প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়

মনিপুৰ পানী যোগান প্ৰকল্পৰ আধাৰশিলা স্থাপন অনুষ্ঠানত প্ৰধানমন্ত্ৰী ভাষণৰ অসমীয়া অনুবাদ

Posted On: 23 JUL 2020 3:16PM by PIB Guwahati

মণিপুৰৰ ৰাজ্যপাল শ্রীমতী নাজমা হেপতুল্লা মহোদয়া,

মণিপুৰৰ জনপ্রিয় মুখ্যমন্ত্রী শ্রী এন বীৰেন সিং,

মোৰ কেন্দ্রীয় কেবিনেটৰ সহযোগী শ্রী গজেন্দ্ৰ সিং শ্বেখাৱট, শ্রী জিতেন্দ্ৰ সিং, শ্রী ৰতনলাল কাটাৰিয়া,

মণিপুৰৰ সাংসদ তথা বিধানসভাৰ জনপ্ৰতিনিধিবৃন্দ,

মণিপুৰৰ মোৰ প্রিয় ভাই-ভনীসকল,

আজিৰ এই কাৰ্যসূচী এইটো প্ৰমাণ কৰিলে যে ক’ৰোনাৰ এই সংকটকালতো আমাৰ দেশ স্তিমিত হোৱা নাই, ক’তো ৰুদ্ধ হোৱা নাই তথা দেশ ক্লান্ত হোৱা নাই৷ যেতিয়ালৈকে ভেকচিন আমাৰ হাতলৈ নাহে, তেতিয়ালৈকে ক’ৰোনাৰ বিৰুদ্ধে আমি সকলো শক্তিৰে যুঁজ কৰি যাব লাগিব আৰু জয়ী হ’ব লাগিব৷ ইয়াৰ সমান্তৰালভাৱে উন্নয়নৰ কামসমূহো পূর্ণ শক্তিৰে আগুৱাই নিব লাগিব৷ এইবাৰ পূব আৰু উত্তৰ-পূব ভাৰতে এনে দুগুণ সমস্যাৰ মাজেৰে আগুৱাই যাব লগা হৈছে৷ এই বছৰ উত্তৰ-পূব ভাৰতত ধাৰাসাৰ বৰষুণৰ ফলত ব্যাপক ক্ষতি হৈছে, বহুত মানুহৰ মৃত্যু হৈছে, বহুতে ঘৰ-বাৰী এৰি যাবলগীয়া হৈছে৷ মই সকলো সংকটাপন্ন পৰিয়ালসমূহৰ প্ৰতি সমবেদনা জনাইছো৷ এই কঠিন সময়ত মই আপোনালোক সকলোকে আশ্বাস দিব বিচাৰিছো যে সমগ্ৰ দেশ আপোনালোক কাষত আছে৷ সংশ্লিষ্ট ৰাজ্য চৰকাৰসমূহৰ সৈতে কেন্দ্রীয় চৰকাৰে কান্ধত কান্ধ মিলাই কাম কৰিছে। প্ৰয়োজনীয় সকলোবোৰ কৰাৰ বাবে প্ৰচেষ্টা অব্যাহত আছে৷

বন্ধুসকল,

মণিপুৰত ক’ৰোনা সংক্ৰমণৰ গতি আৰু ব্যাপ্তি নিয়ন্ত্ৰণৰ বাবে ৰাজ্য চৰকাৰে দিনে-ৰাতিয়ে কাম কৰিছে৷ লকডাউনৰ সময়ত মণিপুৰৰ জনগণৰ বাবে সকলো জৰুৰী সেৱা আৰু যিসকল ৰাজ্যৰ বাহিৰত আছে, তেওঁলোকক ঘূৰাই অনাৰ বিশেষ ব্যৱস্থা কৰাৰ দৰে প্ৰতিটো গুৰুত্বপূর্ণ পদক্ষেপ ৰাজ্য চৰকাৰে যথাসময়ত লৈ আহিছে।প্ৰধানমন্ত্রী গৰীৱ কল্যাণ অন্ন যোজনা জৰিয়তে মণিপুৰৰ প্রায় ২৫ লাখ গৰীৱ ভাই-ভনী অর্থা, প্রায় ৫-৬ লাখ পৰিয়ালক বিনামূলীয়া খাদ্যশস্য দিয়া হৈছে৷ একেদৰে, এই ৰাজ্যৰ ১.৫০ লাখতকৈও অধিক ভগ্নীকউজ্জ্বালাযোজনাৰ জৰিয়তে বিনামূলীয়া গেছ চিলিণ্ডাৰ বিতৰণ কৰা হৈছে৷ মই বিশ্বাস কৰো কেন্দ্রীয় চৰকাৰৰ এই প্ৰকল্পসমূহে এই সংকটৰ সময়ত এনেদৰেই দৰিদ্ৰ লোকসকলৰ সাহাৰ্যাৰ্থে কাম কৰি যাব৷

