স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰালয়

ভাৰতৰ উচ্চ আৰোগ্যৰ হাৰৰ ধাৰাবাহিকতা দ্ৰুতগতিত বৃদ্ধি পাইছে

বিগত ২৪ ঘণ্টাত ৯৩,০০০তকৈ অধিক লোক আৰোগ্য হৈছে

চিকিৎসাধীন ৰোগীতকৈ আৰোগ্যৰ সংখ্যা ৫গুন অধিক হৈছে

পোষ্ট কৰা হৈছে: 26 SEP 2020 11:06AM by PIB Guwahati

এটা দিনতে যথেষ্ট সংখ্যাক ৰোগী সুস্থ হোৱাৰ জৰিয়তে ভাৰতৰ উচ্চ আৰোগ্যৰ হাৰৰ ধাৰাবাহিকতা দ্ৰুতগতিত বৃদ্ধি পাইছে৷

 

বিগত দেশত ২৪ ঘণ্টাত ৯৩,৪২০গৰাকী লোক আৰোগ্য হৈছে৷ ইয়াৰ জৰিয়তে দেশত সৰ্বমুঠ আৰোগ্য লোকৰ সংখ্যা ৪৮,৪৯,৫৮৪গৰাকীলৈ বৃদ্ধি পাইছে৷

দৈনিক সুস্থ লোকৰ সংখ্যা বৃদ্ধিৰে, আৰোগ্যৰ হাৰৰ অগ্ৰগতিতৰ ধাৰাবাহিকতাও অব্যাহত আছে৷ আজি আৰোগ্যৰ হাৰ ৮২.১৪%লৈ উন্নীত হৈছে৷

এটা দিনত উচ্চ হাৰৰ আৰোগ্যৰ জৰিয়তে ভাৰতে বিশ্বৰ ভিতৰতে শীৰ্ষ স্থান অক্ষুণ্ণ ৰাখিছে৷ ভাৰতত নতুনকৈ আক্ৰান্ত ৰোগীতকৈ আৰোগ্যৰ সংখ্যা বৃদ্ধিৰ ফলত চিকিসাধীন ৰোগী আৰু আৰোগ্য লোকৰ মাজৰ ব্যৱধান ৫গুন অধিক হৈছে৷

আৰোগ্যৰ সংখ্যা ৪৮,৪৯,৫৮৪গৰাকীৰ বিপৰীতে বৰ্তমান চিকিসাধীন ৰোগীৰ সংখ্যা ৯,৬০,৯৬৯ আৰু ইয়াৰ মাজৰ ব্যৱধান ৩৮,৮৮,৬১৫লৈ বৃদ্ধি পাইছে৷

বৰ্তমান দেশত প্ৰায় ১৬.২৮শতাংশ লোক আক্ৰান্ত হৈ আছে৷ দেশৰ ২৪খন ৰাজ্য/কেন্দ্ৰীয় শাসিত অঞ্চলত বৰ্তমান চিকিসাধীন ৰোগীতকৈ আৰোগ্যৰ সংখ্যাৰ অধিক৷

নতুনকৈ আৰোগ্য হোৱাসকলৰ ভিতৰত ৭৩%ই ১০খন ৰাজ্য/কেন্দ্ৰীয় শাসিত অঞ্চলৰ৷ ইয়াৰে ভিতৰত মহাৰাষ্ট্ৰত সৰ্বাধিক ১৯,৫৯২গৰাকী লোক আৰোগ্য হৈছে৷

কেন্দ্ৰীয় চৰকাৰৰ তিনিতৰপীয়া কৌশল ‘পৰীক্ষা, চিনাক্ত আৰু চিকিসা’ আৰম্ভণিৰে চলি আছে৷ কেন্দ্ৰীয় চৰকাৰে ‘ভাইৰাছক চেৰ পেলোৱা’ শীৰ্ষত নীতিৰ উদ্দেশ্যে পৰীক্ষাৰ জৰিয়তে সংক্ৰমণ প্ৰসাৰ ৰোধ কৰা আৰু চিনাক্তকৰণত গুৰুত্ব আৰোপ কৰিছে৷ কেন্দ্ৰীয় চৰকাৰে পৰীক্ষা ব্যৱস্থা ব্যাপক কৰাৰ বাবে তথা দেশজুৰি সহজ আৰু সুলভ কৰাটো সুনিশ্চিত কৰাৰ দিশত যথেষ্ট পদক্ষেপ গ্ৰহণ কৰিছে৷ ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলসমূহত উচ্চ হাৰৰ পৰীক্ষণ সুনিশ্চিত কৰাৰ দিশত শক্তিশালী কৰা হৈছে৷

কেন্দ্ৰীয় চৰকাৰে ঘৰ/আইছ’লেচন কেন্দ্ৰ আৰু হাস্পতালত থকা ৰোগীসকলৰ গুনগত চিকিসা ব্যৱস্থা সুনিশ্চিত কৰাৰ বাবে মানসম্পন্ন প্ৰট’কল জাৰি কৰিছে৷ এই দিশত বৈশ্বিক আৰু ৰাষ্ট্ৰীয় অৱস্থাৰ প্ৰতি লক্ষ্য ৰাখি সময়ে সময়ে সাল-সলনি কৰা হৈছে৷ কেন্দ্ৰীয় চৰকাৰে কৌশল, বিত্তীয়, সামগ্ৰী আৰু অন্যান্য সম্পদৰ যোগান ধৰি ৰাজ্য/কেন্দ্ৰীয় শাসিত অঞ্চলসমূহৰ প্ৰচেষ্টাত সহায় কৰি আহিছে৷

****

MV/SJ/DB


(ৰিলিজ আই ডি : 1659407) অতিথি কক্ষ : 156