আয়ুষ

জন্মু-কাশ্মীৰত শস্য চপোৱাৰ পৰৱৰ্তী ব্যৱস্থাপনা কেন্দ্ৰৰ আধাৰশিলা আৰু ২১ টা আয়ুস স্বাস্থ্য আৰু কল্যাণ কেন্দ্ৰ বৈদ্যুতিক মাধ্যমেৰে মুকলি কৰিলে আয়ুস মন্ত্ৰীয়ে

Posted On: 26 SEP 2020 1:28PM by PIB Guwahati

আয়ুস ৰাজ্যমন্ত্ৰী(স্বতন্ত্ৰ)শ্ৰী শ্ৰীপদ নাইক আৰু প্ৰধানমন্ত্ৰী কাৰ্যালয় আৰু উত্তৰ-পূৰ্বাঞ্চল উন্নয়ন দপ্তৰৰ ৰাজ্যমন্ত্ৰী ডঃ জীতেন্দ্ৰ সিঙে আজি জন্মু-কাশ্মীৰৰ ভাদেৰৱাহত ঔষধি গছৰ শস্য চপোৱাৰ পৰৱৰ্তী ব্যৱস্থাপনা কেন্দ্ৰৰ আধাৰশিলা আৰু ২১টা আয়ুস স্বাস্থ্য আৰু কল্যাণ কেন্দ্ৰ ভিডিঅ কনফাৰেঞ্চিঙৰ মাধ্যমেৰে মুকলি কৰে ।

 

ঔষধি গছৰ বাবে শস্য চপোৱাৰ পৰৱৰ্তী ব্যৱস্থাপনা কেন্দ্ৰ স্থাপনৰ উদ্দেশ্য হৈছে স্থানীয় লোকৰ দ্বাৰা উত্পাদিত আৰু সংগ্ৰহ কৰা হাৰ্বেল কেঁচা সামগ্ৰীসমূহ শুকোৱা, বাছি উলিওৱা, প্ৰচেছিং কৰা, প্ৰমাণিত কৰা, পেকেজিং কৰা আৰু নিৰাপদ সংৰক্ষণ কৰা যাতে অধিক মূল্য লাভ কৰিব পৰাকৈ ইয়াৰ মান উন্নত হয় আৰু ইয়াৰ সৈতে জড়িত কৃষকসকলৰ আয় বৃদ্ধি পায়।

 

অনুষ্ঠানতে আয়ুস্মান ভাৰতৰ অধীনত জন্মু-কাশ্মীৰত ২১ টা আয়ুস স্বাস্থ্য আৰু কল্যাণ কেন্দ্ৰ মুকলি কৰা হয়। এই কেন্দ্ৰসমূহৰ সহায়ত এই অঞ্চলৰ জনসাধাৰণৰ   বেমাৰৰ বোজা দূৰ কৰা আৰু হাতৰ ধনৰ খৰচ হ্ৰাস কৰাৰ বাবে এক সামগ্ৰিক সুস্থতা মডেল প্ৰস্তুত কৰা হব। আয়ুস কেন্দ্ৰৰ মূল উদ্দেশ্য হল ৰোগ প্ৰতিৰোধ কৰা। এই ক্ষেত্ৰত স্বাস্থ্যকৰ জীৱনযাত্ৰা, খাদ্যাভাস, যোগাসন আৰু ঔষধি গছৰ সহায় লোৱা হয়।

 

শ্ৰী শ্ৰীপদ নাইকে তেওঁৰ ভাষণত কয়, জন্মু-কাশ্মীৰৰ ভাদেৰৱাহত ঔষধি গছৰ শস্য চপোৱাৰ পৰৱৰ্তী ব্যৱস্থাপনা কেন্দ্ৰই অঞ্চলবাসীৰ এক দীৰ্ঘদিনীয়া দাবী পূৰণ কৰিব। অঞ্চলটোত বিভিন্ন প্ৰজাতিৰ হিমালয়ান ঔষধি গছৰ খেতি কৰাৰ বিপুল সম্ভাৱনা আছে। মন্ত্ৰীগৰাকীয়ে কেন্দ্ৰৰ এই প্ৰকল্পত জন্মু-কাশ্মীৰ প্ৰশাসনৰ সহযোগিতাৰ প্ৰশংসা কৰে।

 

ডঃ জীতেন্দ্ৰ সিঙে ভাষণত কয়, এই কেন্দ্ৰটোৰ জৰিয়তে অঞ্চলটোত কৰ্মসংস্থাপনৰ সুযোগ গঢ়ি উঠিব। ইয়াৰউপৰি আয়ুস স্বাস্থ্য কেন্দ্ৰসমূহে কেৱল জনসাধাৰণৰ চাহিদাই পূৰণ নকৰে, আন্তৰ্জাতিক পৰ্যায়ত আয়ুস পদ্ধতিৰ চিকিত্সাকো পৰিচিত কৰি তুলিব।

 

 

MV/SK/KG


(Release ID: 1659459) Visitor Counter : 127