স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰালয়

ক’ভিড মহামাৰী আৰু ইয়াৰ বাবে ভাৰত চৰকাৰে গ্ৰহণ কৰা পদক্ষেপ সন্দৰ্ভত ১৪ ছেপ্তেম্বৰ, ২০২০ তাৰিখে কেন্দ্ৰীয় স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰী ডঃ হৰ্ষবৰ্ধনে প্ৰদান কৰা এক স্বতঃপ্ৰবৃত্ত বক্তব্য

Posted On: 14 SEP 2020 12:20PM by PIB Guwahati

ক’ভিড মহামাৰী আৰু ইয়াৰ নিৰ্মূলৰ বাবে ভাৰত চৰকাৰে গ্ৰহণ কৰা বিভিন্ন পদক্ষেপ সন্দৰ্ভত আজি কেন্দ্ৰীয় স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰী ডঃ হৰ্ষবৰ্ধনে লোকসভা / ৰাজ্যসভাত প্ৰদান কৰা এক স্বতঃপ্ৰবৃত্ত বক্তব্যৰ সম্পূৰ্ণ পাঠ তলত উল্লেখ কৰা হ’ল -

 

  1. এই পৱিত্ৰ সদনক মই ইতিপূৰ্বে বিগত ফেব্ৰুৱাৰী আৰু মাৰ্চ মাহত ক’ভিড মহামাৰীৰ বিষয়ে জনাইছিলো। মাননীয় সদস্যসকলক ক’ভিড-১৯ মহামাৰীৰ বৰ্তমান পৰিস্থিতিৰ বিষয়ে আৰু কেন্দ্ৰ চৰকাৰে এই মহামাৰীৰ মোকাবিলাৰ বাবে কি কি ব্যৱস্থা গ্ৰহণ কৰিছে সেই সম্পৰ্কে বিস্তাৰিতভাৱে জনাইছো।
  2. মোৰ অন্তিমটো বক্তব্যৰ পিছত বিশ্ব স্বাস্থ্য সংস্থাই ক’ভিড-১৯ ক মহামাৰী হিচাপে ঘোষণা কৰিছে আৰু প্ৰতিখন ৰাষ্ট্ৰকে এই জনস্বাস্থ্য সংকটৰ বিৰুদ্ধে ক্ষীপ্ৰ আৰু সক্ৰিয় ব্যৱস্থা গ্ৰহণ কৰিবলৈ আহ্বান জনাইছে।
  3. ১১ ছেপ্তেম্বৰৰ তথ্য অনুযায়ী বিশ্বত ২১৫ খন দেশ/অঞ্চল প্ৰভাৱিত হৈছে। বিশ্ব স্বাস্থ্য সংস্থাই জনাইছে যে সমগ্ৰ বিশ্বতে ২ কোটি ৭৯ লাখতকৈও অধিক সংক্ৰমণৰ ঘটনা ঘটিছে। ৯ লাখ ৫ হাজাৰতকৈও অধিক লোকে প্ৰাণ হেৰুৱাইছে। এই পৰ্যন্ত মৃত্যুৰ হাৰ ৩.২%।
  4. ১১ ছেপ্তেম্বৰৰ হিচাপ অনুযায়ী ভাৰতত ৪৫ লাখ ৬২ হাজাৰ ৪১৪ জন লোক সংক্ৰমিত হৈছে। ৭৬ হাজাৰ ২৭১ জন লোকৰ মৃত্যু হৈছে। মৃত্যুৰ হাৰ ১.৬৭ %। ৩৫ লাখ ৪২ হাজাৰ ৬৬৩ জন (৭৭.৬৫ %) জন লোক সুস্থ হৈ উঠিছে। মহাৰাষ্ট্ৰ, অন্ধ্ৰপ্ৰদেশ, তামিলনাড়ু, কৰ্ণাটক, উত্তৰপ্ৰদেশ, দিল্লী, পশ্চিমবঙ্গ, বিহাৰ, তেলেঙ্গানা, ওড়িশা, অসম, কেৰালা আৰু গুজৰাট- মূলতঃ এইবোৰ অঞ্চলৰ পৰাই আটাইতকৈ বেছি সংক্ৰমণ আৰু মৃত্যুৰ খবৰ পোৱা গৈছে। এই ৰাজ্যসমূহত ১ লাখতকৈও অধিক লোক সংক্ৰমিত হৈছে। ক’ভিড-১৯ ৰ মোকাবিলাত চৰকাৰী আৰু সামাজিক স্তৰত আমি গ্ৰহণ কৰা উদ্যোগৰ ফলতে ভাৰতত সংক্ৰমণ আৰু মৃত্যুৰ হাৰ প্ৰায় স্থিৰ কৰি ৰাখিব পৰা গৈছে। প্ৰতি ১০ লাখ সংক্ৰমিত লোকৰ ভিতৰত ৩ হাজাৰ ৩২৮ জন লোকৰ মৃত্যু হৈছে। মুঠ জনসংখ্যা হিচাপে প্ৰতি ১০ লাখ জন লোকৰ ভিতৰত ৫৫ জন লোকৰ মৃত্যু হৈছে। সমগ্ৰ বিশ্বতে অন্যান্য দেশবোৰৰ সৈতে তুলনা কৰিলে ভাৰতত মৃত্যুৰ হাৰ আটাইতকৈ কম।
  5. মহামাৰী সংক্ৰান্তীয় বিভিন্ন বিষয়সমূহ যেনে কিদৰে সংক্ৰমণ ৰোধ কৰিব পৰা যাব, চিকিৎসাৰ সময়ত মানুহ কিদৰে সংক্ৰমিত হৈছে, এই ভাইৰাছ কিমান দিনলৈ সক্ৰিয় হৈ থাকে, ৰোগ প্ৰতিৰোধ ক্ষমতাৰ ভুমিকা কি হৈছে ইত্যাদি বিষয়সমূহ এতিয়াও গৱেষণা স্তৰতে আছে। যেতিয়া কোনো লোক এই ভাইৰাছৰ সংস্পৰ্শলৈ আহে, তেতিয়া দেখা গৈছে যে তেওঁৰ দেহত ১-১৪ দিনৰ ভিতৰত অসুখ ধৰা পৰিছে। ইয়াৰ প্ৰধান লক্ষণবোৰ হৈছে - জ্বৰ, কাঁহ আৰু শ্বাস-প্ৰশ্বাসত কষ্ট। আমাৰ দেশৰ প্ৰায় ৯২ শতাংশ প্ৰভাৱিত লোক মৃদুভাৱে সংক্ৰমিত হৈছে। ৫.৮%-লোকক অক্সিজেন থেৰাপীৰ প্ৰয়োজন হৈছে। ১.৭%- লোকক ইন্টেন্সিভ কেয়াৰত ৰখা হৈছে।
