স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰালয়

কভিড-১৯ৰ শেহতীয়া তথ্য

নতুন আৰোগ্য লাভৰ ৭৬শতাংশই ১০ ৰাজ্য/কেন্দ্ৰীয় শাসিত অঞ্চলৰ<br>

प्रविष्टि तिथि: 27 SEP 2020 1:05PM by PIB Guwahati

বিগত কিছুদিন ধৰি ভাৰতত ধাৰাবাহিকভাৱে আক্ৰান্ত নতুন ৰোগীৰ তুলনাত আৰোগ্য হোৱা ৰোগীৰ সংখ্যা অভিলেখ হাৰত বৃদ্ধি পাই আহিছে।

 

দেশত বিগত ২৪ঘণ্টাত ৯২,০৪৩গৰাকী ৰোগীয়ে আৰোগ্য লাভ কৰিছে। নতুন আৰোগ্য লাভৰ ৭৬শতাংশই ১০ ৰাজ্য/কেন্দ্ৰীয় শাসিত অঞ্চলৰ

 

এই তালিকাৰ শীৰ্ষত আছে মহাৰাষ্ট্ৰ। কেৱল এইখন ৰাজ্যতেই ২৩হাজাৰ লোক সুস্থ হৈ উঠিছে। অন্ধ্ৰপ্ৰদেশত ৯ হাজাৰতকৈ অধিক লোকে আৰোগ্য লাভ কৰিছে।

 

যোৱা ২৪ঘণ্টাত নতুনকৈ আক্ৰান্ত হৈছে ৮৮,৬০০ জন লোক। ইয়াৰে ৭৭ শতাংশই ১০ ৰাজ্য/কেন্দ্ৰীয় শাসিত অঞ্চলৰ

 

এই তালিকাৰো শীৰ্ষত আছে মহাৰাষ্ট্ৰ। ৰাজ্যখনত আক্ৰান্তৰ সংখ্যা ২০হাজাৰৰ অধিক। ইয়াৰ পাছৰ স্থানত ৮হাজাৰতকৈ অধিক সংখ্যাৰে আছে কৰ্ণাটক। তাৰ পাছত ৭হাজাৰতকৈ অধিক সংখ্যাৰে আছে অন্ধ্ৰপ্ৰদেশ।

 

বিগত ২৪ঘণ্টাত মৃত্যু হৈছে ১,১২৪জন লোকৰ।

 

কভিড-১৯ৰ বাবে বিগত ২৪ঘণ্টাত মৃত্যু হোৱা লোকৰ মাজৰ ৮৪শতাংশ ১০ ৰাজ্য/কেন্দ্ৰীয় শাসিত অঞ্চলৰ

 

নতুনকৈ মৃত্যু হোৱা লোকৰ মাজৰ ৩৮শতাংশতকৈ অধিক মহাৰাষ্ট্ৰৰ। ৰাজ্যখনত ৪৩০ গৰাকীৰ মৃত্যু হোৱাৰ বিপৰীতে কৰ্ণাটকত ৮৬ আৰু তামিলনাডুত ৮৫ গৰাকী লোকৰ মৃত্যু হৈছে।

    

   

 *******************************************************

MV/SJ/KG


(रिलीज़ आईडी: 1659688) आगंतुक पटल : 206
इस विज्ञप्ति को इन भाषाओं में पढ़ें: Marathi , English , Urdu , हिन्दी , Manipuri , Bengali , Punjabi , Gujarati , Telugu , Malayalam