বন্ধুসকল,

আজি ইম্ফলকে ধৰি মণিপুৰৰ লাখ লাখ জনতাৰ বাবে, বিশেষকৈ আমাৰ ভগ্নীসকলৰ বাবে এক ডাঙৰ দিন। কেইদিনমানৰ পাছতে ৰাখী সৱ আহিছে। তাৰ পূৰ্বে মণিপুৰৰ ভগ্নীসকলৰ বাবে এক ডাঙৰ উপহাৰৰ আৰম্ভ হ’বলৈ গৈ আছে। প্রায় ৩,০০০ কোটি টকা বিনিয়োগেৰে মণিপুৰ পানী যোগান প্ৰকল্পই ইয়াৰ জনসাধাৰণৰ পানীৰ সমস্যা লাঘৱ কৰিব৷ বৃহত্তৰ ইম্ফলসহ সৰু-ডাঙৰ ২৫খন চহৰ আৰু ১,৭০০তকৈও অধিক গাঁৱত এই প্ৰকল্পৰ জৰিয়তে যি পানী যোগান ধৰা হ’ব, সেই জলধাৰা আপামৰ মানুহৰ জীৱনধাৰাত পৰিণত হ’ব৷ আটাইতকৈ ডাঙৰ কথাটো হ’ল এই প্ৰকল্পই প্ৰকৃতাৰ্থই বর্তমানৰ কথা ভাবি গঢ়ি তোলা হোৱা নাই, অহা ২০-২২ বছৰৰ প্ৰয়োজনীয়তাৰ প্ৰতি লক্ষ্য ৰাখি ইয়াৰ নক্সা প্ৰস্তুত কৰা হৈছে৷ এই প্ৰকল্পৰ জৰিয়তে লাখ লাখ মানুহৰ ঘৰ বিশুদ্ধ খোৱা পানী প্ৰদান কৰা হ’ব৷ ইয়াৰ জৰিয়তে কেইবাহাজাৰ লোকৰ কর্মসংস্থাপনো হ’ব৷ আপোনালোকে জানে যে যেতিয়া আমি বিশুদ্ধ পানীয় জল পান কৰো, তেতিয়া আমাৰ শৰীৰত ৰোগ প্ৰতিৰোধক ক্ষমতা বৃদ্ধি পায়। ৰোগ প্ৰতিৰোধত যথেষ্ট সহায় কৰে, ৰোগ দূৰত থাকে। সেইবাবে কেৱল নলৰ জৰিয়তে পানী অহাটোৱেই যথেষ্ট নহয়, নিশ্চিতভাবে এই প্ৰকল্পই প্ৰত্যেক ঘৰত নলাৰ জৰিয়তে পানী যোগান দিয়াৰ আমাৰ লক্ষ্যক বাস্তবায়িত কৰাত ত্বৰান্বিত কৰিব৷ মই এই পানী যোগান প্ৰকল্পৰ বাবে মণিপুৰৰ জনসাধাৰণ আৰু বিশেষকৈ মোৰ মণিপুৰৰ মাতৃ-ভগ্নীসকলক বহুত বহুত শুভেচ্ছা জনাইছো৷

বন্ধুসকল,

বিগত বৰ্ষত যেতিয়া দেশত জল জীৱন মিশনৰ আৰম্ভ হৈছিল, তেতিয়া মই কৈছিলো, আমাৰ পূৰ্ব চৰকাৰসমূহৰ তুলনাত বহুত গুণে দ্রুত কাম কৰিব লাগিব৷ যেতিয়া ১৫ কোটিতকৈ অধিক ঘৰত নলাৰ জৰিয়তে পানী যোগান ধৰিব লাগিব, তেতিয়া এক মুহূর্তও বিলম্ব কৰা কথা ভাবিব পৰা নাযায়৷ সেইবাবে লকডাউনৰ সময়তো পঞ্চায়তসমূহৰ সৈতে গাঁৱে গাঁৱে পাইপলাইন সংস্থাপন আৰু সজাগতা বৃদ্ধিৰ কাম নিৰন্তৰ কৰি অহা হৈছে৷

বৰ্তমানৰ পৰিস্থিতি এনে হৈছে যে প্ৰতিদিনে প্রায় দেশৰ লাখ ঘৰত নলাৰ জৰিয়তে পানী যোগানৰ ব্যৱস্থা কৰা সম্ভব হৈছে৷ অর্থা, প্ৰতিদিনে লাখ মাতৃ-ভগ্নীৰ জীৱনৰ পৰা পানীক লৈ দুশ্চিন্তা আমি দূৰ কৰিবলৈ সক্ষম হৈছো৷ আন কথাত ক’বলৈ হ’লে প্ৰতিদিনে লাখ পৰিয়ালৰ মাতৃ-ভগ্নীৰ জীৱন সহজ কৰি তোলা হৈছে৷ জল জীৱন মিশনক দেশত এক গণ-আন্দোলন হিচাপে পৰিণত কৰাৰ সাফল্য হিচাপে ইমান দ্রুতগতিত কাম কৰা হৈছে৷ ইয়াৰ ভিতৰত গাঁৱৰ লোকসকল বিশেষকৈ, গাঁৱৰ ভগ্নীসকল, গাঁৱৰ জনপ্ৰতিনিধিসকলৰ সৈতে আলোচনাৰ জৰিয়তে ঠিক কৰিছে কোনফালে পাইপলাইন লগাব লাগিব, কোন সৰ পৰা জল নিয়া হ’ব, ক’ত টেংকী সাজিব আৰু ক’ত কিমান টকা লাগিব৷