  6. এই মহামাৰীৰ প্ৰতিৰোধত সক্ৰিয়, যথাযথ আৰু সাৰ্বিকভাবে ব্যৱস্থাপনাৰ বাবে চৰকাৰ আৰু সামাজিক স্তৰত গৃহিত সৰ্বাত্মক কৌশল গ্ৰহণ কৰাৰ মাজেৰে ইয়াক স্থবিৰ কৰি তোলা হৈছে। যাৰ ফলত প্ৰাণ ৰক্ষা কৰাটো সম্ভৱ হৈছে আৰু ভাৰতৰ জনসাধাৰণ বিশ্বৰ ভিতৰতেই আটাইতকৈ কমকৈ ক্ষতিগ্ৰস্থ হৈছে।
  7. কেন্দ্ৰই সৰ্বোচ্চ ৰাজনৈতিক অঙ্গীকাৰেৰে এই মহামাৰীৰ মোকাবিলা কৰাৰ ব্যৱস্থা গ্ৰহণ কৰিছে। চৰকাৰে দেশ জুৰি লকডাউন ঘোষণা কৰাৰ দৰে দৃঢ় পদক্ষেপ গ্ৰহণ কৰিছে। ইয়াৰ পূৰ্বে স্বতস্ফূৰ্তভাৱে জনতা কাৰ্ফিউ পালন কৰা হৈছে। প্ৰধানমন্ত্ৰীৰ আহ্বানত সমগ্ৰ দেশেই একগোট হৈ এই মহামাৰীৰ মোকাবিলা কৰিছে আৰু ইয়াৰ আগ্ৰাসী বিস্তাৰক সফলভাৱে ধৰি ৰাখিবলৈ সক্ষম হৈছে। ধাৰণা কৰা হৈছে যে এই সিদ্ধান্ত গ্ৰহণৰ ফলত ১৪-২৯ লাখ লোকক সংক্ৰমিত হোৱাৰ পৰা ৰক্ষা কৰিব পৰা গৈছে আৰু ৩৭-৭৮ হাজাৰ লোকক মৃত্যু মুখৰ পৰা ৰক্ষা কৰিব পৰা গৈছে। এই সিদ্ধান্তৰ ফলত বিগত ৪ মাহত অতিৰিক্ত স্বাস্থ্য পৰিকাঠামো গঠন, মানৱ সম্পদ সৃষ্টি আৰু পিপিই, এন-৯৫ মাস্ক আৰু ভেন্টিলেটৰৰ দৰে গুৰুত্বপূৰ্ণ সামগ্ৰী দেশ প্ৰস্তুত কৰাটো সম্ভৱ হৈছে। এই প্ৰসঙ্গতে উল্লেখযোগ্য যে মাৰ্চৰ হিচাপ অনুসৰি দেশত ৩৬.৩ গুণ বেছি নিৰ্ধাৰিত আইছ’লেশ্যন বেড আৰু ২৪.৬ গুণ বেছি নিৰ্ধাৰিত আইচিইউ বেডৰ ব্যৱস্থা কৰা হৈছে। একে সময়তে ভাৰতত পিপিইও প্ৰস্তুত কৰা হৈছে। আজি আমি পিপিই নিৰ্মাণৰ ক্ষেত্ৰত আত্মনিৰ্ভৰ হৈছো আৰু সেয়া বিদেশলৈ ৰপ্তানি কৰিবলৈ সক্ষম হৈছো। এই সুযোগতে মই সমগ্ৰ দেশবাসীৰ হৈ আমাৰ প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীক অভিনন্দন জনাইছো, যিয়ে ব্যক্তিগতভাৱে পৰিস্থিতিৰ পৰ্যালোচনা কৰি সুনেতৃত্ব প্ৰদান কৰিছে।
  8. কেন্দ্ৰ চৰকাৰে এই মহামাৰী প্ৰতিৰোধ কৰিবৰ বাবে ভালেমান পদক্ষেপ গ্ৰহণ কৰিছে। মই প্ৰত্যক্ষ পৰিস্থিতি পৰ্যালোচনা কৰিছো। ৰাজ্যসমূহৰ সৈতে যথাযথভাৱে ক’ভিড ব্যৱস্থাপনাৰ বাবে প্ৰধানমন্ত্ৰীয়ে নিজেই সকলো ৰাজ্যৰ মুখ্যমন্ত্ৰী, কেন্দ্ৰ শাসিত অঞ্চলৰ প্ৰশাসক আৰু সংশ্লিষ্ট সকলৰ সৈতে নিয়মিতভাৱে আলোচনা কৰিছে। মোৰ নেতৃত্বত বিদেশ মন্ত্ৰী, অসামৰিক বিমান চলাচল মন্ত্ৰী, গৃহ দপ্তৰৰ ৰাজ্যিক মন্ত্ৰী, জাহাজ চলাচল বিভাগৰ ৰাজ্যিক মন্ত্ৰী আৰু স্বাস্থ্য তথা পৰিয়াল কল্যাণ বিভাগৰ ৰাজ্যিক মন্ত্ৰীয়ে ৩ ফেব্ৰুৱাৰীৰ পৰা এতিয়ালৈ ২০ বাৰ বৈঠকত মিলিত হৈছে। ইয়াৰ উপৰিও কেবিনেট সচিবৰ নেতৃত্বত সচিবসকলৰ কমিটিয়ে নিয়মিতভাৱে পৰ্যালোচনা কৰি আছে। এই কমিটিত স্বাস্থ্য, প্ৰতিৰক্ষা, বিদেশ, অসামৰিক বিমান চলাচল, গৃহ, বস্ত্ৰ, ফাৰ্মা, বাণিজ্য আৰু ৰাজ্যসমূহৰ মুখ্য সচিবসকল আছে।

