অসামৰিক বিমান পৰিবহণ মন্ত্ৰালয়

ঘৰুৱা বিমান সেৱা পুনৰ আৰম্ভ হোৱাৰ পৰা প্ৰায় ১কোটি যাত্ৰীয়ে বিমান যাত্ৰা কৰিছে

২৫ মে’,২০২০ৰ পৰা ১লাখৰো অধিক ঘৰুৱা বিমান চলাচল কৰিছে

মাত্ৰ এটা দিনত বিমান যাত্ৰা কৰা যাত্ৰীৰ সংখ্যা ১,১৯,৭০২গৰাকীলৈ বৃদ্ধি

Posted On: 25 SEP 2020 4:08PM by PIB Guwahati

২৫মে’ত ঘৰুৱা বিমান সেৱা পুনৰ আৰম্ভ হোৱাৰ পৰা ১,০৮,২১৯খন বিমানত প্ৰায় ১কোটি যাত্ৰীয়ে বিমান যাত্ৰা কৰিছে। অসামৰিক বিমান পৰিবহণ মন্ত্ৰালয়ৰ কেন্দ্ৰীয় ৰাজ্যিক মন্ত্ৰী শ্ৰী হৰদ্বীপ সিং পুৰীয়ে এই তথ্য সদৰী কৰিছে। তেওঁ লগতে কয় যে ২৪ ছেপ্তেম্বৰ,২০২০ত প্ৰস্থান কৰা মুঠ যাত্ৰীৰ পৰিমাণ হ’ল ১,১৯,৭০২গৰাকী আৰু এই সময়ছোৱাত উপস্থিত হোৱা যাত্ৰীৰ পৰিমাণ হ’ল ১,২১,১২৬গৰাকী। তেওঁ লগতে উল্লেখ কৰে যে ১৩৯৩খন প্ৰস্থান আৰু ১৩৯৪খন উপস্থিত হোৱা বিমানকে ধৰি চলাচল কৰা মুঠ বিমানৰ সংখ্যা হ’ল ২৭৮৭খন। তদুপৰি, দেশত মাত্ৰ এটা দিনত বিমানবন্দৰত ভৰি দিয়া মুঠ যাত্ৰীৰ সংখ্যা হ’ল ২,৪০,৮২৮গৰাকী।

উল্লেখ্য যে, কোভিড-১৯ৰ প্ৰাদূৰ্ভাৱৰ বাবে যোৱা ২৫ মাৰ্চ,২০২০ৰ পৰা দেশৰ ঘৰুৱা বাণিজ্যিক বিমান সেৱাৰ চলাচল বন্ধ কৰা হৈছিল। দুমাহৰ পাছত যোৱা ২৫মে’,২০২০ৰ পৰা এই সেৱা পুনৰ আৰম্ভ কৰা হৈছে।

**********

RJ/NG/MS



(Release ID: 1659218) Visitor Counter : 122