হাউছিং আৰু নগৰ পৰিক্ৰমা মন্ত্ৰালয়

৩১ হাজাৰ কোটি টকাৰো অধিক প্ৰকল্পত ১৫ হাজাৰ কোটি টকাৰো অধিক লোন অনুমোদন এনচিআৰপিবিৰঃ দুৰ্গা শংকৰ মিশ্ৰ

গ্যাৰেন্টীৰ ভেলিডিটি উকলি যোৱাৰ পূৰ্বে অ’ট’ ন’টিছ জাৰি পৰ্টেলৰ

ছফ্টৱেৰৰদ্বাৰা ডাটা ইন্টিগ্ৰিটি নিশ্চিত

এনচিআৰপিবিৰ P-MIS পৰ্টেল শুভাৰম্ভ

অধিক স্বচ্ছতা আৰু দায়বদ্ধতাৰ বাবেই P-MIS

Posted On: 29 SEP 2020 11:45AM by PIB Guwahati

কল্পৰ অগ্ৰগতি নিৰীক্ষণ ও লোন পৰিচালনাত স্বচ্ছতা ও দায়বদ্ধতাৰ উন্নয়ন সাধনৰ অৰ্থে ডিজিটেল/বাইল টেকনলজিত ব্যৱহৃত প্ৰজেক্ট মেনেজমেন্ট চিষ্টেম (P-MIS) হৈছে এটা বৃহৎ পদক্ষেপ, এইদৰে কয় গৃহ নিৰ্মাণ ও নগৰ পৰিক্ৰমা মন্ত্ৰালয়ৰ সচিব শ্ৰী দুৰ্গা শংকৰ মিশ্ৰই। আজি নতুন দিল্লীস্থিত নেশ্যনেল কেপিটেল ৰিজিঅনেল প্লেনিং বৰ্ড (NCRPB)P-MIS ৰ শুভাৰম্ভণি অনুষ্ঠানত, শ্ৰী মিশ্ৰই এনচিআৰপিবিক অভিনন্দন জনাই আৰু কয় যে কভিড-১৯ৰ পৰিপ্ৰেক্ষিতত প্ৰযুক্তিৰ ব্যৱহাৰৰ মাত্ৰা বৃদ্ধি পোৱাৰ সময়তে এই পৰ্টেলটো সময়োচিতভাৱে প্ৰস্তুত কৰি উলিওৱা হৈছে। এই অনুষ্ঠানত গৃহ নিৰ্মাণ ও নগৰ পৰিক্ৰমা মন্ত্ৰালয়ৰ অতিৰিক্ত সচিব, এনচিআৰ আৰু এনচিআৰপিবিৰ অংশগ্ৰহণকাৰী ৰাজ্যসমূহৰ জ্যেষ্ঠ বিষয়াসকল উপস্থিত থাকে।

গৃহ নিৰ্মাণ সচিব শ্ৰী দুৰ্গা শংকৰ মিশ্ৰই সদৰী কৰে যে এনচিআৰপিবিয়ে বজাৰৰপৰা বণ্ড উত্থাপন বা দ্বিপক্ষীয়/বহুপক্ষীয় সংস্থাসমূহৰপৰা লোন গ্ৰহণৰ জৰিয়তে যথোচিত হাৰত নেশ্যনেল কেপিটেল ৰিজন ও ফাণ্ড প্ৰকল্পত ৰিজিঅনেল ও ছাব-ৰিজিঅনেল প্লেনত অনুমোদন জনায়। তেওঁ কয় যে ৩১০০০ কোটি টকাৰো প্ৰকল্পত ১৫০০০ কোটি টকাৰো অধিক লোনত অনুমোদন জনোৱা হৈছে আৰু উল্লেখ কৰে যে ১৮,৫০০ কোটি টকাৰো অধিক মূল্যৰ ২৬৫ টা প্ৰকল্প সম্পূৰ্ণ হৈ উঠিছে আৰু বাকীবোৰ নিৰ্মীয়মান অৱস্থাত আছে। “P-MIS এ প্ৰকল্পসমূহৰ পৰ্যালোচনা আৰু পৰিচালনাৰ ক্ষেত্ৰত সুবিধাৰ সৃষ্টি কৰিব আৰু জনসাধাৰণক মতামত দিবলৈ তথ্য আৰু সুযোগ আগবঢ়াব, তেওঁ লগতে কয়।

P-MIS ক এনচিআৰপিবিৰদ্বাৰা ঘৰুৱাভাৱে প্ৰস্তুত কৰি উলিওৱা হৈছে আৰু এনআইচি চাৰ্ভাৰত হষ্ট কৰা হৈছে। ইয়াত ছাৰ্চ কৰিবপৰা যাবঃ

অনগয়িং প্ৰজেক্ট

কমপ্লিটেড প্ৰজেক্ট

অল প্ৰজেক্ট

ছাৰ্চ বাই কীৱৰ্ড

ছাৰ্চ বাই ডেট

ছাৰ্চ বাই এমাউন্ট

ছাৰ্চ বাই ষ্টেট

ছাৰ্চ বাই অনগয়িং পেমেন্ট

ছাৰ্চ বাই ইমপ্লিমেন্টিং এজেন্সী

ছফ্টৱেৰটোৰ বৈশিষ্ট্যৰাজিৰ ব্য়াখ্যা আগবঢ়াই, শ্ৰী মিশ্ৰই কয় যে P-MIS ৰ গণনা কৰিব পৰা বিশেষ বৈশিষ্ট্য আছে। তদুপৰি, গ্যাৰেন্টী ভেলিডিটি তাৰিখৰ বাবে ভিন্ন বিত্তীয় জটিল অৱস্থা আৰু প্ৰতিটো আইএৰ বাবে লোনৰ ডিউ ডেটত মাহেকীয়া পৰিশোধ নিৰীক্ষণৰ ক্ষমতা ইয়াৰ আছে। ই আগতীয়া ইমেইলৰ জৰিয়তে গ্যাৰেন্টী ৰিনিউৱেল আৰু লোনৰ পেমেন্টৰ অৰ্থে এলাৰ্ট আগবঢ়ায়।

​​ গৃহ নিৰ্মাণ ও নগৰ পৰিক্ৰমা মন্ত্ৰালয়ৰ সচিবে অৱগত কৰে যে এই এমআইএছে গ্যাৰেন্টীৰ বৈধতা কেলকুলেট কৰে আৰু গ্যাৰেন্টীৰ বৈধতা উকলি যোৱাৰ ২/১ মাহ ৩//১ সপ্তাহ ৩//১ দিন পূৰ্বে অ নটিছ জাৰি কৰে। ছফ্টৱেৰটোৰ আন এটা বৈশিষ্ট্য হৈছে যে ই গ্যাৰেন্টীৰ পৰ্যাপ্ততা পৰীক্ষা কৰে আৰু প্ৰয়োজনীয়তাৰ অভাৱত গ্যাৰেন্টীৰ পতন হলে, P-MIS এ অ মেইল জাৰি কৰে আৰু এনচিআৰপিবিৰ বিত্তীয় বিষয়াক অৱগত কৰে আৰু একেদৰে গ্যাৰেন্টী দাখিল কৰিবলৈ আইএলৈ অ মেইল কৰে।

***

RJ/NG/SB



(Release ID: 1660228) Visitor Counter : 151