প্ৰধানমন্ত্ৰীৰ পৰামৰ্শ অনুযায়ী কেন্দ্ৰীয় গৃহ মন্ত্ৰালয়ে ২৯ মাৰ্চত ক’ভিড-১৯ ৰ ব্যৱস্থাপনাৰ বাবে ১১ টাকৈ শক্তিশালী গোট গঠন কৰিছে। স্বাস্থ্য সংক্ৰান্তীয় জৰুৰী ব্যৱস্থাপনা, হাস্পতাল, আইছ’লেশ্যন আৰু কোৰেন্টাইনৰ ব্যৱস্থাপনা, অসুখৰ ওপৰত তদাৰকী আৰু নমুনা পৰীক্ষা, জৰুৰী চিকিৎসা সৰঞ্জামৰ সহজলভ্যতা, মানৱ সম্পদ বৃদ্ধি, সৰবৰাহ শৃংখলৰ ব্যৱস্থাপনা, বেচৰকাৰী ক্ষেত্ৰৰ সৈতে সহযোগিতা, আৰ্থিক আৰু অন্যান্য জন-কল্যাণমূলক ব্যৱস্থাপনা, তথ্য সম্প্ৰচাৰ আৰু জন সচেতনতা গঢ়ি তোলা, প্ৰযুক্তি আৰু তথ্য ব্যৱস্থাপনা, ৰাজহুৱা অভিযোগ আৰু লকডাউনৰ সময়ত বিভিন্ন কৌশলগত বিষয়ক লৈ এই গোটসমূহে কাম কৰিছে। চাহিদাৰ কথা বিবেচনা কৰি ১০ ছেপ্তেম্বৰত গোটবোৰক পুনৰ্গঠন কৰা হৈছে। মোৰ নিজৰ মন্ত্ৰালয়ে সকলো সময়তে পৰিস্থিতিৰ পৰ্যালোচনা কৰি আছে। ৰাজ্যসমূহৰ সৈতে ভিডিঅ’ কনফাৰেন্সৰ ব্যৱস্থা কৰা হৈছে। ৰাজ্যৰ স্বাস্থ্যমন্ত্ৰী, স্বাস্থ্য বিষয়া আৰু জিলা স্তৰৰ বিষয়াসকলৰ সৈতে আমি ৬৩ টা ভিডিঅ’ কনফাৰেন্স কৰিছো। স্বাস্থ্য সেৱাৰ মহানিৰ্দেশকৰ পৌৰহিত্যত যুটীয়া তদাৰকী দলে স্বাস্থ্য আৰু পৰিয়াৰ কল্যাণ মন্ত্ৰালয়ক বিভিন্ন বিষয়ত পৰামৰ্শ প্ৰদান কৰিছে। এই সংক্ৰমণৰ বিভিন্ন দিশ পৰ্যালোচনা কৰি ইয়াক প্ৰতিহত কৰাৰ প্ৰস্তুতি আৰু চূড়ান্ত নীতি-নিৰ্দেশনা প্ৰস্তুত কৰিবৰ বাবে এই গোটসমূহে ৪০ বাৰলৈ বৈঠকত মিলিত হৈছে।

