মানৱ সম্পদ উন্নয়ণ মন্ত্ৰালয়
শিক্ষা মন্ত্ৰালয়ৰ তত্বাৱধানত মাধ্যমিক পৰ্যায়ৰ শিক্ষাৰ উন্নয়নৰ বাবে NCERT ৰ আঠসপ্তাহজোৰা বিকল্প একাডেমিক কেলেণ্ডাৰ মুকলি কৰিলে কেন্দ্ৰীয় শিক্ষামন্ত্ৰীয়ে
Posted On:
15 SEP 2020 12:23PM by PIB Guwahati
ক’ভিড-১৯ মহামাৰীৰ সময়ত শিক্ষাৰ্থীসকলে ঘৰতে সময় অতিবাহিত কৰাৰ দিশটোকো অৰ্থবহ কৰি তুলিবলৈ শিক্ষা মন্ত্ৰালয়ৰ অধীনৰ NCERT য়ে প্ৰথম শ্ৰেণীৰ পৰা দ্বাদশ শ্ৰেণীলৈ সকলো ছাত্ৰ-ছাত্ৰী, অভিভাৱক আৰু শিক্ষক-শিক্ষয়িত্ৰীসকলৰ বাবে বিকল্প একাডেমিক কেলেণ্ডাৰ প্ৰস্তুত কৰি উলিয়াইছে। প্ৰথমে ৪ সপ্তাহ আৰু প্ৰাথমিক আৰু উচ্চ-প্ৰাথমিক স্তৰৰ বাবে পৰৱৰ্তী ৮ সপ্তাহৰ বিকল্প একাডেমিক কেলেণ্ডাৰ প্ৰকাশ কৰা হৈছে। কেন্দ্ৰীয় শিক্ষা মন্ত্ৰালয়ে পূৰ্বেই মাধ্যমিক আৰু উচ্চতৰ মাধ্যমিক স্তৰৰ বাবে ৪ সপ্তাহৰ একাডেমিক কেলেণ্ডাৰ প্ৰকাশ কৰিছিল। এতিয়া মাধ্যমিক স্তৰৰ বাবে পৰৱৰ্তী ৮ সপ্তাহৰ বিকল্প একাডেমিক কেলেণ্ডাৰ প্ৰকাশ কৰা হৈছে। কেন্দ্ৰীয় শিক্ষামন্ত্ৰী শ্ৰী ৰমেশ পোখৰিয়াল নিশাঙ্কে আজি ভাৰ্চুৱেলী এই বিকল্প একাডেমিক কেলেণ্ডাৰ প্ৰকাশ কৰে।
অনুষ্ঠানত ভাষণ প্ৰদান কৰি শ্ৰী পোখৰিয়ালে কয়, এই একাডেমিক কেলেণ্ডাৰৰ মাধ্যমেৰে শিক্ষক-শিক্ষয়িত্ৰীসকলৰ বাবে বিভিন্ন প্ৰযুক্তিগত সা-সৰঞ্জাম আৰু সামাজিক যোগাযোগ মাধ্যমবোৰৰ ব্যৱহাৰ সম্পৰ্কে নিৰ্দেশিকা আগবঢ়োৱা হৈছে। এই কেলেণ্ডাৰখন শিক্ষক-শিক্ষয়িত্ৰীসকলৰ বাবে আৰু অধিক আকৰ্ষণীয় হৈ উঠিব। ঘৰত বহিয়েই শিক্ষাৰ্থী, অভিভাৱক আৰু শিক্ষক-শিক্ষয়িত্ৰীসকলে অতি সহজেই যাতে সামাজিক যোগাযোগ মাধ্যম আৰু প্ৰযুক্তিৰ বিষয়বোৰ বুজিবলৈ সক্ষম হয় আৰু সেয়া যেন তেওঁলোকে ব্যৱহাৰ কৰিব পাৰে, সেয়া এই কেলেণ্ডাৰৰ মাধ্যমেৰে তুলি ধৰা হৈছে। কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে লগতে কয়, বহুতৰে মোবাইল ফোন থাকিলেও কেতিয়াবা ইন্টাৰনেটৰ সুবিধা নাথাকে। আনকি বহুতেই বিভিন্ন সামাজিক যোগাযোগ মাধ্যম যেনে- ফে’চবুক, হোৱাটছএপ্প, টুইটাৰ, গুগল ইত্যাদিৰ ব্যৱহাৰো কৰিব নোৱাৰে বা নাজানে। এই একাডেমিক কেলেণ্ডাৰে শিক্ষক-শিক্ষয়িত্ৰী আৰু অভিভাৱকসকলক এনেবোৰ ক্ষেত্ৰত বিশেষভাৱে সহায় কৰিব। শিক্ষাৰ্থীসকলৰ মোবাইল ফোনত এছএমএছ বা ভয়চ কলৰ মাধ্যমেৰে শিক্ষাদানৰ সুযোগ থাকিব। আশা কৰা হৈছে যে প্ৰাথমিকভাৱে এই একাডেমিক কেলেণ্ডাৰে অভিভাৱকসকলক বিশেষভাৱে সহায় কৰিব।
শ্ৰী পোখৰিয়ালে লগতে কয়, এই কেলেণ্ডাৰত দিব্যাঙ্গ শিশুসহ সকলো শিশুৰ বাবে অডিঅ’ বুক্ছ, ৰেডিঅ’ অনুষ্ঠানৰ সুবিধাও অন্তৰ্ভুক্ত কৰা হৈছে।
