প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়

সংসদত কৃষি বিধেয়কৰ গৃহীতকৰণত কৃষকসকললৈ প্ৰধানমন্ত্ৰীৰ শুভেচ্ছা

Posted On: 20 SEP 2020 4:10PM by PIB Guwahati

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে সংসদত কৃষি খণ্ডৰ যুগান্তকাৰী কৃষি বিধেয়কখন গৃহীত হোৱাত কৃষকসকললৈ শুভেচ্ছা জ্ঞাপন কৰিছে৷

এলানি টুইটত প্ৰধানমন্ত্ৰীয়ে এইদৰে কয়, ‘‘ভাৰতৰ কৃষিখণ্ডৰ বাবে এয়া এক যুগান্তকাৰী মুহূৰ্ত৷ আমাৰ কঠোৰ পৰিশ্ৰমী কৃষকসকললৈ অভিনন্দন৷ এই বিধেয়ক গৃহীত হোৱাৰ জৰিয়তে কৃষি খণ্ডৰ সম্পূৰ্ণ পৰিৱৰ্তন হোৱাৰ লগতে কোটি কোটি কৃষক উপকৃত হ’ব৷

দশকজুৰি ভাৰতীয় কৃষকসকলে বিভিন্ন বাধা তথা মধ্যভোগীৰ হাৰাশাস্তিৰ সন্মুখীন হ’বলগীয়া হৈ আছিল৷ সদনত এই বিধেয়ক গৃহীত হোৱাৰ জৰিয়তে কৃষকসকল তেনে ধৰণৰ সমস্যাৰ পৰা মুক্ত হ’ল৷ এই বিধেয়ক কেইখনে কৃষকসকলৰ উপাৰ্জন দুগুণ কৰাৰ স্বপ্ন বাস্তৱায়িত কৰিব৷

আমাৰ কৃষি খণ্ডত প্ৰযুক্তিৰ আৱশ্যকতা অতিশয় জৰুৰী হৈ পৰিছিল৷ এতিয়া এই বিধেয়ক গৃহীতকৰণৰ দ্বাৰা আমাৰ কৃষকসকলে উৎপাদন বৃদ্ধি কৰিব পৰা প্ৰযুক্তি ব্যৱহাৰ কৰিব পাৰিব৷ এয়া এক আদৰণিমূলক পদক্ষেপ৷

মই এয়া আগতেও কৈছিলো আৰু এতিয়াও কৈছোঃ এমএছপি প্ৰণালী অব্যাহত থাকিব৷ চৰকাৰী ক্ৰয় প্ৰক্ৰিয়া অব্যাহত থাকিব৷ আমি ইয়াত কৃষকসকলৰ সেৱাৰ্থে উপস্থিত আছো৷ তেওঁলোকৰ সাহাৰ্যাথে আমি যথাসম্ভৱ সমৰ্থন প্ৰদান কৰিম যাতে তেওঁলোকৰ আগন্তুক প্ৰজন্মই এক সুন্দৰ জীৱন লাভ কৰিব পাৰে৷’’

***

VRRK/SH/MANN



(Release ID: 1657076) Visitor Counter : 212