 

  1. কেন্দ্ৰই সফলতাৰে মহামাৰীৰ মোকাবিলাত লাভ কৰা বিভিন্ন অভিজ্ঞতা ৰাজ্য চৰকাৰ আৰু কেন্দ্ৰশাসিত অঞ্চলৰ প্ৰশাসকসকলৰ সৈতে বিনিময় কৰিছে। সংক্ৰমণ প্ৰতিহত কৰাৰ পৰিকল্পনা, সাধাৰণ নাগৰিকৰ আচাৰ-আচৰণ, বিভিন্ন স্থানলৈ অহা-যোৱা, মনস্তাত্ত্বিক স্বাস্থ্য, পৰীক্ষাগাৰবোৰৰ ব্যৱস্থাপনা, হাস্পাতালৰ পৰিকাঠামো, ব্যক্তিগত সুৰক্ষা সৰঞ্জামৰ যথাযথ ব্যৱহাৰ ইত্যাদি বিভিন্ন বিষয়ত পৰামৰ্শ দিয়া হৈছে।
  2. কেন্দ্ৰই ক’ভিড-১৯ মহামাৰীৰ সংক্ৰমণ প্ৰতিৰোধ কৰিবলৈ বিভিন্ন ধৰণৰ পদক্ষেপ গ্ৰহণ কৰিছে। ১৭ জানুৱাৰীত প্ৰথম ভ্ৰমণ সংক্ৰান্তীয় পৰামৰ্শ জাৰি কৰা হৈছিল। এই পৰামৰ্শ পৰৱৰ্তী পৰ্যায়ত বিভিন্ন সময়ত সালসলনি কৰা হৈছে। ২৩ মাৰ্চ পৰ্যন্ত সকলো দেশৰ পৰা অহা যাত্ৰীসকলৰ (অৰ্থাৎ যিমান দিনলৈ আন্তৰ্জাতিক বিমান দেশলৈ আহিছিল) স্বাস্থ্য পৰীক্ষা কৰা হৈছিল। বিমানবন্দৰবোৰত ১৪ হাজাৰ ১৫৪ খন বিমানৰ ১৫ লাখ ২৪ হাজাৰ ২৬৬ জন যাত্ৰীক পৰীক্ষা কৰা হৈছে। বিমানবন্দৰৰ উপৰিও ১৬ লাখ ৩১ হাজাৰ যাত্ৰীক স্থলবন্দৰত আৰু ৮৬ হাজাৰ ৩৭৯ জন যাত্ৰীক ১২টা প্ৰধান আৰু ৬৫ টা ক্ষুদ্ৰ বন্দৰত পৰীক্ষা কৰা হৈছে।

 

  1. বৰ্তমান কেন্দ্ৰই পৰামৰ্শ দিছে যে ২২ মাৰ্চৰ পৰা কোনো আন্তৰ্জাতিক যাত্ৰীবাহী বিমান ভাৰতত প্ৰৱেশ কৰিব নোৱাৰিব। গতিকে ক’ভিড-১৯ মহামাৰীৰ কাৰণে বিভিন্ন দেশত আবদ্ধ হৈ থকা ভাৰতীয়সকলক দেশলৈ লৈ অহাৰ বাবে ৭ মে’ তাৰিখৰ পৰা বন্দে ভাৰত মিছনৰ অধীনত বিমান চলাচল কৰা হৈছে। ভাৰত আৰু ৯ খন দেশৰ মাজত পাৰস্পৰিক বুজাবুজিৰ ভিত্তিত সাময়িকভাৱে বাণিজ্যিক যাত্ৰী সেৱাৰ বিমান সংস্থাবোৰে কাৰ্য আৰম্ভ কৰিছে। দুয়োখন দেশেই যাতে  এইক্ষেত্ৰত সমানভাৱে উপকৃত হয়, এইধৰণৰ পৰিস্থিতিত এই বিমানবোৰে চলাচল কৰিছে। ২৪ মে’ তাৰিখে আন্তৰ্জাতিক বিমানৰ যাত্ৰীসকলৰ বিষয়ে এক নিৰ্দেশনাও জাৰি কৰা হৈছিল, যিখন নিৰ্দেশনা ২ আগষ্টত সংশোধনো কৰা হৈছে।

