সামাজিক ন্যায় আৰু সবলীকৰণ মন্ত্ৰালয়

স্বাস্থ্য সেৱা আৰু হস্পিতালৰ অন্যান্য স্বাস্থ্যকৰ্মীসকলৰ নিৰাপত্তা সুনিশ্চিত কৰাৰ বাবে পদক্ষেপ গ্ৰহণ

Posted On: 16 SEP 2020 1:11PM by PIB Guwahati

ক’ভিড-১৯ মহামাৰীৰ পৰিপ্ৰেক্ষিতত স্বাস্থ্য আৰু সুৰক্ষা সংক্ৰান্তীয় বিভিন্ন কাৰণৰ বাবেই মৃত চাফাই কৰ্মচাৰীসকলৰ বিষয়ে কেন্দ্ৰীয় চৰকাৰে কোনো তথ্য সংৰক্ষণ কৰি ৰখা নাই। কাৰণ হস্পিতাল আৰু ডিস্পেনছাৰীবোৰ ৰাজ্যৰ নিজস্ব বিষয়।

ৰাজ্যসমূহক সংক্ৰমণ প্ৰতিৰোধ আৰু নিয়ন্ত্ৰণ কমিটি গঠন কৰিবলৈ ইতিমধ্যেই নিৰ্দেশ দিয়া হৈছে। হস্পিতালসমূহত এনে এগৰাকী নোডেল অফিচাৰ ৰাখিবলৈ নিৰ্দেশ দিয়া হৈছে, যিয়ে স্বাস্থ্যসেৱা কৰ্মীসকলৰ পৰ্যবেক্ষণ কৰিব আৰু তেওঁলোকৰ স্বাস্থ্য সংক্ৰান্তীয় অৱস্থাৰ বিষয়সমূহ পৰ্যালোচনা কৰিব। উচ্চ বিপদপূৰ্ণ ৰোগীসকলৰ ক্ষেত্ৰত ৭ দিনৰ বাবে পৃথকভাৱে থকাৰ ব্যৱস্থা কৰা হৈছে। নোডেল অফিচাৰ বা বিভাগীয় প্ৰধানে (ছাব-কমিটিৰ দ্বাৰা নিয়োজিত ব্যক্তি) যদিহে মন কৰে যে ক্লিনিকেল প্ৰ’ফাইলৰ ভিত্তিত যেনে চিকিৎসক, নাৰ্ছিং বিষয়া আৰু অন্যান্য স্বাস্থ্য কৰ্মীসকলৰ প্ৰয়োজনসাপেক্ষে আৰু এক সপ্তাহ কোৱাৰেন্টাইনত থকাৰ প্ৰয়োজনীয়তা আছে, তেন্তে তেনেদৰে থকাৰ বাবে নিৰ্দেশ দিব পাৰে। স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰালয়ে হস্পিতালসমূহত ক’ভিড আৰু নন-ক’ভিড ক্ষেত্ৰত চিকিৎসা সেৱা পৰিচালনাৰ বাবে বিগত ১৮ জুন তাৰিখে এক নিৰ্দেশনা জাৰি কৰিছে।

 

স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰালয়ে তৃণমূল স্তৰত কৰ্মীসহ অন্যান্য স্বাস্থ্যকৰ্মীসকলৰ বাবে পিপিই ব্যৱহাৰৰ বিষয়ে এক গাইডলাইনো জাৰি কৰিছে। এই গাইডলাইনত কৰ্মক্ষেত্ৰত ৰোগৰ সংক্ৰমণ সৈতে সামঞ্জস্য ৰাখি পিপিইসমূহৰ ব্যৱহাৰ কৰা উচিত বুলি জনোৱা হৈছে। সংক্ৰমণ প্ৰতিৰোধ আৰু নিয়ন্ত্ৰণ পদ্ধতিসমূহৰ বাবে ৰাজ্য চৰকাৰসমূহক গাউডলাইন দিয়া হৈছে। আনকি সংক্ৰমণ প্ৰতিৰোধ আৰু নিয়ন্ত্ৰণৰ বিষয়ে হস্পিতালত কৰ্মীসকলক প্ৰশিক্ষণৰ বাবেও কোৱা হৈছে। iGoT প্লেটফৰ্মত সকলো বিভাগৰ স্বাস্থ্য সেৱা কৰ্মীসকলৰ সংক্ৰমণ প্ৰতিৰোধ আৰু নিয়ন্ত্ৰণৰ বিষয়ে প্ৰশিক্ষণৰ ব্যৱস্থা কৰা হৈছে।

 

ৰাজ্যসভাত আজি লিখিত উত্তৰত এই তথ্য দাখিল কৰিছে সামাজিক ন্যায় বিচাৰ আৰু সবলীকৰণ দপ্তৰৰ ৰাজ্যিকমন্ত্ৰী শ্ৰী ৰামদাস আঠাৱালে।

 

*****



(Release ID: 1655408) Visitor Counter : 188