প্ৰতিৰক্ষা মন্ত্ৰালয়
প্ৰতিৰক্ষা মন্ত্ৰী শ্ৰী ৰাজনাথ সিঙে ডিফেন্স ইণ্ডিয়া ষ্টাৰ্টআপ চেলেঞ্জ-৪ মুকলি কৰে তেওঁ কয় যে আত্ম নিৰ্ভৰ ভাৰতৰ লক্ষ্যত উপনীত হোৱাৰ ক্ষেত্ৰত ষ্টাৰ্টআপ পৰিৱেশতন্ত্ৰ হ’ল এক নিৰ্ণায়ক পদক্ষেপ
সৈনিকৰ মাজত উদ্ভাৱনী প্ৰতিভা বিকাশৰ লক্ষ্যৰে প্ৰথমবাৰৰ বাবে মুকলি হৈছে আইডেক্স ফৰ ফৌজি
प्रविष्टि तिथि:
29 SEP 2020 4:27PM by PIB Guwahati
সৈনিকৰ মাজত উদ্ভাৱনী প্ৰতিভা বিকাশৰ লক্ষ্যৰে প্ৰথমবাৰৰ বাবে আয়োজন কৰা আইডেক্স ফৰ ফৌজি অনুষ্ঠানৰ মাজত প্ৰতিৰক্ষা মন্ত্ৰী শ্ৰী ৰাজনাথ সিঙেনতুন দিল্লীত আজি ডিফেন্স ইণ্ডিয়া ষ্টাৰ্টআপ চেলেঞ্জ-৪ মুকলি কৰে। অনুষ্ঠানত প্ৰতিৰক্ষা মন্ত্ৰীয়ে আইডেক্স ফৰ ফৌজি কাৰ্যসূচী আৰু প্ৰডাক্ট মেনেজমেণ্ট অপ্ৰোচ্ছ(পিএমএ)ৰ গাইডলাইনো মুকলি কৰে।
আইডেক্স ফৰ ফৌজি হ’ল ভাৰতীয় সশস্ত্ৰ বাহিনীৰ সদস্যৰ উদ্ভাৱনী প্ৰতিভা চিনাক্ত কৰি ইয়াৰ যতন লোৱাৰ এক প্ৰয়াস। এয়া এনেধৰণৰ প্ৰথমটো পদক্ষেপ। আইডেক্সফৰ ফৌজিয়ে এগৰাকী সেনা জোৱানক উদ্ভাৱন প্ৰক্ৰিয়াৰ অংশ হোৱাৰ সুযোগ দিব আৰু তেওঁৰ উদ্ভাৱনক স্বীকৃতি প্ৰদান কৰিব।
অনুষ্ঠানত প্ৰতিৰক্ষা মন্ত্ৰী শ্ৰী ৰাজনাথ সিঙে কয় যে আইডেক্স পদক্ষেপ হ’ল আমাৰ দেশত সৃষ্টি হোৱা সবাতোকৈ সক্ৰিয় আৰু সঠিকভাৱে কাৰ্যৰূপায়ন কৰা প্ৰতিৰক্ষা ষ্টাৰ্টআপ পৰিৱেশ তন্ত্ৰ। আত্মনিৰ্ভৰ ভাৰত গঢ়াৰ দিশত ই এক নিৰ্ণায়ক পদক্ষেপ হ’ব পাৰে। শ্ৰী ৰাজনাথ সিঙে কয় যে প্ৰথমবাৰৰ বাবে দেশত এক পৰিৱেশ সৃষ্টি হৈছে, য’ত বিভিন্ন অংশীদাৰে প্ৰতিৰক্ষা খণ্ডত বিনিয়োগ কৰিবলৈ ঐক্যবদ্ধভাৱে আগবাঢ়ি আহিছে।
অনুষ্ঠানটোত প্ৰতিৰক্ষা ৰাজ্য মন্ত্ৰী শ্ৰী শ্ৰীপদ য়াছো নাইক, চীফ অৱ ডিফেন্স ষ্টাফ জেনেৰেল বিপিন ৰাৱট, প্ৰতিৰক্ষা সচিব ড০ অজয় কুমাৰ আৰু ডিফেন্স প্ৰডাকছন বিভাগৰ সচিব শ্ৰী ৰাজকুমাৰো উপস্থিত থাকে।
**************
(रिलीज़ आईडी: 1660257)
आगंतुक पटल : 299