লকডাউন-১ ৰ পূৰ্বে কেন্দ্ৰই চীনৰ ৱুহান, ডায়মণ্ড প্ৰিন্সেছ জাহাজ জাপান, ইৰাণ, ইতালি আৰু মালয়েছিয়াৰ পৰা ভাৰতীয়সকলক লৈ আহিছিল। বন্দে ভাৰত মিছনেৰ মাধ্যমেৰে ১১ ছেপ্তেম্বৰ তাৰিখে মুঠ ১২ লাখ ৬৯ হাজাৰ ১৭২ জন যাত্ৰীক লৈ অহা হৈছে।

  1. ভ্ৰমণ সংক্ৰান্তীয় ক্ষেত্ৰত এলেকাগতভাৱে তদাৰকীৰ উদ্যোগ গ্ৰহণ কৰা হৈছে। পৰৱৰ্তী পৰ্যায়ত একটি সুসংহত অসুখ তদাৰকী ব্যৱস্থাপনাৰ সহায়ত সংক্ৰমিতসকলৰ বিষয়ে জনোৱা হৈছে। ১১ ছেপ্তেম্বৰৰ হিচাপ অনুযায়ী মুঠ ৪০ লাখ লোকক পৰ্যবেক্ষণৰ ভিতৰত ৰখা হৈছে। সংক্ৰমিতসকলৰ সংস্পৰ্শলৈ যিসকল আহিছে, তেওঁলোকৰ প্ৰতি বিশেষ নজৰ ৰখা হৈছে, যাতে সংক্ৰমণ শৃংখলটো ভাঙি যায়।

 

কেন্দ্ৰীয় স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰালয়ে সংক্ৰমণ প্ৰতিহত কৰাৰ পৰিকল্পনা ২ মাৰ্চ আৰু ১৪ এপ্ৰিলত ঘোষণা কৰিছিল। এই পৰিকল্পনা বিভিন্ন সময়ে সময়ে সংশোধন কৰা হৈছে। কন্টেইনমেন্ট আৰু বাফাৰ এলেকাৰ সংজ্ঞা নিৰ্ধাৰণ, কঠোৰভাৱে বিভিন্ন নিয়ম মানে চলা, ঘৰে ঘৰে গৈ তদাৰকী ৰখা, সন্দেহজনক লোকসকলক আইছ’লেশ্যনত ৰখা, নমুনা পৰীক্ষা কৰা, সযিসকল লোক সংক্ৰমিতসকলৰ সংস্পৰ্শলৈ আহিছে তেওঁলোকক কোৱাৰেন্টাইনত ৰখা, ব্যাপকভাৱে জন সচেতনতামূলক প্ৰচাৰ চলোৱা, দ্ৰুত চিকিৎসা ব্যৱস্থা কৰা, কন্টেইনমেন্ট আৰু বাফাৰ এলেকাত ইনফ্লুৱেঞ্জা, প্ৰবল শ্বাসকষ্টত আক্ৰান্ত লোকসকলক তদাৰকীত ৰখাৰ মাধ্যমেৰে সংক্ৰমণ শৃঙ্খল ভঙাৰ কৌশল গ্ৰহণ কৰা হৈছে।

 

  1. পৰিৱৰ্তিত পৰিস্থিতি অনুযায়ী দেশত পৰীক্ষাগাৰৰ সংখ্যা বৃদ্ধি কৰা হৈছে। জানুৱাৰী মাহত যিটো সময়ত সমগ্ৰ দেশত মাত্ৰ এটা পৰীক্ষাগাৰত ক’ভিড পৰীক্ষা কৰা হৈছিল, তেনেস্থলত আজ দেশত ১৭০৫ টা পৰীক্ষাগাৰত এই পৰীক্ষা চলি আছে। লাডাখ, ছিকিম, অৰুণাচল প্ৰদেশ, নাগালেণ্ডসহ অন্যান্য উত্তৰ-পূৰ্বাঞ্চলৰ ৰাজ্য লাক্ষ্মাদ্বীপ আৰু আন্দামান আৰু নিকোবৰ দ্বীপপুঞ্জৰ দৰে প্ৰত্যন্ত অঞ্চলতো পৰীক্ষাগাৰ গঢ়ি তোলা হৈছে। বৰ্তমান দৈনিক ১০ লাখ নমুনা পৰীক্ষা কৰা হৈছে। অৰ্থাৎ প্ৰতিদিনে মুঠ জনসংখ্যাৰ নিৰিখত ১০ লাখ জন লোকৰ ভিতৰত ৭২০ টাকৈ নমুনা পৰীক্ষা কৰা হৈছে। বিশ্ব স্বাস্থ্য সংস্থাৰ পৰামৰ্শ অনুসৰি যিটো যথেষ্ট বেছি। বিশ্ব স্বাস্থ্য সংস্থাই ১০ লাখ জন লোকৰ মাজত দৈনিক ১৪০ টা নমুনা পৰীক্ষাৰ পৰামৰ্শ দিছে। ১১ ছেপ্তেম্বৰৰ হিচাপ অনুযায়ী ৫ কোটি ৯১ লাখ ৮৯ হাজাৰ ২২৬ টা নমুনা পৰীক্ষা কৰা হৈছে। এসময়ত দেশত ক’ভিডৰ বাবে পৰীক্ষাগাৰৰ যন্ত্ৰপাতি বা অন্যান্য উপাদান নিৰ্মাণ নহৈছিল। আজি আমি দেশতে প্ৰতিদিনে ১০ লাখ কিট প্ৰস্তুত কৰিছো।

