প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়

সৰ্বাধিক ক’ভিড ৰোগী থকা ৭খন ৰাজ্য আৰু কেন্দ্ৰীয় অঞ্চলৰ মুখ্যমন্ত্ৰী আৰু স্বা্স্থ্য মন্ত্ৰীৰ সৈতে ভাৰ্চুৱেল বৈঠকত প্ৰধানমন্ত্ৰীৰ ভাষণৰ অসমীয়া অনুবাদ

Posted On: 23 SEP 2020 8:05PM by PIB Guwahati

বন্ধুসকল,

এয়া এনে এক সংযোগ যে যিসময়ত আমি ক’ৰোনা সংকটৰ সন্দৰ্ভত আলোচনা কৰিছো, একেসময়তে দেশৰ স্বাস্থ্য ইতিহাসৰ অতি গুৰুত্বপূৰ্ণ দিন৷

কিয়নো ২ বছৰৰ পূৰ্বে আজিৰ দিনটোতে আয়ুষ্মান ভাৰত-প্ৰধানমন্ত্ৰী জন আৰোগ্য যোজনাৰ শুভাৰম্ভ কৰা হৈছিল৷

কেৱল দুবছৰৰ ভিতৰতে এই আঁচনিৰ অধীনত ১.২৫ কোটিতকৈ অধিক দুখীয়া ৰোগীয়ে বিনামূলীয়া চিকিসাৰ সুবিধা লাভ কৰিছে৷

মই আজি এই কাৰ্যসূচীৰ জৰিয়তে আয়ুষ্মান ভাৰত যোজনাৰ জৰিয়তে দুখীয়া লোকসকলক সেৱা আগবঢ়োৱা সকলো চিকিসক, চিকিসা কৰ্মীক বিশেষভাৱে প্ৰশংসা কৰিছো৷

বন্ধুসকল,

আজি আমাৰ এই আলোচনাৰ সময়ত এনে বহু কথাই সন্মুখত ধৰা দিছে, যাৰদ্বাৰা অনাগত দিনৰ ৰণনীতিৰ পথ অধিক স্পষ্ট কৰে৷

এইটো সঁচা যে ভাৰতত সংক্ৰমণ ধাৰাবাহিকভাৱে বৃদ্ধি পাই আছে৷ কিন্তু আমি প্ৰতিদিনে ১০লাখতকৈ অধিক নমূনাও পৰীক্ষা কৰি আছো আৰু সুস্থ হোৱা ৰোগীৰ সংখ্যাও বৃদ্ধি পাই আছে৷

বহু ৰাজ্যত কেতবোৰ উন্নত অনুশীলনো পৰিলক্ষিত হৈছে৷ আমি এই অভিজ্ঞতাসমূহ অধিক পৰিমাণে উসাহিত কৰিব লাগিব৷

বন্ধুসকল,

বিগত মাহবোৰত ক’ৰোনাৰ পৰীক্ষাৰ সৈতে জড়িত যিবোৰ সুবিধাৰ আমি বিকাশ সাধন কৰিছো, সেইবোৰে ক’ৰোনাৰ বিৰুদ্ধে যুঁজ দিয়াত আমাৰ যথেষ্ট সহায় কৰিছে৷

এতিয়া আমি এফালে ক’ৰোনাৰ বিৰুদ্ধে যুঁজাৰ আন্তঃগাঁথনি শক্তিশালী কৰিব লাগিব, যিবোৰ স্বাস্থ্য খণ্ডৰ সৈতে জড়িত, ট্ৰেকিং আৰু ট্ৰেচিংৰ সৈতে জড়িত নেটৱৰ্ক, তেওঁলোকৰ উন্নত প্ৰশিক্ষণো সুনিশ্চিত কৰিব লাগিব৷

আজিয়েই ক’ৰোনাৰ বিশেষ আন্তঃগাঁথনিৰ বাবে ৰাজ্যিক দুৰ্যোগ প্ৰশমন পুঁজি-এছডিআৰএফৰ ব্যৱহাৰৰ সন্দৰ্ভত গুৰুত্বপূৰ্ণ সিদ্ধান্ত লোৱা হৈছে৷ কেইবাখনো ৰাজ্যই এই ক্ষেত্ৰত আগ্ৰহ প্ৰকাশ কৰিছিল৷

এতিয়া এইটো সিদ্ধান্ত লোৱা হৈছে যে এছডিআৰএফৰ ব্যৱহাৰৰ সীমাৱদ্ধতা ৩৫শতাংশৰ পৰা বৃদ্ধি কৰি ৫০শতাংশ কৰা হওক৷