বন্ধুসকল,

চৰকাৰী ব্যৱস্থাত ইমান ডাঙৰ বিকেন্দ্রীকৰণ, ইমান বৃহ পৰিসৰত তৃণমূল পৰ্যায়ত সবলীকৰণ-আপোনালোকে কল্পনা কৰিব পাৰেনে, পানী আমাৰ জীৱনত কিমান ডাঙৰ শক্তি হৈ আহিছে?

বন্ধুসকল,

সহজ জীৱনধাৰণ, উন্নত জীৱনধাৰণৰ এক প্ৰয়োজনীয় পূব চর্ত। টকা-পইচা কম থাকিব পাৰে, বেছিও থাকিব পাৰে, কিন্তু আমাৰ সকলোৰে সহজ জীৱনধাৰণৰ অধিকাৰ আছে বিশেষকৈ আমাৰ দুখীয়া ভাই, ভনী, মাতৃ, দলিত, পিছপৰা লোক, জনজাতি-সকলোৰ জীৱনত সহজ জীৱনধাৰণৰ অধিকাৰ আছে৷

সেইবাবে বিগত ছবছৰত ভাৰতত সহজ জীৱনধাৰণৰো এক ডাঙৰ আন্দোলন অব্যাহত আছে। ভাৰতে ইয়াৰ নাগৰিকসকলৰ জীৱনত প্ৰত্যেক প্ৰয়োজনীয় সেৱা প্ৰদানৰ চেষ্টা কৰিছে৷ বিগত ছবছৰত প্ৰতিটো পৰ্যায়ত, প্ৰত্যেক ক্ষেত্রত এনে পদক্ষেপ লোৱা হৈছে যি দুখীয়া সাধাৰণ জনতাক আগুৱাই যোৱাৰ ক্ষেত্রত সাহ যোগাইছে। আজি মণিপুৰসহ সমগ্ৰ ভাৰতে মুকলি স্থান শৌচমুক্ত হিচাপে ঘোষিত হৈছে। আজি ভাৰতৰ প্ৰতিখন গাঁৱত বিদ্যু সংযোগ প্ৰদান কৰা হৈছে। প্রায় প্ৰতিটো পৰিয়ালকে বিদ্যু সংযোগ দিয়া হৈছে৷ আজি দৰিদ্ৰতম ব্যক্তিৰ ৰন্ধন ঘৰতো এলপিজি গেছ পাইছে। প্ৰতিখন গাঁৱত পকী পথ নির্মাণ কৰা হৈছে৷ প্ৰতিটো দুখীয়া গৃহহীন পৰিয়ালক পকী ঘৰ নিৰ্মাণ কৰি দিয়া হৈছে৷ আটাইতকৈ ডাঙৰ সমস্যা আছিল বিশুদ্ধ খোৱা পানী, যি এতিয়া মিশন ম’ডত সম্পন্ন কৰাৰ কাম চলিছে৷

বন্ধুসকল,

উন্নত জীৱনযাপনৰ বাবে প্ৰগতি আৰু সমৃদ্ধিৰ সৈতে যোগাযোগ ব্যৱস্থাৰ পোনপটীয়া সম্পর্ক আছে৷ উত্তৰ-পূব ভাৰতত যোগাযোগ ব্যৱস্থাৰ উন্নয়নএ ইয়াৰ জনসাধাৰণৰ সহজ জীৱনধাৰণ সুনিশ্চিত কৰাৰ বাবে যিমান প্ৰয়োজনীয়, সিমানেই নিৰাপদ আৰু আত্মনির্ভৰ ভাৰতৰ লক্ষ্য সম্পূর্ণ কৰাৰ বাবেও অত্যন্ত প্ৰয়োজনীয়। সেইবাবে এফালে যেনেকৈ ম্যানমাৰ, ভুটান, নেপাল আৰু বাংলাদেশৰ সৈতে আমাৰ সামাজিক আৰু বাণিজ্যিক সম্পর্ক শক্তিশালী হ’ব, আনফালে, সিমানেই ভাৰতৰপূর্বৰ বাবে কাম কৰানীতিক শক্তিশালী কৰিব৷