 

ক’ভিড-১৯ ৰ মোকাবিলাৰ বাবে যথাযথ ব্যৱস্থাপনা গ্ৰহণ কৰা হৈছে। যিসকলৰ মৃদু সংক্ৰমণ হৈছে বা কোনো লক্ষণ নাই তেওঁলোকৰ বাবে ক’ভিড কেয়াৰ চেন্টাৰত আইছ’লেশ্যন বেড, যিসকলৰ সংক্ৰমণ মঁজলীয়া, তেওঁলোকৰ বাবে অক্সিজেনৰ সুবিধাযুক্ত নিৰ্ধাৰিত ক’ভিড স্বাস্থ্য কেন্দ্ৰত আইছ’লেশন বেড আৰু যিসকলৰ সংক্ৰমণৰ মাত্ৰা খুব অধিক তেওঁলোকৰ বাবে ক’ভিড নিৰ্ধাৰিত হাস্পতালত আইচিইউ বেডৰ ব্যৱস্থা কৰা হৈছে। এই কামত ইএছআইচি, প্ৰতিৰক্ষা, ৰে’ল, অৰ্ধসামৰিক বাহিনী, ইস্পাট মন্ত্ৰালয় ইত্যাদিৰ হাস্পতালত প্ৰয়োজনীয় ব্যৱস্থা কৰা হৈছে।

 

  1.  ১২ ছেপ্তেম্বৰৰ হিচাপ অনুযায়ী ১৫ হাজাৰ ২৮৪ টা ক’ভিড চিকিৎসা ব্যৱস্থাপনা কেন্দ্ৰত ১৩ লাখ ১৪ হাজাৰ ৬৪৬ খন আইছ’লেশ্যন বেডৰ ব্যৱস্থা কৰা হৈছে। ইয়াৰ উপৰিও ২ লাখ ৩১ হাজাৰ ৯৩ খন আইছ’লেশ্যন বেডত অক্সিজেনৰ ব্যৱস্থা কৰা হৈছে। ৩২ হাজাৰ ৫৭৫ খন ভেন্টিলেটৰ বেড আৰু ৬২ হাজাৰ ৭১৭ খন আইচিইউ বেডৰো ব্যৱস্থা কৰা হৈছে। বিভিন্ন উন্নত দেশত ক’ভিড সংকটৰ মোকাবিলাত যি সমস্যা দেখা দিছে, ভাৰতত যাতে তেনেধৰণৰ পৰিস্থিতি নহয় তাৰ বাবে প্ৰতি মুহুৰ্ত্ততে পৰিস্থিতিৰ পৰ্যালোচনা কৰি পৰিকাঠামো নিৰ্মাণৰ ক্ষেত্ৰত বিভিন্ন পৰিকল্পনা কৰা হৈছে। এই সমূহৰ সমান্তৰালকৈ ১২ হাজাৰ ৮২৬ টা কোৱাৰেন্টাইন কেন্দ্ৰত ৫ লাখ ৯৮ হাজাৰ ৮১১ খন বিচনাৰ ব্যৱস্থাও কৰা হৈছে।
  2. ক’ভিড-১৯ ৰ চিকিৎসা সংক্ৰান্তীয় ব্যৱস্থাপনাৰ বাবে যিবোৰ নীতি-নিৰ্দেশনা জাৰি কৰা হৈছে সেইবোৰ বিভিন্ন সময়ত সংশোধন কৰাৰ লগতে সেই সম্পৰ্কে প্ৰচাৰো চলোৱা হৈছে। সংক্ৰমণৰ বিভিন্ন পৰ্যায়ৰ সংজ্ঞা নিৰ্ধাৰণ, সংক্ৰমণ প্ৰতিহত কৰাৰ পদ্ধতি, গৱেষণাগাৰত পৰীক্ষা-নিৰীক্ষাৰ ব্যৱস্থা, বিভিন্ন জটিল পৰিস্থিতিৰ মোকাবিলাৰ বাবে বিভিন্ন উদ্যোগ গ্ৰহণ কৰা হৈছে। এই পৰ্যন্ত এই ভাইৰাছৰ মোকাবিলাৰ বাবে কোনো নিৰ্দিষ্ট ঔষধ আৱিষ্কাৰ হোৱা নাই। জ্বৰ, কাঁহ, শৰীৰৰ পৰা পনী ওলাই যোৱা আৰু শ্বাস প্ৰশ্বাসত কষ্টৰ দৰে লক্ষণযুক্ত সমস্যাৰ ক্ষেত্ৰত যিধৰণৰ চিকিৎসা কৰা হয়, ইয়াতো সেয়াই কৰা হৈছে। আমাৰ দেশত হাইড্ৰক্সিক্লোৰোকুইন ঔষধবিধ কম আৰু মঁজলীয়া সংক্ৰমিতসকলৰ মাজত প্ৰয়োগ কৰা হৈছে। সীমিত বৈজ্ঞানিক প্ৰমাণৰ মাধ্যমেৰে ইয়াক প্ৰয়োগ কৰা হৈছে। কিন্তু দেশত এই ঔষধ প্ৰয়োগৰ ক্ষেত্ৰত যথাযথ সুৰক্ষাবিধি মানি ভাল ফল পোৱা গৈছে।

