প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়

প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰী শ্ৰী যশোৱন্ত সিঙৰ বিয়োগত প্ৰধানমন্ত্ৰীৰ শোক

Posted On: 27 SEP 2020 12:39PM by PIB Guwahati

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰী শ্ৰী যশোৱন্ত সিঙৰ বিয়োগত শোক প্ৰকাশ কৰিছে৷

এক শোকবাৰ্তাত প্ৰধানমন্ত্ৰীয়ে কয়, যশোৱন্ত সিং জীয়ে প্ৰথমে এগৰাকী সৈনিক আৰু পাছত ৰাজনীতিৰ সৈতে দীৰ্ঘকাল ধৰি জড়িত হৈ দেশৰ প্ৰতি বিনম্ৰতাৰে সেৱা আগবঢ়াইছিল৷ অটলজীৰ চৰকাৰত তেওঁ কেইবাটাও গুৰুত্বপূৰ্ণ দপ্তৰৰ দায়িত্ব পালন কৰাৰ লগতে বিশ্বৰ বিত্ত, প্ৰতিৰক্ষা আৰু বৈদেশিক পৰিক্ৰমা খণ্ডত এক শক্তিশালী চিন ৰাখি থৈ গৈছে৷

প্ৰধানমন্ত্ৰীয়ে কয়, ৰাজনীতি আৰু সমাজৰ প্ৰতি যশোৱন্ত সিং জীৰ ব্যক্তিক্ৰমী দৃষ্টিভংগীৰ বাবে তেওঁ সদায় স্মৰণীয় হৈ ৰ’ব৷ তেওঁৰ সৈতে মোৰ বাৰ্তালাপক মই সদায় মনত ৰাখিম৷ তেওঁৰ পৰিয়াল আৰু সমৰ্থকসকলৰ প্ৰতি সমবেদনা জ্ঞাপন কৰিছো৷ ঔম শান্তি৷

প্ৰধানমন্ত্ৰীয়ে শ্ৰী মানৱেন্দ্ৰ সিঙৰ সৈতে কথা পতাৰ লগতে শ্ৰী যশোৱন্ত সিঙৰ দুৰ্ভাগ্যজনক বিয়োগৰ বাবে সমবেদনা জ্ঞাপন কৰে৷

 

***

VRRK/SH/DB



(Release ID: 1659534) Visitor Counter : 106