কৃষি মন্ত্ৰালয়

আত্মনির্ভৰ খেতিৰ বাবে ৰাষ্ট্ৰীয় ৰবিশস্য অভিযান ২০২০ৰ শুভাৰম্ভ কৰিলে কেন্দ্রীয় কৃষি আৰু কৃষক কল্যাণ মন্ত্রী শ্ৰী নৰেন্দ্ৰ সিং টোমৰে

ক’ভিড-১৯ৰ প্ৰতিকূল পৰিস্থিতি সত্ত্বেও ২০১৯-২০ বৰ্ষত ২৯৬.৬৫ মিলিয়ন টন খাদ্যশস্য উৎপাদনৰ অভিলেখৰ বাবে কৃষক আৰু ৰাজ্য চৰকাৰসমূহক অভিনন্দন জনায় শ্ৰী টোমৰে

Posted On: 21 SEP 2020 2:23PM by PIB Guwahati

কেন্দ্রীয় কৃষি আৰু কৃষক কল্যাণ মন্ত্রী শ্রী নৰেন্দ্ৰ সিং টোমৰ ক’ভিড-১৯ৰ প্ৰতিকূল পৰিস্থিতি সত্ত্বেও ২০১৯-২০ বৰ্ষত ২৯৬.৬৫ মিলিয়ন টন খাদ্যশস্য পাদনৰ অভিলেখৰ বাবে কৃষক আৰু ৰাজ্য চৰকাৰসমূহক অভিনন্দন জনায়৷ এই সময়ছোৱাত দাইলজাতীয় শস্য আৰু তৈলবীজৰ পাদন ক্ৰমে ২৩.১৫ মিলিয়ন টন আৰু ৩৩.৪২ মিলিয়ন টন হ’ব বুলি অনুমান কৰা হৈছে৷ একেদৰে দেশত তুলাৰ পাদন ৩৫৪.৯১লাখ  বেল হ’ব বুলি অনুমান কৰা হৈছে৷ ইয়াৰ জৰিয়তে তুলা পাদন ভাৰত বিশ্বৰ প্ৰথম স্থানলৈ উন্নীত হ’ব৷ ভাৰতীয় কৃষি ক্ষেত্রত এই বছৰটো ইতিহাসৰ এক মাইলখুঁটিত পৰিণত হৈছে৷ যোৱা ১১ ছেপ্টেম্বৰলৈকে খাৰিফ শস্য খেতিৰ এলেকা ১১১৩ লাখ হেক্টৰ হৈছে, যিটো স্বাভাৱিক খেতিৰ এলেকাৰ তুলনাত ৪৬ লাখ হেক্টৰ অধিক৷ ইয়াৰ ফলত দেশত খাদ্য আৰু পুষ্টি নিৰাপত্তা সুনিশ্চিত কৰাৰ সুযোগ লাভ কৰিব৷ শ্রী টোমৰে কয় যে এই সাফল্য অর্জনৰ বাবে কৃতিত্বৰ দাবীদাৰ হৈছে কৃষক সমাজ আৰু ৰাজ্য চৰকাৰসমূহ৷