ইয়াৰ উপৰিও যিসকলৰ সংক্ৰমণৰ মাত্ৰা অধিক সেইসকলক চিকিৎসকসকলৰ পৰ্যবেক্ষণতে ৰেমডেছিভিৰ, প্লাজমা থেৰাপী আৰু ট’ছিলিজুমাব দিয়া হৈছে।

 

এই ধৰণৰ ঔষধবোৰৰ প্ৰচাৰ চলোৱা আৰু সংক্ৰমণৰ ফলত মৃত্যুৰ হাৰ কমোৱাৰ বাবে নানা ব্যৱস্থা গ্ৰহণ কৰা হৈছে। চিকিৎসক আৰু চিকিৎসা কৰ্মীসকলে পৰামৰ্শ গ্ৰহণৰ বাবে এক  ক’ৰোনা হেল্পলাইন 9971876591 আৰম্ভ কৰা হৈছে। দিল্লীৰ এইমছে ক’ভিড-১৯ ৰাষ্ট্ৰীয় টেলি কনছাল্টেশ্যন চেন্টাৰ আৰম্ভ কৰিছে য’ত দেশৰ যিকোনো প্ৰান্তৰ চিকিৎসকসকলে +91-9115444155 নম্বৰত ডায়েল কৰি পৰামৰ্শ পাব পাৰে। জনসাধাৰণেও এই নম্বৰৰ সুবিধা গ্ৰহণ কৰিব পাৰে। অহেতুক ভিৰ এৰাই চলিবৰ বাবে সংক্ৰমিতসকলে তেওঁলোকৰ অসুখৰ বিষয়ে টেলিফোনৰ মাধ্যমেৰে পৰামৰ্শ গ্ৰহণ কৰিব পাৰে। ২৫ মাৰ্চৰ পৰা আৰম্ভ হোৱা এই ব্যৱস্থাৰ ফলত যিবোৰ অঞ্চলত স্বাস্থ্যসেৱাৰ সুযোগ কম তেনেবোৰ এলেকাতো জনসাধাৰণ উপকৃত হৈছে।

 

কেন্দ্ৰীয় স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰালয়ে,  দিল্লীৰ এইমছৰ সৈতে এক উৎকৰ্ষ কেন্দ্ৰও গঢ়ি তুলিছে। ৰাজ্যস্তৰতো এনেধৰণৰ কেন্দ্ৰ গঢ়ি তোলা হৈছে য’ৰ পৰা বিভিন্ন পৰামৰ্শ দিয়া হৈছে। ৰাজ্য স্তৰৰ উৎকৰ্ষ কেন্দ্ৰবোৰক সাপ্তাহিক ৱেবিনাৰৰ সহায়ত এইমছৰ পৰা নিয়মিত পৰামৰ্শ দিয়া হৈছে। আশা কৰা হৈছে যে ৰাজ্যস্তৰৰ উৎকৰ্ষ কেন্দ্ৰবোৰে জিলা স্তৰত এই পৰামৰ্শবোৰ জনাই থাকিব।

ক’ভিড আৰু ক’ভিডৰ উপৰিও অন্যান্য চিকিৎসাৰ বাবে প্ৰত্যন্ত অঞ্চলৰ লোকসকলৰ সুবিধাৰ্থে টেলি-মেডিছিন ব্যৱস্থাপনা আৰম্ভ কৰা হৈছে। গ্ৰামাঞ্চলত আৰু বিচ্ছিন্ন এলেকাত ই-সঞ্জীৱনী౼ এক ৱেবভিত্তিক সৰ্বাঙ্গীন টেলি ব্যৱস্থাপনাত ২৩ খন ৰাজ্যত চিকিৎসাৰ ব্যৱস্থা কৰা হৈছে।