আমাৰ এই উত্তৰ-পূর্বাঞ্চল এফালৰ পৰা চাবলৈ গ’লে পূব এছিয়াৰ সৈতে আমাৰ প্রাচীন সাংস্কৃতিক সম্পর্কৰ আৰু আমাৰ ভৱিষ্যতৰ বাণিজ্য, যাতায়াত আৰু পর্যটনৰ সম্পর্কৰ সিংহদ্বাৰ৷ এই ভাৱনাৰে মণিপুৰৰ সৈতে সমগ্ৰ উত্তৰ-পূব ভাৰতৰ যোগাযোগ ব্যৱস্থা উন্নত কৰাৰ বাবে প্ৰতিনিয়ত আন্তঃগাঁথনি উন্নয়নত জোৰ দিয়া হৈছে৷ পথ, ঘাইপথ, বিমান পথ, জলপথ আৰু আই-ৱেজৰ লগতে গেছ পাইপলাইনৰো আধুনিক আন্তঃগাঁথনি, অপটিকেল ফাইবাৰ আন্তঃগাঁথনি, পাৱাৰ গ্রিড ব্যৱস্থা - এনে বহুত কাম, এনে বহুত আন্তঃগাঁথনিগত উন্নয়নৰ জাল উত্তৰ-পূর্বাঞ্চলত স্থাপন কৰা হৈছে৷

বিগত ছবছৰত সমগ্ৰ উত্তৰ-পূব ভাৰতৰ আন্তঃগাঁথনি উন্নয়নত হাজাৰ হাজাৰ কোটি টকা বিনিয়োগ কৰা হৈছে৷ উত্তৰ-পূব ভাৰতৰ ৰাজ্যসমূহৰ প্ৰতিখন ৰাজধানীক ফ’ৰলেন ঘাইপথ আৰু জিলা চহৰসমূহক দ্বৈত পথ আৰু গাঁওসমূহত সকলো ঋতুত যাতায়াত কৰিব পৰা পকী পথৰ জৰিয়তে যুক্ত কৰাৰ চেষ্টা কৰা হৈছে৷ ইয়াৰ জৰিয়তে প্রায় ৩,০০০ কিলোমিটাৰ পথ ইতিমধ্যে নির্মিত হৈছে আৰু আৰু ৬,০০০ কিলোমিটাৰ পথ নির্মাণৰ প্ৰকল্প দ্রুতগতিত আগুৱাইছে৷

বন্ধুসকল,

উত্তৰ-পূব ভাৰতত ৰে’ল যোগাযোগ ব্যৱস্থা উন্নত কৰাৰ ক্ষেত্রত ইমান কাম হৈছে যে প্ৰত্যেকে এই পৰিৱর্তন দেখা পাইছে৷ এফালে নতুন নতুন ষ্টেচনসমূহত ৰে’ল পাইছে, আনফালে উত্তৰ-পূব ভাৰতৰ ৰে’ল নেটৱৰ্কক ব্ৰ’ডগজলৈ ৰূপান্তৰিত কৰা হৈছে৷ আপোনালোক সকলোৱে নিশ্চিতভাবে এই পৰিৱৰ্তন অনুভৱ কৰিছে৷ প্রায় ১৪,০০০ কোটি টকা বিনিয়োগেৰে জিৰিবাম-ইম্ফল ৰে’ল লাইন নিৰ্মাণ হৈছে৷ এইটো সম্পূর্ণ হ’লে মণিপুৰৰ জনজীৱনত বহুত পৰিৱৰ্তন আহিব৷ সেইদৰে উত্তৰ-পূব ভাৰতৰ প্ৰতিখন ৰাজ্যৰ ৰাজধানীকে অহা দুবছৰৰ ভিতৰত উন্নত ৰে’ল নেটৱর্কৰ জৰিয়তে সংযোগ কৰাৰ কাম দ্রুতগতিতে আগুৱাই গৈছে৷

বন্ধুসকল,

পথ আৰু ৰে’লপথক বাদ দি উত্তৰ-পূব ভাৰতত বিমান যোগাযোগো সিমানেই গুৰুত্বপূর্ণ। বৰ্তমান উত্তৰ-পূব ভাৰতত সৰু-ডাঙৰ মিলি প্রায় ১৩টা সক্রিয় বিমানবন্দৰ আছে৷ ইম্ফল বিমানবন্দৰসহ উত্তৰ-পূব ভাৰতত সক্রিয় বিমানবন্দৰসমূহৰ সম্প্ৰসাৰণৰ জৰিয়তে সেইবোৰত আধুনিক সেৱা গঢ়ি তুলিবলৈ ৩,০০০ কোটি টকাতকৈও অধিক ধন আৱণ্টন কৰা হৈছে৷