মন্ত্ৰী টোমৰ আজি ২০২০-২১ৰ খৰিফ শস্যৰ অগ্ৰগতি আৰু ৰবি শস্যৰ বতৰত পৰিকল্পনা পর্যালোচনাৰ সন্দৰ্ভত এক বৈঠকত অধ্যক্ষতা কৰে৷ তেওঁ লগতে কয় যে চৰকাৰে কৃষি আন্তঃগাঁথনি সুদৃঢ়কৰা আৰু কৃষকসকলৰ আর্থিক অৱস্থাৰ মান উন্নয়নত যুগান্তকারী পদক্ষেপ হাতত লৈছে৷ শেহতীয়াকৈ লাখ কোটি টকাৰ কৃষি আন্তঃগাঁথনিমূলক পুঁজি গঠন কৰা হৈছে। পুঁজিৰ ধন বছৰত খৰচ কৰা হ’ব আৰু এই ধন হিমঘৰ, গুদামঘৰ, পেকেজিং কেন্দ্ৰ নিৰ্মাণৰ ব্যয় কৰা হ’ব৷ তেওঁ কয় যে বেংকৰ সুদৰ ওপৰত কৃষকসকলৰ শতাংশ সুদ ৰেহাইৰ সুবিধা দিয়া হ’ব। সেয়েহে ৫ৰ পৰা ৫. শতাংশৰ ভিতৰত সুদৰ হাৰৰ ক্ষেত্রত এই ৰেহাইৰ সুবিধা পাব৷ কৃষকসকলৰ সংগঠিতকৰণ আৰু তেওঁলোকৰ পাদিত শস্যৰ বিপণনৰ ক্ষেত্রত ১০ হাজাৰ কৃষক পাদক সংগঠন গঠন কৰাটোও এক গুৰুত্বপূর্ণ পদক্ষেপ। এই ১০ হাজাৰ কৃষক পাদক সংগঠনৰ ভিতৰত ১৫ শতাংশ সংগঠন অভিলাষী জিলা আৰু নির্দিষ্ট জনজাতি এলেকাসমূহত গঠন কৰা হ’ব৷


মন্ত্ৰী টোমৰে কয় যে চৰকাৰে বছৰৰ ভিতৰত ১ কোটি হেক্টৰ কৃষি ভূমি ক্ষুদ্ৰ জলসিঞ্চন ব্যৱস্থাৰ অধীনলৈ অনাৰ পৰিকল্পনা কৰিছে। ক্ষুদ্ৰ জলসিঞ্চন ব্যৱস্থাৰ প্ৰসাৰৰ নাবার্ডৰ সৈতে ৫,০০০ কোটি টকাৰ ক্ষুদ্ৰ জলসিঞ্চন পুঁজি গঠন কৰা হৈছে। ২০১৯-২০ত প্রায় ১১ লাখ কৃষকে ক্ষুদ্ৰ জলসিঞ্চন ব্যৱস্থাৰ অংগ হিচাপে জলসিঞ্চনৰ বাবে কম পানী প্ৰয়োগৰ পদ্ধতি গ্ৰহণ কৰিছে। ইয়াৰ জৰিয়তে প্রায় ১১লাখ কৃষক উপকৃত হৈছে৷ দেশত বিগত বছৰত ৪৭.৯২লাখ হেক্টৰ ভূমি ক্ষুদ্ৰ জলসিঞ্চন ব্যৱস্থাৰ অধীনলৈ অনাৰ আশা আছে৷

২০২০-২১বৰ্ষত .১০ কোটি টন খাদ্যশস্য পাদনৰ লক্ষ্য স্থিৰ কৰা হৈছে। দাইল আৰু তৈলবীজ পাদনত অগ্রাধিকাৰ দিয়া হৈছে৷ একেদৰে, .৫৬ কোটি টন দাইলজাতীয় শস্য আৰু .৭০কোটি টন তৈলবীজ পাদনৰ লক্ষ্য ধার্য  কৰা হৈছে। ভোজ্য তেল আমদানি হ্রাস কৰিবলৈ তৈলবীজ আৰু পাম তেলৰ পুলি ৰোপণত অগ্রাধিকাৰ দিয়া হৈছে৷ এইবাৰৰ ৰবি শস্যৰ বতৰত তৈলবীজ পাদন কাৰ্যসূচীৰ অধীনত সৰিয়হ পাদনত অগ্রাধিকাৰ দিয়া হয়। এই প্ৰচেষ্টাৰ ফলত শস্যৰ পাদ ৯২ লাখ টনৰ পৰা বৃদ্ধি হৈ .২৫ কোটি টন হৈছে৷

অনলাইন অনুষ্ঠানত কৃষি আৰু কৃষক কল্যান বিভাগৰ ৰাজ্যিকমন্ত্রী পুৰুষোত্তম ৰূপালা আৰু কৈলাশ চৌধুৰীকে ধৰি বিভিন্ন দপ্তৰৰ জ্যেষ্ঠ বিষয়াসকল উপস্থিত থাকে৷

 

Click here for Presentation

 

*****

APS/SG/DB



(Release ID: 1657581) Visitor Counter : 150