দক্ষতা উন্নয়ন আৰু উদ্যোগশীলতা মন্ত্ৰালয়

দক্ষতা বিকাশৰ বাবে অনলাইন পাঠ্যক্ৰম

Posted On: 18 SEP 2020 12:40PM by PIB Guwahati

ভিড-উত্তৰ পৰিস্থিতিত ঔদ্যোগিক কাৰিকৰী প্ৰতিষ্ঠান(আইটিআই) আৰু ৰাষ্ট্ৰীয় দক্ষতা বিকাশ নিগমৰ অধীনস্থ হ্ৰস্বকালীন প্ৰশিক্ষণ কেন্দ্ৰ অথবা ৰাজ্যিক দক্ষতা বিকাশ মিছন অথবা আন কেন্দ্ৰীয় কিম্বা ৰাজ্যিক মন্ত্ৰালয় বা বিভাগ বা ৰাষ্ট্ৰীয় উদ্যমশীলতা প্ৰতিষ্ঠান আৰু ক্ষুদ্ৰ ব্যৱসায় উন্নয়ণ(এনআইইএছবিইউডি), ভাৰতীয় উদ্যমশীলতা প্ৰতিষ্ঠান(আইআইই) আৰু এইবোৰ প্ৰতিষ্ঠানৰ অংশীদাৰ প্ৰতিষ্ঠানসমূহৰ প্ৰশিক্ষণ কাৰ্যক্ৰমকে ধৰি কেন্দ্ৰীয় দক্ষতা বিকাশ আৰু উদ্যমশীলতা মন্ত্ৰালয়ৰ প্ৰশিক্ষণ কৰ্যক্ৰমসমূহ পুনৰাম্ভ কৰাৰ বাবে স্বাস্থ্য মন্ত্ৰালয়ে যোৱা  ৮ ছেপ্টেম্বৰ 2020মানক পৰিচালনা বিধি জাৰি কৰিছিল। এই বিধি-নিৰ্দেশনাত এইসমূহ প্ৰতিষ্ঠানত কভিড-১৯ৰ সংক্ৰমণ প্ৰতিৰোধ কৰাৰ বাবে গ্ৰহণ কৰিবলগীয়া বিশেষ ব্যৱস্থাৱলীৰ লগতে সাধাৰণ বিধি-নিৰ্দেশনাকো সন্নিৱিষ্ট কৰা হৈছে।

কৰ্মস্থানসমূহৰ পৰিৱৰ্তিত পৰিৱেশ, কামৰ আচৰণগত বৈশিষ্ট্যৰ ওপৰত ভিত্তি কৰি কভিড-১৯ৰ সংক্ৰমণেও ভিন্নতা প্ৰদৰ্শন কৰাৰ তথ্য পোহৰলৈ অহাৰ পৰিপ্ৰেক্ষিতত টেলিমেডিচিন, ছেনিটাইজেশ্যনৰ উত্তৰণ সাধনৰ দিহা কৰা স্বাস্থ্য খণ্ডকে ধৰি সকলো খণ্ডতে এতিয়া দক্ষতা বিকাশৰ লগতে পুনৰ দক্ষকৰণ কিম্বা দক্ষতাৰ উত্তৰণৰ প্ৰাসংগিকতা আহি পৰিছে।

মন্ত্ৰালয়টোৱে লকডাউনৰ সময়চোৱাত ভাৰতস্কীলছ পৰ্টেলৰ জৰিয়তে সম্পন্ন কৰা প্ৰশিক্ষণৰ বাবে ২৯টা জনপ্ৰিয় পাঠ্যক্ৰমৰ পাঠ্যসূচী, ৭১টা পাঠ্যক্ৰমৰ ই-লাৰ্ণিং ভিডিঅ আৰু ৰাষ্ট্ৰীয় দক্ষতা আহৰণ কৰ্মপন্থা(এনএছকিউএফ) সংলগ্ন কাৰুশিল্পী প্ৰশিক্ষণ আঁচনি(চিটিএছ)ৰ মুঠ ১৩৭টা বৃত্তিগত প্ৰশিক্ষণৰ বাবে প্ৰশ্নভাণ্ডাৰ আগবঢ়াই ৯,৩৮,৮৫১গৰাকী প্ৰশিক্ষাৰ্থীক উপকৃত কৰে। সেইদৰে ভাৰতস্কীল মোবাইল এপ্-ৰ জৰিয়তেও আন ১,৩১,২৪১গৰাকী প্ৰশিক্ষাৰ্থীয়ে এইখিনি সময়ত সুফল লাভ কৰিবলৈ সক্ষম হয়। একেদৰে, নেশ্যনেল ইনষ্ট্ৰাকশ্যনেল মিডিয়া ইনষ্টিটিউট(এনআইএমআই)য়ে আগবঢ়োৱা ৩০৮০টা অনলাইন প্ৰশিক্ষণৰ জৰিয়তে ১৬,৫৫,৯৫৩গৰাকী, ডাইৰেক্টৰ জেনেৰেল অব ট্ৰেইনিং(ডিজিটি)ৰ অংশীদাৰী প্ৰতিষ্ঠান কুৱেষ্ট এলায়েন্স,আইবিএম, নাছকম-মাইক্ৰছফ্ট আৰু চিছক’’ আদিয়ে পৰিচালনা কৰা প্ৰশিক্ষণৰ জৰিয়তে ১,৮৪,২৯৬গৰাকী প্ৰশিক্ষাৰ্থীৰ উপৰিও ৩৩খন ৰাষ্ট্ৰীয় দক্ষতা প্ৰশিক্ষণ প্ৰতিষ্ঠানয়ে পৰিচলনা কৰা ৩৫টা চিটিচি, ৩৪টা চিআইটিএছৰ প্ৰশিক্ষণৰ জৰিয়তে মুঠ ১৬,৭৬৭গৰাকী প্ৰশিক্ষাৰ্থী উপকৃত হয়।

আজি ৰাজ্যসভাত এক লিখিত উত্তৰত এই তথ্য প্ৰকাশ কৰে দক্ষতা বিকাশ আৰু উদ্যমশীলতা বিভাগৰ ৰাজ্যিক মন্ত্ৰী শ্ৰী আৰ কে সিঙে।

 

****

YKB/SK/KB


(Release ID: 1657117) Visitor Counter : 150