বন্ধুসকল,

উত্তৰ-পূব ভাৰতৰ বাবে আন এক ডাঙৰ প্ৰকল্প দ্রুতগতিত চলি আছে, সেয়া হ’ল অন্তর্দেশীয় জলপথৰ সৈতে যোগাযোগ স্থাপন। এই ক্ষেত্রত মই এক ডাঙৰ বিপ্লৱ প্ৰত্যক্ষ কৰিছো৷ উত্তৰ-পূব ভাৰতত এতিয়া ২০টাতকৈও অধিক ৰাষ্ট্ৰীয় জলপথ আৰম্ভ কৰাৰ কাম আগবাঢ়িছে। ভৱিষ্যতত ইয়াৰ যোগাযোগ ব্যৱস্থা কেৱল শিলিগুৰি কৰিড’ৰলৈকে সীমাবদ্ধ হৈ নাথাকে৷ এতিয়া সমুদ্ৰ আৰু নদীসমূহৰ নেটৱর্কৰ জৰিয়তে এক অপ্ৰতিৰোধ্য যোগাযোগ ব্যৱস্থা গঢ়ি তোলাৰ কাম আৰম্ভ হৈছে৷ যোগাযোগ ব্যৱস্থা উন্নয়নৰ ফলত আটাইতকৈ অধিক লাভবান হৈছে আমাৰ উদ্যোগপতি আৰু আমাৰ কৃষকসকল৷ সেইদৰে উত্তৰ-পূব ভাৰতত মাল পৰিবহণৰ সময়ো ৰাহি হৈছে৷ আন এক লাভ হৈছে উত্তৰ-পূব ভাৰতৰ গাঁওসমূহৰ পৰা কৃষকসকলৰ পাদিত গাখীৰ, শাক-পাচলি আৰু ইয়াৰ বিভিন্ন খনিজ পদার্থ দেশ-বিদেশৰ ডাঙৰ বজাৰসমূহলৈ পোনপটীয়াকৈ প্ৰেৰণ কৰিব পৰা গৈছে৷

বন্ধুসকল,

উত্তৰ-পূব ভাৰতৰ প্রাকৃতিক আৰু সাংস্কৃতিক বৈচিত্র্যই এই দেশৰ সাংস্কৃতিক শক্তিৰ এক ডাঙৰ প্ৰতীক। এই শক্তিয়ে ভাৰতৰ সন্মান আৰু শৌর্য্যৰো প্ৰতীক৷ এনে পৰিপ্রেক্ষিতত আধুনিক আন্তঃগাঁথনি গঢ় লৈ উঠিলে এই ৰাজ্যসমূহত পর্যটনো শক্তিশালী হ’ব৷ মণিপুৰকে ধৰি উত্তৰ-পূর্বাঞ্চলৰ পর্যটনৰ সম্ভাৱনা আজিও সঠিকভাবে অনাবিষ্কৃত হৈ ৰৈছে। এতিয়া মই দেখিছো বিভিন্ন সামাজিক মাধ্যম আৰু ভিডিঅ’ ষ্ট্ৰিমিঙৰ জৰিয়তে দেশ-বিদেশত উত্তৰ-পূব ভাৰতৰ যি ছবি প্ৰেৰণ কৰা হৈছে, সেইবোৰে ইয়াৰ পর্যটনৰ বিকাশৰ সুফলে প্ৰতিটো পৰিয়ালক উপকৃত কৰিব৷ উত্তৰ-পূব ভাৰতৰ পর্যটনৰ ক্ষেত্রত অনাবিষ্কৃত স্থানসমূহৰ ভিডিঅ’ই সকলোকে আশ্চর্যচকিত কৰি তুলিছে। সকলোৱে এইটো ভাবি গৌৰৱবোধ কৰিছে যে এই স্থান আমাৰ দেশতে আছে৷ উত্তৰ-পূব ভাৰতে ইয়াৰ এই শক্তিকে সম্পূর্ণভাৱে ব্যৱহাৰ কৰক, ইয়াৰ নৱ প্ৰজন্মৰ কর্মসংস্থাপনৰ সুযোগ গঢ়ি তোলক-এই ভাৱানা মনত লৈ চৰকাৰে বহুত কাম কৰি আহিছে৷

বন্ধুসকল,

উত্তৰ-পূবাঞ্চল এদিন ভাৰতৰ উন্নয়নৰ চালিকাশক্তি হৈ উঠাৰ ক্ষমতা আছে৷ এই বিশ্বাস প্ৰতিদিনে মোৰ মনত আৰু অধিক সুদৃঢ় হৈছে কাৰণ এতিয়া সমগ্ৰ উত্তৰ-পূর্বাঞ্চলত শান্তি পুনৰ স্থাপিত হৈছে৷ যি অঞ্চলৰ পৰা আগতে কেৱল নেতিবাচক খবৰ আহিছিল, তাত এতিয়া শান্তি, উন্নয়ন আৰু সমৃদ্ধিৰ মন্ত্ৰ গুঞ্জৰিত হৈছে৷

