মানৱ সম্পদ উন্নয়ণ মন্ত্ৰালয়

শিক্ষক পৰ্বৰ অধীনত শিশুৰ যতন আৰু শিক্ষাৰ ওপৰত ৰাষ্ট্ৰীয় ৱেবিনাৰ আয়োজিত

Posted On: 25 SEP 2020 5:28PM by PIB Guwahati

নতুন শিক্ষা নীতি (এন ই পি ২০২০)ৰ প্ৰধান বিশেষত্বসমূহক আলোকপাত কৰিবলৈ শিক্ষক পৰ্ব অনুষ্ঠানৰ অধীনত আজি শিক্ষা মন্ত্ৰালয়ৰ দ্বাৰা শিশুৰ যতন আৰু শিক্ষাৰ ওপৰত এখন ৰাষ্ট্ৰীয় ৱেবিনাৰৰ আয়োজন কৰা হয়। শিক্ষা মন্ত্ৰালয়ে শিক্ষকক সন্মানিত কৰা আৰু নতুন শিক্ষা নীতি ২০২০ক আগবঢ়াই নিবৰ বাবে ১ ছেপ্টেম্বৰৰ পৰা ২৫ ছেপ্টেম্বৰ, ২০২০লৈকে শিক্ষা পৰ্বৰ আয়োজন কৰে।

 

ই চি চি ইৰ ওপৰত সভাৰ সঞ্চালনা এন চি ই আৰ টিৰ সহযোগী অধ্যাপক ড৹ ৰোমিলা ছোনীৰ দ্বাৰা কৰা হয়। আম্বেদকাৰ বিশ্ববিদ্যালয়ৰ ড৹ বেনিতা ক'ল, এন চি ই আৰ টিৰ অধ্যাপক সুনীতা সনৱাল আৰু দক্ষিণ ছিক্কিম জিলাৰ চৰকাৰী উচ্চ মাধ্যমিক বিদ্যালয়, কেবজিঙৰ প্ৰাচাৰ্য শ্ৰী মতিলাল কৈৰালা মুখ্য বক্তাসকলৰ অন্যতম আছিল। অধ্যাপিকা সুনীতাই ই চি চি ইৰ সন্দৰ্ভত নতুন শিক্ষা নীতি ২০২০ৰ উদ্দেশ্যাৱলী ব্যাখ্যা কৰি চৰ্চা আৰম্ভ কৰে। তেওঁ গৰ্ভাৱস্থাৰ পৰা ২ বছৰ বয়সৰ শিশুৰ জীৱনৰ আৰম্ভণিৰ বছৰবিলাকত পোষণৰ গুৰুত্বৰ বিষয়ে বৰ্ণনা কৰে।

 

ড৹ ক'লে এন ই পিৰ কাৰ্যকৰী কৰণৰ বাবে কেন্দ্ৰীয় ক্ষেত্ৰসমূহৰ বৰ্ণনা কৰে আৰু জোৰ দি কয় যে আৰম্ভণিৰ পৰ্যায়ত শৈক্ষিক কৌশলৰ বিকাশৰ উপৰিও শিশুৰ মাজত সমাজত মিলিজুলি থকাৰ কৌশলৰ বিকাশো মহত্বপূৰ্ণ। মানদণ্ডপূৰ্ণ ই চি চি ইৰ প্ৰদানত সামূহিক স্তৰত প্ৰতিপালন আৰু পিতৃ-মাতৃৰ ভূমিকাৰ ওপৰতো যথেষ্ট জোৰ দিয়া হয়।

 

দক্ষিণ ছিক্কিম জিলাৰ চৰকাৰী উচ্চ মাধ্যমিক বিদ্যালয়, কেবজিঙৰ প্ৰাচাৰ্য শ্ৰী মতিলাল কৈৰালাই ই চি চি ইৰ জৰিয়তে শিশুসকলক সক্ৰিয়, ফিট আৰু শিক্ষণৰ বাবে প্ৰস্তুত ৰাখিবলৈ শিশু যোগৰ দৰে নৱোন্মেষণ আৰু কাৰ্যকলাপৰ পৰামৰ্শ দিয়ে। শ্ৰী কৈৰালাই এই কথাও অৱগত কৰে যে শিশুক বিদ্যালয়ত খেলনা, খেলাৰ উপকৰণ, কিতাপ আৰু ছপাসমৃদ্ধ শ্ৰেণী কোঠা উপলব্ধ কৰোৱা হয় যাৰ ফলত শিশুৱে আনন্দপূৰ্ণভাৱে শিক্ষণ কাৰ্যকলাপৰ সৈতে জড়িত হয়।

 

নিজৰ সামৰণি মন্তব্যত ড৹ সেনাপতিয়ে সভাৰ কাৰ্য বিৱৰণিৰ সাৰাংশ প্ৰস্তুত কৰে আৰু কয় যে নতুন শিক্ষা নীতিয়ে ২০২০ ভাৰতীয় সংস্কৃতিক সমৃৃদ্ধ কৰাত সহায় কৰিব যি ই চি চি ইৰ পৰ্যায়তে অন্তৰ্নিহিত হোৱা প্ৰমূল্যক প্ৰতিবিম্বিত কৰে।

 

******

MC/AKJ/AK



(Release ID: 1659230) Visitor Counter : 207