কেবিনেট কমিটি - বিত্তীয় পৰিক্ৰমা

পালৱালৰ পৰা ছোহ্না-মানেছৰ-খৰখৌড়া হৈ সোণিপট পৰ্যন্ত নিৰ্মাণ হ’বলগীয়া ‘হাৰিয়াণা অ’ৰ্বিটেল ৰে’ল ক’ৰিডৰ প্ৰকল্প’লৈ অনুমোদন জনালে কেবিনেটে

প্ৰকল্পৰ সৰ্বমুঠ দৈৰ্ঘ্য ১২১.৭ কিলোমিটাৰ

ৰে’ল মন্ত্ৰালয় আৰু হাৰিয়াণা চৰকাৰৰ অংশীদৰিত্বৰে গঠিত ‘হাৰিয়াণা ৰে’ল আন্তঃগাঁথনি উন্নয়ণ নিগম লিমিটেড’য়ে প্ৰকল্প ৰূপাযণৰ দায়িত্ব বহণ কৰিব

ই দিল্লীলৈ আহিব নলগীয়া ৰে’লগাড়ীসমূহক নিলগাই নিয়াত সহায় আগবঢ়োৱাৰ লগতে ‘এনচিআৰ’-ৰ হাৰিয়াণা ৰাজ্য উপ-আঞ্চলিকত বহুমুখী ‘ল’জিষ্টিক হাব’ বিকশিত কৰাত সহযোগিতা আগবঢ়াব

৫ বছৰৰ ভিতৰত নিৰ্মাণ সম্পূৰ্ণ কৰিবলগীয়া এই প্ৰকল্পৰ বাবে ৫,৬১৭কোটি টকাৰ নিৰ্মাণ ব্যয় নিৰ্দ্ধাৰণ কৰা হৈছে

Posted On: 15 SEP 2020 2:24PM by PIB Guwahati

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোডীৰ অধ্যক্ষতাত অনুষ্ঠিত অৰ্থনৈতিক পৰিক্ৰমা সংক্ৰান্তীয় কেবিনেট কমিটিৰ আজি অনুষ্ঠিত বৈঠকত পালৱালৰ পৰা ছোহ্না-মানেছৰ-খৰখৌড়া হৈ সোণিপট পৰ্যন্ত নিৰ্মাণ হবলগীয়া হাৰিয়াণা অৰ্বিটেল ৰেল কৰিডৰ প্ৰকল্পলৈ অনুমোদন জনোৱা হয়।

প্ৰকল্পটোৰ অধীনত নিৰ্মিত হবলগীয়া ৰেলপথচোৱা পালৱালত অৰম্ভ হোৱাৰ বিপৰীতে ইয়াৰ অন্ত পৰিব বৰ্তমানে থকা পৰ্ছানা কালান ষ্টেশ্যন(দিল্লী- আম্বালা খণ্ডৰ)ত। পথচোৱাই বৰ্তমানৰ পাত্লী(দিল্লী-ৰেৱাৰি পথৰ), চুলতানপুৰ(গাৰ্হি-হাৰাছাৰু-ফাৰুখনগৰ পথৰ)আৰু অসুধা ষ্টেশ্যন(দিল্লী ৰোহটক পথৰ)কো সংযুক্ত কৰিব।

ৰূপায়ণ

ৰেল মন্ত্ৰালয় আৰু হাৰিয়াণা চৰকাৰৰ অংশীদৰিত্বৰে গঠিত হাৰিয়াণা ৰেল আন্তঃগাঁথনি উন্নয়ণ নিগম লিমিটেড(এইচআৰআইডিচি)য়ে প্ৰকল্পটোৰ ৰূপায়ণৰ দায়িত্ব বহণ কৰিব। প্ৰকল্পটোত ৰেল মন্ত্ৰালয়, হাৰিয়াণা চৰকাৰৰ লগতে ব্যক্তিগত খণ্ডৰ প্ৰতিষ্ঠানৰো অংশীদাৰিত্ব থাকিব।

৫বছৰৰ ভিতৰত নিৰ্মাণ সম্পূৰ্ণ কৰিবলগীয়া এই প্ৰকল্পৰ বাবে ৫,৬১৭ কোটি টকাৰ নিৰ্মাণ ব্যয় নিৰ্দ্ধাৰণ কৰা হৈছে।

 

লাভসমূহ

এই প্ৰকল্পই ৰাজ্যখনৰ পালৱাল, নুহ, গুৰুগ্ৰাম, ঝাজ্জৰ আৰু সোণিপট আদি জিলাক প্ৰত্যক্ষভাবে উপকৃত কৰিব। সেইদৰে, ই দিল্লীলৈ আহিব নলগীয়া ৰেলগাড়ীসমূহক নিলগাই নিয়াত সহায় আগবঢ়োৱাৰ লগতে এনচিআৰ-ৰ হাৰিয়াণা ৰাজ্য উপ-আঞ্চলিকত বহুমুখী জিষ্টিক হাব বিকশিত কৰাত সহযোগিতা আগবঢ়াব। তদুপৰি বহুমুখী  প্ৰকল্পটোৱে গুৰুগ্ৰামৰ সৈতে মানেছৰ, ছোহ্না, ফাৰুখনগৰ দৰে ঔদ্যোগিক এলেকাসমূহৰ মাজৰ ভ্ৰমণ পৰিক্ৰমাকো দ্ৰুত কৰি তুলিব।

এইচোৱা পথৰে দিনৌ প্ৰায় ২০,০০০যাত্ৰীয়ে অহা-যোৱা কৰাৰ লগতে বছৰি ৫০ নিযুত টন পৰিমাণৰ মাল-বস্তুৰো আদান-প্ৰদান হব বুলি আশা কৰা হৈছে।

 

পশ্চাদপট

ৰাষ্ট্ৰীয় ৰাজধানী অঞ্চল(এনচিআৰ)-ৰ বহণক্ষম উন্নয়ণৰ ক্ষেত্ৰত পালৱালৰ পৰা ছোহ্না-মানেছৰ-খৰখৌড়া হৈ সোণিপট পৰ্যন্ত নিৰ্মাণ হবলগীয়া হাৰিয়াণা অৰ্বিটেল ৰেল কৰিডৰ প্ৰকল্পই অতিকে গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰাৰ লগতে বৰ্তমানৰ দিল্লী এলেকাত থকা ভাৰতীয় ৰেলৱে নেটৱৰ্কৰ ভিৰো বহু পৰিমাণে কমোৱাত সহায়ক হব।

 

******************

VRRK/KB



(Release ID: 1654644) Visitor Counter : 216