প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
ৰাষ্ট্ৰসংঘৰ সাধাৰণ বৈঠক সম্বোধন কৰি প্ৰধানমন্ত্ৰীৰ ভাষণ
পোষ্ট কৰা হৈছে:
22 SEP 2020 9:46AM by PIB Guwahati
আজিৰ সাধাৰণ বৈঠকৰ অধ্যক্ষ মাননীয় ভলকান বোজকিৰ, উপস্থিত অভ্যাগতবৃন্দ, নমস্তে!
আজিৰ পৰা ৭৫ বছৰ পূৰ্বে মান ইতিহাসতে প্ৰথমবাৰৰ বাবে সমগ্ৰ বিশ্বৰ বাবে এক অনুষ্ঠান প্ৰতিষ্ঠা কৰা হৈছিল আৰু ইয়েই বিশ্বত যুদ্ধৰ দাবানলৰ পৰা এক নতুন আশাৰ সঞ্চাৰ কৰিছিল। তেওঁ লগতে কয় যে ৰাষ্ট্ৰসংঘৰ চনদৰ প্ৰতিষ্ঠাপক স্বাক্ষৰকাৰী হিচাপে ভাৰতো সেই মহান উদ্দেশ্যৰ এক অংশীদাৰ আছিল, যিয়ে ভাৰতৰ নিজৰো দৰ্শন, যাক আমি ‘বসুদৈৱ কুটুম্বকম’ বুলি কওঁ, তাক প্ৰতিফলিত কৰে, যাৰ অৰ্থই হৈছে সমগ্ৰ বিশ্বই এক পৰিয়াল।
ৰাষ্ট্ৰসংঘৰ শান্তি প্ৰতিষ্ঠা অভিযানসমূহৰ উপৰিও শান্তি আৰু উন্নয়ণ প্ৰক্ৰিয়াৰ কামত ইতিমধ্যেই প্ৰাণ হেৰুওৱা লোকসকললৈ শ্ৰদ্ধা নিবেদন কৰি প্ৰধানমন্ত্ৰীয়ে কয় যে একমাত্ৰ ৰাষ্ট্ৰসংঘৰ বাবেই আমাৰ বিশ্বখন এতিয়া যথেষ্ট উন্নত হৈ উঠিছে।
আজি ৰাষ্ট্ৰসংঘই কৰা ঘোষণা সন্দৰ্ভত প্ৰধানমন্ত্ৰীয়ে কয় যে যেতিয়া বহু দিশত সাফল্য আহে তেতিয়াই প্ৰকৃত অভিযান অসম্পূৰ্ণ হৈ ৰয়। আমি আজি গঢ়ি লোৱা ঘোষণাবোৰেই এই কথা স্বীকাৰ কৰি লয় যে এতিয়াও বহু কাম কৰিবলৈ বাকী আছে, সেয়া লাগিলে বিবাদ ৰোধ কৰাৰ ক্ষেত্ৰতেই হওঁক, উন্নয়ন নিশ্চিত কৰাৰ ক্ষেত্ৰতেই হওঁক, জলবায়ু সংক্ৰান্তীয় সমস্যা সমাধান কৰাৰ ক্ষেত্ৰতেই হওঁক, বৈষম্য আঁতৰ কৰাৰ ক্ষেত্ৰতেই হওঁক অথবা ডিজিটেল প্ৰযুক্তিক আগ্ৰাসন দিয়াৰ ক্ষেত্ৰতেই হওঁক, আমি এতিয়াও বহু কাম কৰিবলৈ বাকী। আনকি এই ঘোষণাই ৰাষ্ট্ৰসংঘক নিজৰো সংস্কাৰ সাধনৰ প্ৰয়োজনীয়তাৰ কথা উল্লেখ কৰিছে।
সৰ্বাত্মক সংস্কাৰ অবিহনে ৰাষ্ট্ৰসংঘই আত্মবিশ্বাসৰ সংকটত ভুগিব আৰু সম্প্ৰতি যিধৰণৰ প্ৰত্যাহ্বান আহি পৰিছে, আমি পুৰণিকলীয়া গাঁথনিৰে ইয়াৰ মুখামুখি হ’ব নোৱাৰিম। তেওঁ কয় যে আজিৰ আন্তঃসংযোগী বিশ্বৰ বাবে আমি নিজেই সংস্কাৰপূৰ্ণতাৰে বহুমুখী হ’ব লাগিব, যিয়ে আজিৰ বাস্তৱ জগতখনক প্ৰতিফলিত কৰিব পাৰিব; যিয়ে সকলো অংশীদাৰৰে কন্ঠ হ’ব পাৰিব, সমসাময়িক প্ৰত্যাহ্বানবোৰ ওফৰাব পাৰিব আৰু মান কল্যাণৰ দিশবোৰৰ ওপৰত গুৰুত্ব আৰোপ কৰিব পাৰিব।
ভাৰতে এই ক্ষেত্ৰত অন্যান্য দেশবোৰৰ সৈতে কাম কৰাৰ বাবে উন্মুখ হৈ আছে।
ধন্যবাদ
নমস্তে!!
***
VRRK/KP/RD
(ৰিলিজ আই ডি : 1657700)
অতিথি কক্ষ : 214
ত এই ৰিলিজটো পঢ়ক:
English
,
Urdu
,
Marathi
,
हिन्दी
,
Manipuri
,
Bengali
,
Punjabi
,
Gujarati
,
Odia
,
Tamil
,
Telugu
,
Kannada
,
Malayalam