প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়

স্মাৰ্ট ইণ্ডিয়া হেকাথন, ২০২০ৰ গ্ৰেণ্ড ফাইনেলত ভাষণ আগবঢ়াব প্ৰধানমন্ত্ৰীয়ে

Posted On: 31 JUL 2020 1:04PM by PIB Guwahati

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে কাইলৈ অৰ্থা ১ আগষ্টত স্মাৰ্ট ইণ্ডিয়া হেকাথন, ২০২০ৰ গ্ৰেণ্ড ফাইনেলত ভিডিঅ’ কনফাৰেন্সযোগে ভাষণ আগবঢ়াব৷ এই উপলক্ষে তেওঁ শিক্ষাৰ্থীসকলৰ সৈতেও মত বিনিময় কৰিব৷

স্মাৰ্ট ইণ্ডিয়া হেকাথন হৈছে এক ৰাষ্ট্ৰজোৰা প্ৰচেষ্টা, যাৰ জৰিয়তে আমি দৈনন্দিন জীৱনত সন্মুখীন হোৱা সমস্যাসমূহৰ সমাধানৰ এক মঞ্চ প্ৰদান কৰা, যাতে তেওঁলোকৰ মনত সেইবোৰ সামগ্ৰী উদ্ভাৱনৰ ক্ষেত্ৰত এক ধাৰণা জাগ্ৰত হয়৷ এই প্ৰচেষ্টাই উঠি অহা প্ৰজন্মৰ চিন্তা ভাৱনাত সফল ভাৱে ক্ৰিয়া কৰাটো প্ৰমাণিত হৈছে৷

২০১৭ চনত প্ৰথম স্মাৰ্ট ইণ্ডিয়া হেকাথন অনুষ্ঠিত হৈছিল, য’ত ৪২,০০০ শিক্ষাৰ্থীয়ে অংশগ্ৰহণ কৰিছিল৷ ইয়াৰ পাছত ২০১৮ আৰু ২০১৯ত শিক্ষাৰ্থীৰ সংখ্যা ক্ৰমে ১লাখ আৰু ২ লাখলৈ বৃদ্ধি পালে৷ স্মাৰ্ট ইণ্ডিয়া হেকাথন, ২০২০ৰ প্ৰথম পৰ্যায়ত ৪.৫লাখ শিক্ষাৰ্থীয়ে অংশগ্ৰহণ কৰিছিল৷ এই বছৰৰ গ্ৰেণ্ড ফাইনেলৰ ছফটৱেৰ সংস্কৰণ অনলাইনৰ মাধ্যমত এক বিশেষভাৱে নিৰ্মিত অত্যাধূনিক মঞ্চৰ জৰিয়তে সমগ্ৰ দেশৰ শিক্ষাৰ্থীসকলক সংযোগ কৰা হ’ব৷ ১০,০০০তকৈ অধিক শিক্ষাৰ্থীয়ে ৩৭টা কেন্দ্ৰীয় চৰকাৰৰ বিভাগ, ১৭ ৰাজ্য চৰকাৰ আৰু ২০ উদ্যোগৰ ২৪৩টা সমস্যা সমাধানৰ বাবে প্ৰতিদ্বন্দ্বিতা কৰিব৷

***

VRRK/SH/DB



(Release ID: 1655568) Visitor Counter : 177