ব্যক্তি, ৰাজহুৱা অভিযোগ আৰু পেঞ্চন মন্ত্ৰালয়

ক’ভিড-১৯ৰ সময় পেন্সনাৰকলৰ কল্যানৰ বাবে লোৱা পদক্ষেপ

Posted On: 17 SEP 2020 5:12PM by PIB Guwahati

কেন্দ্ৰীয় ড’নাৰ (স্বতন্ত্ৰ দায়িত্ব), প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়, কৰ্মচাৰী, ৰাজহুৱা অভিযোগ, পেন্সন, আণৱিক শক্তি আৰু মহাকাশ বিভাগৰ ৰাজ্যিক মন্ত্ৰী ড০ জিতেন্দ্ৰ সিঙে আজি ৰাজ্যসভাত ক’ভিড-১৯ৰ সময়ত পেন্সনাৰসকল উপকৃত হোৱাকৈ চৰকাৰে গ্ৰহণ কৰা পদক্ষেপসমূহৰ সন্দৰ্ভত কেতবোৰ তথ্য সদৰি কৰে৷

এই ক্ষেত্ৰত পেন্সন আৰু পেন্সনাৰসকলৰ কল্যান বিভাগে ক’ভিড-১৯ মহামাৰীৰ সময়ত সময়মতে পেন্সন আৰু অৱসৰৰ সুবিধাসমূহ লাভ কৰাটো সুনিশ্চিত কৰি তেওঁলোকৰ সুস্থতাৰ ওপৰত গুৰুত্ব আৰোপ কৰিছে৷

বিভাগটোৱে গ্ৰহণ কৰা কেতবোৰ প্ৰচেষ্টা হ’ল-

  • এইমছৰ সঞ্চালক ড০ ৰণদীপ গুলেৰীৰ সৈতে ভাৰতৰ ২০খন চহৰৰ একাংশ পেন্সনাৰক লৈ ক’ভিড-১৯ৰ কাৰক আৰু ইয়াৰ ভয়াবহতাৰ পৰা হাত সাৰি থকাৰ উপায় সন্দৰ্ভত সজাগ কৰাৰ লক্ষ্যৰে বিভাগটোৱে এক ৱেবিনাৰ আয়োজন কৰে৷
  • পেন্সনাৰসকলৰ প্ৰতিৰোধমূলক স্বাস্থ্য সেৱাৰ প্ৰতি লক্ষ্য ৰাখি ২০খন চহৰৰ একাংশ পেন্সনাৰক যোগ প্ৰশিক্ষকৰ জৰিয়তে তেওঁলোকৰ ৰোগ প্ৰতিৰোধ কৰিব পৰা কেতবোৰ প্ৰদৰ্শনেৰে লকডাউনৰ সময়ত সুস্থ হৈ থকাৰ কৌশল শিকোৱা হয়৷
  • ক’ভিড-১৯ মহামাৰীৰ সুস্থিৰতা নহালৈকে পেন্সনাসকলৰ পেন্সন সময়মতে পোৱাৰ পিপিঅ’যোগে প্ৰদানৰ ব্যৱস্থা কৰা হৈছে৷
  • চিচিএছ(পেন্সন) অধিনিয়ম, ১৯৭২ৰ অনুসৰি কোনো কৰ্মচাৰী অৱসৰৰ পূৰ্বেই তেওঁলোকৰ পেন্সন দাবী ফৰ্ম দাখিলৰ যি সময়সীমা, সেই ক্ষেত্ৰত কিছু ৰেহাই দিয়া হৈছে৷
  • কেন্দ্ৰীয় চৰকাৰৰ অসামৰিক পেন্সনাৰসকলৰ জীৱন ধাৰণৰ মান উন্নত কৰাৰ বাবে ডিজিলকাৰসহ এক সংহত ই-পিপিঅ’ৰ ব্যৱস্থা কৰা হৈছে৷ ইয়াৰ জৰিয়তে পেন্সনাৰসকলে পিপিঅ’ৰ শেহতীয়া কপি প্ৰিণ্ট আউট কৰিব ল’ব পাৰিব৷
  • তদুপৰি, ক’ভিড-১৯ৰ পৰিপ্ৰেক্ষিতত জ্যেষ্ঠ ব্যক্তিসকলৰ সহজে ক’ৰোনাৰ দ্বাৰা সংক্ৰমিত হোৱাৰ বাবে কেন্দ্ৰীয় চৰকাৰৰ সকলো পেন্সনাৰক জীৱনৰ প্ৰমাণ-পত্ৰ দাখিল কৰাৰ সময়সীমা ১ নৱেম্বৰৰ পৰা ৩১ ডিচেম্বৰ, ২০২০লৈ বৃদ্ধি কৰা হৈছে৷

*****

SNC/DB



(Release ID: 1656574) Visitor Counter : 120