বিজ্ঞান আৰু প্ৰযুক্তি মন্ত্ৰালয়

ডি এছ টি স্বৰ্ণ জয়ন্তী চৰ্চা শৃংখলাৰ অংশ ৰূপে 'মহামাৰীৰ আনটো দিশ'ৰ ওপৰত গণ্যমান্য ব্যক্তিৰ আলাপ-আলোচনা

২১খন ৰাজ্য/কেন্দ্ৰীয় শাসিত প্ৰদেশে নতুন ঘটনাৰ তুলনাত অধিক ৰিক'ভাৰী ৰিপ'ৰ্ট কৰে

পোষ্ট কৰা হৈছে: 28 SEP 2020 4:51PM by PIB Guwahati

ডি এছ টিৰ ৫০ বছৰ পূৰ্তি হোৱাত ডি এছ টি স্বৰ্ণ জয়ন্তী চৰ্চা শৃংখলাৰ অংশ ৰূপে আয়োজিত 'মহামাৰীৰ আনটো দিশ'ৰ ওপৰত এক অনলাইন পেনেল চৰ্চাত গণ্যমান্য ব্যক্তিয়ে ক'ভিড-১৯ মহামাৰীৰ দ্বাৰা সন্মুখলৈ অহা প্ৰত্যাহ্বান আৰু সুযোগৰ ওপৰত আলাপ-আলোচনা কৰে।

 

বিজ্ঞান আৰু প্ৰযুক্তি বিভাগ (ডি এছ টি)ৰ সচিব অধ্যাপক আশুতোষ শৰ্মাই কয়, 'এই বিষয়বস্তুৰ দুটা বেলেগ বেলেগ পক্ষ আছে। এটা হৈছে এই মহামাৰীৰ পৰা আমি যি বৃহ শিক্ষা আহৰণ কৰিবলৈ পালো আৰু সেইবিলাকক কেনেকৈ বিজ্ঞান, প্ৰযুক্তি আৰু নবোন্মেষণৰ অভ্যাসলৈ অনুদিত কৰিব লাগে আৰু আনটো হৈছে প্ৰত্যাহ্বান আৰু নতুন সুযোগ। মহামাৰীৰ দ্বিতীয়টো পক্ষই সেই সুযোগবিলাকলৈ আঙুলিয়াই দিয়ে যিবোৰ আমি একেলগ হৈ অন্বেষণ কৰাৰ পোষকতা কৰো আৰু আমি এই সুযোগবিলাকৰ মুনাফা লোৱা দৰকাৰ।'

 

অনলাইন পেনেল চৰ্চাৰ আয়োজন অলপতে সংযুক্তভাৱে ভাৰত চৰকাৰৰ বিজ্ঞান আৰু প্ৰযুক্তি বিভাগ (ডি এছ টি)ৰ ৰাষ্ট্ৰীয় বিজ্ঞান আৰু প্ৰযুক্তি সঞ্চাৰ পৰিষদ আৰু বিজ্ঞান প্ৰচাৰৰ দ্বাৰা কৰা হৈছিল।

 

অধ্যাপক আশুতোষ শৰ্মাই উল্লেখ কৰে যে প্ৰধানকৈ বিগত পাঁচটা বছৰত নবোন্মেষণ প্ৰকল্পৰ প্ৰতিটো ক্ষেত্ৰত মনোযোগ দি ডি এছ টিয়ে, যি নিজৰ ৫০তম প্ৰতিষ্ঠা বৰ্ষ পালন কৰি আছে, যোৱা ৫০টা বছৰৰ তুলনাত অধিক সুযোগ, অধিক ইনক্যুবেটৰ তথা অধিক ষ্টাৰ্ট আপৰ সৃষ্টি কৰিছে।

 