পাঠ্যপুথিৰ পৰা তুলি লোৱা বিষয়/অধ্যায়ৰ উল্লেখ কৰাৰ লগতে এই কেলেণ্ডাৰত সপ্তাহজোৰা পৰিকল্পনা কৰা হৈছে। এই কেলেণ্ডাৰত আটাইতকৈ বেছি গুৰুত্বপূৰ্ণ বিষয়টো হ’ল শিক্ষাৰ্থীসকলে পাঠ্যপুথিৰ বিষয়বস্তু যাতে ভালদৰে বুজিব পাৰে সেয়া তুলি ধৰা আৰু শিক্ষক / অভিভাৱকসকলৰ শিক্ষা প্ৰদানৰ অগ্ৰগতি মূল্যায়ণ কৰা। কলা শিক্ষা, শাৰীৰিক অনুশীলন, যোগ-ব্যায়াম ইত্যাদিৰ দৰে শিক্ষামূলক কাৰ্যকলাপো ইয়াত অন্তৰ্ভুক্ত কৰা হৈছে। হিন্দী, ইংৰাজী, উৰ্দু আৰু সংস্কৃত, এই চাৰিটা ভাষাত বিষয়বস্তুবোৰ সন্নিৱিষ্ট কৰা হৈছে। শিক্ষক-শিক্ষয়িত্ৰী, শিক্ষাৰ্থী আৰু অভিভাৱকসকলৰ মাজত চাপ আৰু উদ্বেগ হ্ৰাস কৰাৰ কৌশলবোৰকো স্থান দিয়া হৈছে ইয়াত। অধ্যায়ভিত্তিক ই-বিষয়বস্তুবোৰ ভাৰত চৰকাৰৰ দীক্ষা প’ৰ্টেল, ই-পাঠশালাত উপলব্ধ কৰা হৈছে। এই বিষয়টোকো কেলেণ্ডাৰত অন্তৰ্ভুক্ত কৰা হৈছে।
NCERT য়ে ইতিমধ্যেই স্বয়মপ্ৰভা (কিশোৰ মঞ্চ) টিভি চেনেলৰ মাধ্যমেৰে শিক্ষাৰ্থী, অভিভাৱক আৰু শিক্ষক-শিক্ষয়িত্ৰীসকলৰ সৈতে প্ৰত্যক্ষ বাৰ্তালাপৰ অনুষ্ঠান আৰম্ভ কৰিছে। কিশোৰ মঞ্চ এপ্পটো গুগল প্লে-ষ্টোৰৰ পৰা ডাউনলোড কৰিব পৰা যাব। NCERT-ৰ চৰকাৰী ইউটিউব চেনেল যোগেও প্ৰত্যক্ষ শিক্ষাদানৰ ব্যৱস্থা কৰা হৈছে। প্ৰতিদিনে সোমবাৰৰ পৰা শনিবাৰলৈ প্ৰথম শ্ৰেণীৰ পৰা দশম শ্ৰেণীপৰ্যন্ত দুপৰীয়া ২ বজাৰ পৰা বিয়লি ৪ বজা পৰ্যন্ত সাপ্তাহিক লাইভ ক্লাছ ৰখা হৈছে। একাদশ আৰু দ্বাদশ শ্ৰেণীৰ বাবে সপ্তাহত ২ ঘন্টাকৈ লাইভ অনুষ্ঠানৰ ব্যৱস্থা কৰা হৈছে।
আনকি চিবিএছই, নৱোদয় বিদ্যালয় সমিতি, কেন্দ্ৰীয় বিদ্যালয় সংগঠন, শিক্ষা সঞ্চালকালয় আৰু এছআইই/এছচিইআৰটিয়ে ভিডিঅ’ কনফাৰেন্সৰ মাধ্যমত শিক্ষা প্ৰদানৰ ব্যৱস্থা কৰিছে। মাধ্যমিক পৰ্যায়ৰ এই ৮ সপ্তাহৰ কেলেণ্ডাৰখন সকলো ৰাজ্য তথা কেন্দ্ৰশাসিত অঞ্চলত বিস্তাৰিত কৰাৰ বাবে এনচিইআৰটিৰ ৱেবছাইটত তুলি ধৰা হৈছে।
ক’ভিড-১৯ ৰ মোকাবিলাৰে শিক্ষক-শিক্ষয়িত্ৰী, শিক্ষাৰ্থী, বিদ্যালয়ৰ অধ্যক্ষ আৰু অভিভাৱকসকলক অনলাইনযোগে শিক্ষণ পদ্ধতিৰ ব্যৱহাৰ সম্পৰ্কে সচেতন কৰি তোলা আৰু ঘৰতে বহি বিদ্যালয়ৰ শিক্ষা গ্ৰহণ ব্যৱস্থাপনাৰ উন্নতি সাধনৰ বাবে এই পদক্ষেপ গ্ৰহণ কৰা হৈছে।
মাধ্যমিক পৰ্যায়ৰ ৮ সপ্তাহৰ বিকল্প একাডেমিক কেলেণ্ডাৰ সম্পৰ্কে বিস্তাৰিতভাৱে জানিবলৈ ক্লিক কৰক -https://ncert.nic.in/pdf/EightWeekAACSecondaryStage_Eng.pdf
Click here for Eight Week Alternative Academic Calendar for the Secondary Stage Part II- English
Click here for Eight Week Alternative Academic Calendar for the Secondary Stage Part II- Hindi
*****
MC/AKJ/AK/RD
(Release ID: 1654824)
Visitor Counter : 246
Read this release in:
English
,
Urdu
,
Hindi
,
Marathi
,
Manipuri
,
Bengali
,
Punjabi
,
Tamil
,
Telugu
,
Kannada
,
Malayalam