এফালে য’ত মণিপুৰত অৱৰোধ-প্ৰতিৰোধ ইতিহাসৰ অংশ হৈ উঠিছিল। অলপ আগতে আমাৰ মুখ্যমন্ত্রী মহোদয়ে কৈছিল মইও মোৰ ফালৰ পৰা উত্তৰ-পূব ভাৰতৰ নাগৰিকসকলক বিশেষকৈ মণিপুৰৰ জনগণক আন্তৰিক অভিনন্দন জনাইছো৷ আপোনালোক মোৰ সৈতে আছে, মোৰ কণ্ঠক শক্তি দিছে আৰু আজি মণিপুৰত প্ৰতিৰোধ-অৱৰোধ অতীত হৈ পৰিছে৷ অসমত কেইবা দশক ধৰি যি হিংসাৰ বাতাবৰণ গঢ় লৈ উঠিছিল সেয়াও এতিয়া স্থিমিত হৈছে৷ ত্রিপুৰা আৰু মিজোৰামৰ যুৱকসকলেও হিংসাৰ পথ ত্যাগ কৰিছে। এতিয়া ব্রূ-ৰিয়াং শৰণার্থীসকলে এক উন্নত জীৱনৰ দিশত আগুৱাই গৈছে৷

বন্ধুসকল,

উন্নত আন্তঃগাঁথনি, যোগাযোগ ব্যৱস্থা আৰু শান্তি-যেতিয়া এই তিনিটা দিশ উন্নত হয়, তেতিয়া উদ্যোগৰ বাবে, বিনিয়োগেৰ বাবে সম্ভাৱনা বহুত বেছি বাঢ়ি যায়। উত্তৰ-পূব ভাৰতত জৈবিক শস্য আৰু বাঁহ-এই দুটাৰ ইমান শক্তি আছে, যি আত্মনির্ভৰ ভাৰত অভিযানক শক্তিশালী কৰি তোলাৰ সামর্থ্য আছে৷ মই যেতিয়া আপোনালোকৰ সৈতে কথা কও এই সুযোগত উত্তৰ-পূব ভাৰতৰ কৃষক ভাই-ভনীসকলক বিশেষভাৱে ক’ব বিচাৰো, মই দীর্ঘদিন ধৰি একেৰাহে কৈ আহিছো যে উত্তৰ-পূব ভাৰত দেশৰ জৈৱিক ৰাজধানী হৈ উঠিব পাৰে৷ আজি মই আন এটি কথা ক’ব বিচাৰো৷ বৰ্তমান কেইগৰাকীমান বৈজ্ঞানিকৰ সৈতে আলোচনাৰ সুযোগ হয়৷ তেওঁলোক আছিল কৃষি বিজ্ঞানী আৰ আছিল কেইবাজনো কৃষি অর্থনীতিবিদ৷ তেওঁলোকে মোক এক মজাৰ কথা ক’লে৷ তেওঁলোকে মোক ক’লে উত্তৰ-পূব ভাৰতৰ কৃষকসকলে যদি অধিক পৰিমাণে পামোলিনৰ খেতি আৰম্ভ কৰে, তেতিয়াহ’লে ইয়াৰ কৃষকসকলে বৃহ সাফল্য লাভ কৰিব৷ আজি ভাৰতত পামোলিন তেলৰ নিশ্চিত বজাৰ আছে৷ উত্তৰ-পূব ভাৰতৰ কৃষকসকলে জৈৱিক খেতিৰ জৰিয়তে পামোলিনকো যুক্ত কৰিলে আপোনালোকে কল্পনা কৰিব পাৰে যে আপোনালোক ভাৰতৰ কিমান ডাঙৰ সেৱা কৰিব? আমাৰ অর্থনীতিক কিমান নতুন গতি প্ৰদান কৰিব? মই উত্তৰ-পূব ভাৰতৰ সকলো ৰাজ্য চৰকাৰক অনুৰোধ জনাইছো আপোনালোক নিজৰ নিজৰ ৰাজ্যত পামোলিন অভিযান আৰম্ভ কৰক৷ কৃষকসকলক শিক্ষিত কৰক, প্রেৰণা যোগাওক আৰু ভৱিষ্যতে মোৰ ফালৰ পৰা যদি এই কৃষকসকলক কোনো সাহায্যৰ প্ৰয়োজন হয়, তাৰ বাবেও আমি আলোচনাৰ জৰিয়তে কোনো প্ৰকল্প প্ৰস্তুত কৰিব পাৰো৷ এই বিষয়ত চিন্তা-চৰ্চা কৰিব পাৰে৷ এই কথাকে আজি মই মণিপুৰৰ ভাই-ভনীসকলক ক’ব বিচাৰো৷

