গৃহ মন্ত্ৰালয়

বানপানীৰ ফলত হোৱা ক্ষয়-ক্ষতিৰ মূল্যাংকন কৰিব কেন্দ্ৰীয় দলে

Posted On: 16 SEP 2020 3:30PM by PIB Guwahati

দুৰ্যোগ ব্যৱস্থাপনাৰ প্ৰাথমিক দায়িত্ব ৰাজ্য চৰকাৰৰ হাতত ন্যস্ত থাকে। সংশ্লিষ্ট ৰাজ্য চৰকাৰসমূহে বানপানীৰ দৰে প্ৰাকৃতিক দুৰ্যোগৰ সময়ত সন্মুখীন হোৱা ক্ষয়-ক্ষতি আৰু সাহায্য ব্যৱস্থাৰ বুজ লৈ ইয়াৰ মূল্যাংকন কৰে। ভাৰত চৰকাৰৰ অনুমোদিত সামগ্ৰী আৰু নীতি-নিয়মৰ সৈতে ৰাজ্যিক দুৰ্যোগ প্ৰতিৰোধ পুঁজি(এছডিআৰএফ)ও আগবঢ়োৱা হয়। ভয়ংকৰ প্ৰাকৃতিক দুৰ্যোগৰ ক্ষেত্ৰত ভাৰত চৰকাৰে ৰাষ্ট্ৰীয় দুৰ্যোগ প্ৰতিৰোধ পুঁজি(এনডিআৰএফ)ৰ পৰা অতিৰিক্ত বিত্তীয় সাহায্য প্ৰদান কৰে। এটা আন্তঃ মন্ত্ৰালয় কেন্দ্ৰীয় দলৰ সমীক্ষাৰ ওপৰত ভিত্তি কৰি এই ধনৰাশি নিৰ্ধাৰণ কৰা হয়।

অসম, অৰুণাচল প্ৰদেশ, বিহাৰ, কৰ্ণাটক, মধ্য প্ৰদেশ, মহাৰাষ্ট্ৰ, ছিকিম, উৰিষ্যা আৰু উত্তৰ প্ৰদেশৰ দৰে বানপীড়িত ৰাজ্যৰ বাবে গৃহ মন্ত্ৰালয়ে ৰাজ্য চৰকাৰৰ পৰা স্মাৰক পত্ৰ লাভ কৰাৰ পূৰ্বেই পৃথক আন্তঃ মন্ত্ৰালয় কেন্দ্ৰীয় দল গঠন কৰি দিয়ে।  

উত্তৰ প্ৰদেশ, বিহাৰ আৰু অসমৰ দৰে ৰাজ্যসমূহৰ বানপীড়িত লোকক সহায় কৰিবলৈ কেন্দ্ৰীয় চৰকাৰে ২০২০-২১ বৰ্ষৰ বাবে ৰাজ্যিক দুৰ্যোগ আশংকা  ব্যৱস্থাপনা(এছডিআৰএফএফ)ৰ কেন্দ্ৰীয় অংশ ১১,৫৬৫.৯২ কোটি টকা আগতীয়াকৈ মুকলি কৰি দিয়ে।

কেন্দ্ৰীয় ৰাজ্যিক গৃহ মন্ত্ৰী শ্ৰী নিত্যানন্দ ৰায়ে আজি ৰাজ্যসভাত এক লিখিত উত্তৰত এই কথা জানিবলৈ দিয়ে।

****



(Release ID: 1655427) Visitor Counter : 395