এই সিদ্ধান্তৰ জৰিয়তে ৰাজ্যসমূহে ক’ৰোনাৰ বিৰুদ্ধে যুঁজিবলৈ আৰু অধিক ধন লাভ কৰিব৷

আন এটা গুৰুত্বপূৰ্ণ কথা আপোনালোকৰ সৈতে পাতিব বিচাৰিছো৷

সেয় হৈছে স্থানীয় পৰ্যায়ত ১-২দিনৰ বাবে যি লকডাউন ঘোষণা কৰা হয়, সেয়া ক’ৰোনা ৰোধ কৰাত কিমান প্ৰভাৱ বিস্তাৰ কৰে, প্ৰতিখন ৰাজ্যই ইয়াৰ আলোকপাত কৰিব লাগিব৷

ইয়াৰ ফলত আপোনালোকৰ ৰাজ্যসমূহৰ আৰ্থিক কাম-কাজ আৰম্ভ কৰাত অসুবিধাটো হোৱা নাই? মোৰ আহ্বান এই যে সকলো ৰাজ্যই এই দিশত গভীৰভাৱে চিন্তা-চৰ্চা কৰিব৷

বন্ধুসকল,

ফলপ্ৰসূ পৰীক্ষণ, চিকিসা, নিৰীক্ষণ আৰু স্পষ্ট বাৰ্তা, এই দিশত আমি নিজৰ গুৰুত্ব আৰু অধিক বৃদ্ধি কৰিব লাগিব৷

ফলপ্ৰসূ পৰীক্ষণ এইবাবে প্ৰয়োজন কাৰণ অধিক হাৰত হোৱা সংক্ৰমণৰ কোনো লক্ষণ নাই৷ তেনে ক্ষেত্ৰত জনৰৱ দ্ৰুতগতিত প্ৰচাৰ হয়৷ সাধাৰণ জনতাৰ মনত পৰীক্ষা ব্যৱস্থাক লৈ সন্দহে ওপজে৷  ইমানেই নহয় বহু লোকে সংক্ৰমণৰ গম্ভীৰতাক গুৰুত্ব সহকাৰে নলৈ ভুল কৰে৷

ব্যাপক অধ্যয়নৰ পৰা জানিব পৰা মতে সংক্ৰমণ ৰোধৰ বাবে মাস্কৰ ভূমি সৰ্বাধিক৷ মাস্ক পিন্ধাৰ কাম অভ্যাসত পৰিণত কৰাটো যথেষ্ট কঠিন, কিন্তু  ইয়াৰ দৈনন্দিত জীৱনৰ এক অত্যাৱশ্যকীয় সামগ্ৰীত পৰিণত নকৰিলে সাৰ্থক ফল পোৱা নাযায়৷

বন্ধুসকল,

বিগত সময়ত অভিজ্ঞতাৰ পৰা পোৱা তৃতীয়টো কথা হৈছে এখন ৰাজ্যৰ পৰা আনখন ৰাজ্যলৈ সেৱা আৰু সামগ্ৰীৰ আদান-প্ৰদানৰ ক্ষেত্ৰত আৰোপ কৰা নিষেধাজ্ঞাই সাধাৰণ নাগৰিকক অনাৱশ্যক অসুবিধাত পেলাইছে৷

ইয়াৰ দ্বাৰা জনজীৱনৰ লগতে জীৱিকাতো প্ৰভাৱ পৰিছে৷ শেহতীয়াকৈ অক্সিজেনৰ যোগানক লৈ বিগত দিনসমূহত একাধিক ৰাজ্যত সমস্যাই দেখা দিছে৷ জীৱন ৰক্ষক অক্সিজেনৰ অবিৰত যোগান সুনিশ্চিত কৰাৰ বাবে প্ৰয়োজনীয় সকলো পদক্ষেপ হাতত লাগিব৷

ভাৰতে কঠিন সময়তো সমগ্ৰ বিশ্বত জীৱন দায়িনী ঔষধৰ যোগান সুনিশ্চিত কৰিছে৷ সেয়েহে এখন ৰাজ্যৰ পৰা আনখন ৰাজ্যলৈ ঔষধ যাতে সহজতে পাব পাৰে, সেই ক্ষেত্ৰত আমি সকলোৱে দৃষ্টি দিব লাগিব৷

বন্ধুসকল,

সংযম, সংবেদনশীল, সংবাদ আৰু সহযোগিতাৰ যি নিৰ্দৰ্শন এই ক’ৰোনা কালত দেশে দেখুৱাইছে, সেয়া আমি অনাগত দিনটো বৰ্তাই ৰাখিব লাগিব৷

সংক্ৰমণৰ বিৰুদ্ধে যুঁজাৰ লগতে এতিয়া আৰ্থিক দিশতো আমি সম্পূৰ্ণ শক্তিৰে আগুৱাই যাব লাগিব৷

আমাৰ সামগ্ৰিক প্ৰচেষ্টা নিশ্চিতভাৱে সফল হওক এই কামনাৰে আপোনালোক সকলোকে বহুত বহুত ধন্যবাদ জনালো!

*****

VRRK/AK/DB



(Release ID: 1658416) Visitor Counter : 168