মোৰ উত্তৰ-পূব ভাৰতৰ ভাই-ভনীসকল সদাই লোকেলৰ বাবে ভোকেল আছিল৷ কেৱল তেওঁলোকেই ভোকেল নাছিল, উত্তৰ-পূর্বাঞ্চলৰ বৈশিষ্ট্য হ’ল তেওঁলোকে লোকেলৰ বাবে গর্বিত। মোৰ মনত আছে যেতিয়া মই এনে স্কার্ফ লও, তেতিয়া যি ৰাজ্যৰ স্কার্ফ লও সেই ৰাজ্যৰ মানুহে গর্বৰে তাক লৈ উচাহ দেখুৱাই৷ নিজৰ এলেকাৰ পাদিত সামগ্ৰীক লৈ গৌৰৱ হোৱাটো বহুত ডাঙৰ কথা৷ সেইবাবে লোকেলৰ বাবে ভোকেল হোৱাক লৈ উত্তৰ-পূর্বৰ মানুহক বুজোৱা চেষ্টা মই নকৰাই ভাল৷ কাৰণ, আপোনালোক ইয়াতকৈ চাৰি খোজ আগুৱাই আছে৷ আপোনালোকতো লোকেলৰ বাবে বহুত বেছি গৌৰৱ কৰাৰ ব্যক্তি৷ আপোনালোক ইয়াৰ বাবে অহংকাৰ কৰিব পাৰে যে এইটো আমাৰ৷ এয়াই উত্তৰ-পূব ভাৰতৰ শক্তি৷

যিসমূহ সামগ্ৰী উত্তৰ-পূব ভাৰতত পাদিত হয় তাৰ ভিতৰত অধিকাংশই মূল্য সংযোজন, মুল্য উন্নয়ন আৰু বজাৰে পোৱাৰ ক্ষেত্রত বহুত সময়তে ৰাহি হৈ থাকি যায়৷ দেশৰ অন্যান্য অংশৰ মানুহে নাজানেই৷ এতিয়া আত্মনির্ভৰ ভাৰত অভিযানৰ জৰিয়তে স্থানীয় সামগ্ৰীৰ মূল্য সংযোজন আৰু বিপণন কৰাৰ বাবে পাইকাৰী বিপণন ব্যৱস্থাক উন্নত কৰা হৈছে৷ এই পাইকাৰী বিপণন ব্যৱস্থাৰ জৰিয়তে কৃষিজাত সামগ্ৰী ষ্টার্ট-আপ আৰু অন্যান্য উদ্যোগসমূহকো সকলো সুবিধা প্ৰদান কৰিব লাগিব৷ এই ক্ষেত্রত উত্তৰ-পূব ভাৰতৰ জৈৱিক শস্যই দেশ-বিদেশৰ বজাৰ পোৱাত প্ৰতিটো প্ৰয়োজনীয় সেৱা হাততে পোৱা যাব৷

বন্ধুসকল

উত্তৰ-পূব ভাৰতৰ দেশৰ আমদানি কৰা বাঁহৰ চাহিদাক স্থানীয় পাদনৰ জৰিয়তে পূৰণ কৰাৰ ক্ষমতা আছে৷ ভাৰতত ধূপকাঠিৰ ব্যাপক চাহিদা আছে৷ কিন্তু তাৰবাবে আমি কোটি কোটি টকাৰ বাঁহ আমদানি কৰিব লগা হয়। এনে পৰিস্থিতিক পৰিৱর্তনৰ বাবে দেশত যথেষ্ট কাম হৈছে৷ ইয়াৰ দ্বাৰা উত্তৰ-পূব ভাৰতৰ ৰাজ্যসমূহ যথেষ্ট উপকৃত হ’ব৷

বন্ধুসকল,

উত্তৰ-পূব ভাৰতৰ বাঁহ উদ্যোগক সাহ দিয়াৰ বাবে ইতিমধ্যে এক বেম্বু ইণ্ডাষ্ট্ৰিয়েল পার্কৰ স্বীকৃতি দিয়া হৈছে৷ কেৱল ইমানেই নহয়, নুমলীগড়ত বাঁহৰ পৰা জৈৱিক ইন্ধন পাদনৰ কাৰখানা গঢ়ি তোলা হৈছে৷ নেচনেল বেম্বু মিশনৰ জৰিয়তে বাঁহ খেতি, হস্তশিল্পৰ সৈতে জড়িত শিল্পীসকল আৰু অন্যান্য সেৱাৰ বাবে কেইবাশ কোটি টকা বিনিয়োগ কৰা হৈছে৷ ইয়াৰ জৰিয়তে উত্তৰ-পূর্বাঞ্চলৰ যুব সম্প্ৰদায় আৰু ইয়াৰ ষ্টার্ট-আপসমূহ যথেষ্ট পৰিমাণে উপকৃত হ’ব৷

