তীখা মন্ত্ৰালয়

সক্ষমতা বৃদ্ধিৰ বাবে ইস্পাৎ মন্ত্ৰালয়ৰ বিভিন্ন উদ্যোগ গ্ৰহণ

Posted On: 16 SEP 2020 1:06PM by PIB Guwahati

জাতীয় ইস্পা নীতি অনুসৰি? ২০৩০-৩১ চনৰ ভিতৰত ৩০০ এম টি পি এ অপৰিশোধিত ইস্পাপাদন কৰা হ'ব। এই লক্ষ্য অৰ্জন কৰিবলৈ ইস্পা মন্ত্ৰালয়ে যথেষ্ট পদক্ষেপ গ্ৰহণ কৰিছে।

 

(১) দেশৰ আভ্যন্তৰত লোহা তথা ইস্পাজাত সামগ্ৰী উপাদনৰ নীতি গ্ৰহণ কৰা হৈছে। বিভিন্ন চৰকাৰী সংস্হাত উপাদিত এইবোৰ সামগ্ৰী ইস্পা মন্ত্ৰালয়ে সংগ্ৰহ কৰিব।

 

(২) দেশৰ আভ্যন্তৰত বাতিল ইস্পা পুনৰ ব্যৱহাৰ কৰাৰ বাবে ষ্টীল ষ্ক্ৰেপ পলিচী গ্ৰহণ কৰা হৈছে।

 

(৩) ইস্পাতৰ মানদণ্ড অটুট ৰাখিবলৈ যিবোৰ ইস্পাতৰ মানদণ্ড পৰীক্ষা কৰা হোৱা নাই, তেনেকুৱা ইস্পা আমদানিৰ ক্ষেত্ৰত নিষেধাজ্ঞা জাৰি কৰা হৈছে। এই পৰ্যন্ত ১১৩টা ইস্পাতৰ মানদণ্ড নিয়ণ্ত্ৰণৰ আদেশ জাৰি কৰা হৈছে।

 

(৪) ইস্পা আমদানিৰ ক্ষেত্ৰত ইস্পা আমদানি নজৰদাৰী ব্যৱস্থা প্ৰৱৰ্তন কৰা হৈছে। এই প্ৰক্ৰিয়াৰ মাধ্যমত অত্যাধুনিক প্ৰযুক্তিত ব্যৱস্থাপনাৰ কাম কৰা হ'ব।

 

(৫) ইস্পা তথা ইস্পাজাত বিভিন্ন সামগ্ৰী উপাদনৰ বাবে ষ্টীল ক্লাষ্টাৰ গঠনত উসাহ দিবলৈ খচৰা নীতি প্ৰস্তুত কৰা হৈছে।

 

(৬) ইস্পা মন্ত্ৰালয়ে ইস্পাতৰ কেচা মাল সংগ্ৰহ কৰাৰ বাবে খনি মন্ত্ৰালয় আৰু কয়লা মন্ত্ৰালয়ৰ সৈতে ঘনিষ্ঠ যোগাযোগ ৰাখি চলিছে। যিবোৰ লৌহ খনি বাতিল বুলি বিবেচিত হোৱাৰ দিশত সেইবিলাকৰ নিলাম প্ৰক্ৰিয়া আৰম্ভ কৰা আৰু খনিজ সম্পদ আহৰণৰ বাবে লীজৰ ম্যাদ বঢ়োৱাৰ উদ্যোগ গ্ৰহণ কৰা হৈছে। চি আই এল/বি চি চি এলৰ কোক কয়লাৰ বাবে কাৰখানা প্ৰস্তুত, কোক কয়লাৰ খনিবিলাকৰ নিলামৰ প্ৰক্ৰিয়া আৰু বিদেশৰ পৰা এনেধৰণৰ কয়লা আমদানিৰ ক্ষেত্ৰত বিশেষ উদ্যোগ গ্ৰহণ কৰা হৈছে।

 

ৰাজ্যসভাত আজি এক প্ৰশ্নৰ লিখিত উত্তৰত এই তথ্য সদৰী কৰিছে ইস্পা মন্ত্ৰী শ্ৰী ধৰ্মেন্দ্ৰ প্ৰধানে।

 

 

******

YKB/TFK



(Release ID: 1655183) Visitor Counter : 124