বিত্ত মন্ত্ৰালয়ে প্ৰধান আৰ্থিক পৰামৰ্শদাতা শ্ৰী সঞ্জীৱ সান্যালে কয় যে ক'ভিডৰ পিছৰ পৃথিৱীত পুনৰ নিৰ্মাণৰ কথা কোৱাৰ সময়ত, আমি মনত ৰাখিব লাগিব যে আমি ক'ভিডপূৰ্ব পৃথিৱীলৈ উভতি গৈ থকা নাই। তেওঁ কয়, 'ক'ভিডৰ সংঘাতৰ পৰিণাম স্বৰূপে বহু বস্তু সলনি হৈ যাব। ভূ ৰাজনীতি, যোগান শৃংখলা, প্ৰযুক্তি আৰু উপভোক্তাৰ ব্যৱহাৰলৈ পৰিৱৰ্তন আহিব তথা আমি নতুন নতুন পদ্ধতি, নতুন নীতিৰ বিষয়ে ভাবিব লাগিব, নিজৰ বৈজ্ঞানিকসকলক তেওঁলোকৰ প্ৰযুক্তিক বজাৰলৈ লৈ যাবৰ বাবে উসাহিত কৰিব লাগিব, আমাৰ প্ৰযুক্তিবিদসকলক অতিৰিক্ত উপাদনৰ নেতৃত্ব বহন কৰিবলৈ আশংকা মূৰ পাতি লোৱা হিচাপে গঢ় দিব লাগিব।'

 

অখিল ভাৰতীয় আয়ুৰ্বিজ্ঞান সংস্থা (এইমছ)ৰ সঞ্চালক ড৹ ৰণদীপ গুলেৰীয়াই সাৰ্বজনীন স্বাস্থ্য প্ৰণালীক অধিক ফলপ্ৰসু কৰি তোলা তথা এই কথা সুনিশ্চিত কৰা যে ক'ভিড মহামাৰীৰ পৰা এটা শিক্ষাৰ ৰূপত আহিবলগীয়া বছৰবিলাকত যিকোনো ৰোগৰ বৃহ প্ৰকোপ আৰু মহামাৰীৰ প্ৰত্যাহ্বানৰ সন্মুখীন হ'ব পৰাৰ বিষয়ে কয়। তেওঁ প্ৰতিৰোধ সম্পৰ্কীয় স্বাস্থ্যৰ যতনৰ ওপৰত আলোকপাত কৰিবলৈ জোৰ দিয়ে আৰু কয় যে মাস্ক ব্যৱহাৰ কৰা আৰু হাত পৰিষ্কাৰ ৰখাৰ জৰিয়তে আমি কেৱল ক'ভিডকে কম কৰিব পাৰো এনে নহয়, বৰং শ্বাস সম্পৰ্কীয় অনেক ৰোগৰ পৰাও বাচি থাকিব পাৰো।

 

নাস্কমৰ অধ্যক্ষ সুশ্ৰী দেৱযানী ঘোষে উল্লেখ কৰে যে আই টি উদ্যোগৰ বাবে ১০০ বছৰত আহিবলগীয়া এটা সুযোগ হৈছে যে এবাৰ নিজে নিজক সম্পূৰ্ণৰূপে পৰিৱৰ্তন কৰা। তেওঁ কয়, 'ক'ভিডৰ পিছত এয়া এক হাইপাৰ-ডিজিটেল আৰু সম্পৰ্ক ৰহিত বিশ্ব হ'বলৈ গৈ আছে আৰু এনেকুৱা পৃথিৱীত চাৰিটা মূল অংগ থাকিব যি কোনো উদ্যোগৰ সফলতাক দৰ্শাব। এইকেইটা হ'ব বিশ্বাস, প্ৰতিভা, নবোন্মেষণ আৰু দক্ষতা আৰু এইবিলাকৰ বাবে আমি নবোন্মেষণৰ ওপৰত আলোকপাত কৰা দৰকাৰ কিয়নো নবোন্মেষণে ভাৰতৰ ভৱিষ্যতক সাকাৰ কৰিব।'

 

******


(ৰিলিজ আই ডি : 1659942) অতিথি কক্ষ : 121
ত এই ৰিলিজটো পঢ়ক: Telugu , English , Urdu , हिन्दी , Manipuri , Punjabi , Tamil