বন্ধুসকল,

উত্তৰ-পূর্বাঞ্চলৰ এই দ্রুত পৰিৱর্তনত যিবোৰ ৰাজ্য আটাইতকৈ বেছি সক্রিয় হ’ব, তেওঁলোকেই অধিক উপকৃত হ’ব৷ মণিপুৰৰ সন্মুখত অপৰিসীম সুযোগ আছে আৰ মোৰ দৃঢ় বিশ্বাস, মণিপুৰে এই সুযোগ এৰি নিদিয়ে৷ এইবোৰৰ জৰিয়তে এই ৰাজ্যৰ কৃষক ভাই-ভনীসকল, তৰুণ উদ্যোগীসকল অধিক পৰিমাণে লাভবান হ’ব৷ আমি চেষ্টা কৰিছো যাতে মণিপুৰৰ যুৱ সম্প্ৰদায়ৰ স্থানীয় পৰ্যায়তে কর্মসংস্থাপন হয়। স্বাস্থ্য, শিক্ষা, দক্ষতা উন্নয়ন, ষ্টার্ট-আপ আৰু অন্যান্য প্ৰশিক্ষণৰ বাবে এতিয়া ৰাজ্যখনত বহু প্ৰতিষ্ঠান গঢ় লৈ উঠিছে৷

ৰাষ্ট্ৰীয় ক্রীড়া বিশ্ববিদ্যালয় আৰু বিশ্বমানৰ ষ্টেডিয়াম নির্মাণৰ ফলত মণিপুৰ দেশৰ ক্রীড়া মেধাক উজ্জ্বল কৰি তোলাৰ ক্ষেত্রত এক ডাঙৰ হাবত পৰিণত হৈছে। কেৱল ইমানেই নহয়, দেশৰ অন্যান্য অংশইও মণিপুৰকে ধৰি উত্তৰ-পূব ভাৰতৰ সকলো শিক্ষার্থীৰ এতিয়া ছাত্রাবাসসহ সকলো উন্নত সেৱা প্ৰদান কৰা হৈছে৷ উন্নয়ন আৰু বিশ্বাসৰ এই পথক আমি আৰু শক্তিশালী কৰি যাব লাগিব৷ পুনৰবাৰ আপোনালোক সকলোকে এই নতুন পানী যোগান প্ৰকল্পৰ বাবে বহুত বহুত শুভকামনা জনাইছো৷

বিশেষকৈ আমাৰ মাতৃ-ভগ্নীৰ আশীর্বাদ, আমাৰ সেই শক্তিতে বলীয়ান কৰি তোলক যাতে মোৰ দেশৰ প্ৰত্যেক নাগৰিকৰ ঘৰে ঘৰে নলাৰ জৰিয়তে পানী পোৱাৰ স্বপ্ন বাস্তবায়ানত ক’তো কোনো বাধা নহয়৷ নির্ধাৰিত সময়ৰ পূৰ্বেই যেন আমি সকলো কাম কৰিব পাৰো৷ মণিপুৰৰ মাতৃ-ভগ্নীসকলে আমাক এই আশীর্বাদ দিয়ক৷ আমি কাম কৰিব বিচাৰো৷ কাম কৰাৰ বাবে আমাৰ আশীর্বাদ দিয়ক৷ আপোনালোকৰ আশীর্বাদত বহুত শক্তি আছে৷ কেইদিনমানৰ পাছতে ৰাখী সৱ আহি আছে। মই আপোনালোকক অনুৰোধ জনাইছো, আপোনালোক আশীর্বাদ প্রার্থনা কৰক৷ আপোনালোক সকলোৱে নিজৰ স্বাস্থ্যৰ প্ৰতি যত্নপৰ হওক৷ পৰিচ্ছন্নতাৰ ক্ষেত্রত উত্তৰ-পূব ভাৰতে সদাই অতি সজাগ আৰু সতর্ক। উত্তৰ-পূব ভাৰতে এই ক্ষেত্রত সদাই দেশৰ অন্যান্য অংশৰ বাবে আৰ্হি হিচাপে বিবেচিত হৈ আহিছে৷ কিন্তু আজি যেতিয়া আমি ক’ৰোনাৰ বিৰুদ্ধে যুঁজ দিছো, তেতিয়াহ’লে দুই গজ দূৰত্ব, মাস্ক পিন্ধা আৰু বাৰে বাৰে হাত ধোঁৱা, ছেনিটাইজ কৰা, কেতিয়াও য’তে-ত’তে থুই নেপেলোৱা, পৰিৱেশক লেতেৰা নকৰাৰ দৰে নিষেধাজ্ঞাসমূহ সযত্নে পালন কৰিব লাগিব৷ আজি ক’ৰোনাৰ বিৰুদ্ধে যুঁজত এইবোৰ আটাইতকৈ শক্তিশালী অস্ত্ৰ৷ এইবোৰেই আমাৰ ক’ৰোনাৰ বিৰুদ্ধে যুঁজত আটাইতকৈ সহায়ক হৈ উঠিব৷

বহুত বহুত ধন্যবাদ!!!

*****

VRRK/VJ/BM/DB



(Release ID: 1656101) Visitor Counter : 180