ক্ষুদ্ৰ, লঘূ আৰু মজলীয়া উদ্যম মন্ত্ৰালয়

ডিজাইন আৰু ফেশ্যনৰ জগতৰ তাৰকা সুনীল সেঠীক কেভিআইচিয়ে পৰামৰ্শদাতা নিযুক্ত কৰে

Posted On: 25 SEP 2020 4:51PM by PIB Guwahati

খাদী আৰু গ্ৰামোদ্যোগ আয়োগ (কে ভি আই চি)য়ে ভাৰতীয় ফেশ্যন উদ্যোগৰ সুপৰিচিত তাৰকা শ্ৰী সুনীল সেঠীক নিজৰ পৰামৰ্শদাতা নিযুক্ত কৰিছে। সেঠীয়ে ভাৰত আৰু বিদেশত খাদীৰ প্ৰচাৰৰ লগতে তৈয়াৰী কাপোৰৰ ক্ষেত্ৰত নতুন ডিজাইনৰ বিষয়ে আয়োগক পৰামৰ্শ দিব।

 

কে ভি আই চিৰ তৰফৰ পৰা জাৰি কৰা বিবৃতি অনুসৰি, শ্ৰী সেঠীৰ নিযুক্তি এবছৰৰ বাবে কৰা হৈছে। ইয়াৰ পূৰ্বে, প্ৰসিদ্ধ ফেশ্যন ডিজাইনাৰ সুশ্ৰী ঋতু বেৰী কে ভি আই চিৰ পৰামৰ্শদাতা হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল। তেওঁৰ কাৰ্যকাল অলপতে সমাপ্ত হৈছে।

 

কে ভি আই চিয়ে কৈছে যে শ্ৰী সেঠীৰ বিশ্ব স্তৰত ব্যৱসায় কৰাৰ চাৰি দশকৰ দীঘলীয়া অভিজ্ঞতা আছে, য'ত তেওঁ কেইবাজনো নবীন আৰু সফল লোকৰ মাধ্যমত ভাৰতীয় হস্ত শিল্প, ডিজাইন আৰু বস্ত্ৰ উদ্যোগৰ বিকাশত গুৰুত্বপূৰ্ণ অবদান আগবঢ়াইছে। ৪০০ ডিজাইনাৰৰ প্ৰতিনিধিত্ব কৰা ফেশ্যন ডিজাইন কাউঞ্চিল অফ ইণ্ডিয়াৰ অধ্যক্ষ হিচাপে সুনীল সেঠীয়ে ভাৰতীয় ফেশ্যন উদ্যোগক বৈশ্বিক স্তৰলৈ লৈ যাবৰ বাবে নিৰন্তৰ কাম কৰি আছে।

 

কে ভি আই চিৰ মতে শ্ৰী সেঠীয়ে এইচ এইচ ই চি, ৰাষ্ট্ৰীয় শিল্প সংগ্ৰহালয়, হস্তকলা একাডেমী, বস্ত্ৰ মন্ত্ৰালয়, পৰ্যটন মন্ত্ৰালয় আৰু সংস্কৃতি মন্ত্ৰালয়ৰ দৰে বিভিন্ন চৰকাৰী নিকায়তো ইতিমধ্যে পৰামৰ্শদাতা হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল। তেওঁ নেচনেল ইনষ্টিটিউট অফ ফেশ্যন টেকনলজি (এন আই এফ টি)ৰ শাসকমণ্ডলীৰ সদস্য হিচাপেও কাম কৰিছিল।

 

******

RCJ/RNM/IA



(Release ID: 1659216) Visitor Counter : 104