাশ জাভাৰেকাৰে। তেওঁ কয়, ৰাজহুৱা খণ্ডৰ প্ৰতিষ্ঠানসমূহ দেশৰ গৌৰৱ আৰু মোদী চৰকাৰে এই সংস্থাসমূহৰ লেন-দেন,কৰ্মদক্ষতা আৰু লাভ বৃদ্ধিত সৰ্বোচ্চ অগ্ৰাধিকাৰ প্ৰদান কৰিছে।

 

শ্ৰী জাভাৰেকাৰ আৰু বিভাগীয় ৰাজ্যমন্ত্ৰী শ্ৰী অৰ্জুন ৰাম  মেঘৱালে আজি বিল্ডিং ছেল্ফ-ৰিলায়েন্স, ছেল্ফ-ৰিছাৰ্জেণ্ট এণ্ড ৰেছিলিয়েণ্ট ইণ্ডিয়া শীৰ্ষক এখন পুস্তিকা মুকলি কৰে। চলিত মহামাৰীৰ সময়ত ৰাজহুৱা খণ্ডৰ প্ৰতিষ্ঠানসমূহৰ বিভিন্ন অৱদানৰ কথা এই পুস্তিকাত উল্লেখ কৰা হৈছে।

 

শ্ৰী জাভাৰেকাৰ কভিড-১৯ মহামাৰীৰ সময়ত ৰাজহুৱা খণ্ডৰ প্ৰতিষ্ঠানসমূহ কাম-কাজৰ প্ৰশংসা কৰি কয়, কৰনা মহামাৰীৰ সময়ত বিদ্যুত সৰবৰাহ ৯৯শতাংশ অব্যাহত আছে, প্ৰায় ২৪ হাজাৰ এল পি জি বিতৰক, ৭১ হাজাৰ খুচুৰা বিক্ৰী কেন্দ্ৰ আৰু ৬,৫০০ৰ অধিক এছ কে অ বিতৰকে এই জটিল পৰিস্থিতিত দিনে-নিশাই মানুহৰ সেৱা কৰি গৈছে।

সামগ্ৰী পৰিবহণ আৰু উত্পাদনৰ ক্ষেত্ৰত প্ৰায় ১০০ শতাংশ সফলতা অৰ্জন কৰাৰ বাবে ৰাজহুৱা খণ্ডৰ প্ৰতিষ্ঠানসমূহৰ ভূমিকাৰ প্ৰশংসা কৰি শ্ৰী জাভাৰেকাৰে কয়, প্ৰায় ৭১ কোটি ৰন্ধন গেছ চিলিণ্ডাৰ সৰবৰাহ কৰা হৈছে। তেল বিপণন কোম্পানীসমূহে এপ্ৰিলৰ পৰা জুন পৰ্যন্ত সময়ছোৱাত ১৩ হাজাৰ কোটি টকাৰ আৰ্থিক সাহায্য সহ গ্ৰাহকসকলক ২১কোটি ৰন্ধন গেছ যোগান ধৰিছে । তেওঁ আৰু কয় যে ৰাজহুৱা খণ্ডৰ প্ৰতিষ্ঠানসমূহে প্ৰায় ৩৩নিযুত মেট্ৰিক টন সামগ্ৰী সৰবৰাহ কৰিছে আৰু দেশৰ গুৰুত্বপূৰ্ণ চহৰ তথা প্ৰত্যন্ত অঞ্চলসমূহত ২০১খন হাস্পতালত প্ৰায় ১১হাজাৰ বিছনাৰ বন্দোৱস্ত কৰিছে।

 

শ্ৰী জাভাৰেকাৰে আৰু কয়, যেতিয়া দেশত আনলক আৰম্ভ হৈছে আৰু আত্মনিৰ্ভৰ ভাৰতৰ দিশে গতি কৰিছে তেনেসময়তে ৰাজহুৱা খণ্ডৰ প্ৰতিষ্ঠানসমূহৰ ভূমিকা আৰু অধিক গুৰুত্বপূৰ্ণ হৈ উঠিছে। মহামাৰীৰ পৰৱৰ্তী সময়ত ৰাজহুৱা খণ্ডৰ প্ৰতিষ্ঠানসমূহৰ উত্পাদন ক্ষমতা পুনৰ ৯০ শতাংশৰ অধিক হাৰলৈ ওভতি অহাত তেওঁ সন্তোষ প্ৰকাশ কৰে।

 

কেন্দ্ৰীয় মন্ত্ৰী গৰাকীয়ে কয়, বৰ্তমান চলি থকা ২৪৯টা ৰাজহুৱা খণ্ডৰ প্ৰতিষ্ঠানৰ লেন-দেনৰ পৰিমাণ ২৫ লাখ কোটি টকাৰ অধিক। আনহাতে এই সংস্থাসমূহৰ বাৰ্ষিক মুঠ লাভৰ পৰিমাণ প্ৰায় ১লাখ ৭৫ হাজাৰ কোটি টকা। ৰাজহুৱা খণ্ডৰ প্ৰতিষ্ঠানসমূহে চৰকাৰক লাভাংশ, সুদ, কৰ আৰু জিএছটিৰ বাবদ প্ৰায় ৩লাখ ৬২হাজাৰ কোটি মাচুল পৰিশোধ কৰিছে। লগতে এই সংস্থাসমূহৰ বছৰি কৰ্পৰেট সামাজিক দায়বদ্ধতা ব্যয় প্ৰায় ৩,৫০০কোটি টকা।

 

 

 *******************************************************

GK/KG



(Release ID: 1660485) Visitor Counter : 155