আইচিএমআৰে ক’ভিডৰ বিষয়ে এটা ৰাষ্ট্ৰীতীয় ৰেজিষ্ট্ৰি প্ৰস্তুত কৰিছে। য’ৰ পৰা এই ভাইৰাছত সংক্ৰমিতসকলৰ বিষয়ে বিভিন্ন তথ্য পোৱা গৈছে।

 

  1. এই সংক্ৰমণত চিকিৎসাৰ বাবে ১৩ টা ঔষধ পৰীক্ষা-নিৰীক্ষা কৰা হৈছে। ইয়াৰ সমান্তৰালকৈ আধুনিক চিকিৎসা ব্যৱস্থাৰ সহায়ত প্ৰচলিত বিভিন্ন পন্থাও প্ৰয়োগ কৰা হৈছে। ছেপছিভেক - এই ৰোগ প্ৰতিৰোধী ঔষধটোৰ দ্বিতীয় পৰ্যায়ৰ ক্লিনিকেল ট্ৰায়েল সফলভাৱে শেষ হৈছে। এছিকিউএইচৰো সফলভাৱে দ্বিতীয় পৰীক্ষা পৰ্ব শেষ হৈছে। অশ্বগন্ধা আৰু গুলঞ্চ+ পিপল, জষ্ঠিমধুৰ তিনিবাৰ পৰীক্ষামূলক ব্যৱহাৰ আৰু আয়ুষ-৬৪ ঔষধটোক মঁজলীয়া সংক্ৰমিতসকলৰ ওপৰত প্ৰয়োগ কৰাৰ পৰিকল্পনা কৰা হৈছে।

নিঃসন্দেহে এই সংক্ৰমণ প্ৰতিৰোধ কৰিবলৈ হ’লে এটা কাৰ্যকৰী টীকা অত্যন্ত জৰুৰী। সমগ্ৰ বিশ্বতে ১৪৫ টা টীকাক লৈ পৰীক্ষা-নিৰীক্ষাৰ কাম চলিছে। ভাৰতত ৩৫ টা টীকাৰ পৰীক্ষামূলক প্ৰয়োগ চলিছে। ৩০ টাৰো অধিক টীকা বিভিন্ন পৰ্যায়ত প্ৰয়োগ কৰা হৈছে। ৩ টা টীকা প্ৰথম, দ্বিতীয়, তৃতীয় স্তৰৰ শেষ পৰ্যায়ত আছে। আৰু ৪ টাৰো অধিক টীকা প্ৰাক-চিকিৎসা পৰ্যায়ত আছে।

ক’ভিড-১৯ ৰ বাবে জৈৱ প্ৰযুক্তিগত বিভিন্ন পৰীক্ষা-নিৰীক্ষা কৰা হৈছে। ইয়াৰ বাবে ৪০ হাজাৰৰো অধিক নমুনাক লৈ গৱেষকসকলে কাম কৰি আছে, যিবোৰৰ সহায়ত ৰোগ চিনাক্তকৰণ, চিকিৎসা আৰু টীকা প্ৰস্তুতিৰ কামত সুবিধা হ’ব।

৭ আগষ্টত কেন্দ্ৰই ক’ভিড-১৯ ৰ টীকা প্ৰয়োগৰ বাবে এক ৰাষ্ট্ৰীয় বিশেষজ্ঞ গোট গঠন কৰিছে। নীতি আয়োগৰ স্বাস্থ্য বিষয়ক সদস্য এই কমিটিৰ অধ্যক্ষ হিচাপে আছে।

17. আয়ুষ মন্ত্ৰালয়ে ক’ভিড-১৯ ৰ ব্যৱস্থাপনাৰ বাবে বিভিন্ন উদ্যোগ গ্ৰহণ কৰিছে। মন্ত্ৰালয়ে ৰোগ প্ৰতিৰোধ আৰু চিকিৎসাৰ বাবে নীতি-নিৰ্দেশনা প্ৰকাশ কৰিছে। ৰোগ প্ৰতিৰোধ বৃদ্ধিৰ বাবে আৰু সংক্ৰমণ প্ৰতিহত কৰিবলৈ ৮ টা বিদেশী ভাষাত আয়ুষ মন্ত্ৰালয়ে স্বাস্থ্য সংক্ৰান্তীয় পৰামৰ্শ প্ৰকাশ কৰিছে। বিভিন্ন দেশৰ ভাৰতীয় দূতাবাসবোৰতো সেয়া প্ৰচাৰ কৰা হৈছে। আয়ুষ হাস্পতালবোৰক কোৱাৰেন্টাইন চেন্টাৰ, আইছ’লেশ্যন চেন্টাৰ, ক’ভিড কেয়াৰ চেন্টাৰ আৰু ক’ভিড হেল্থ চেন্টাৰত পৰিণত কৰা হৈছে। covidwarriors.gov.in এই ৱেবছাইটত ৮ লাখ ৫০ হাজাৰ আয়ুষ চিকিৎসকে নাম অন্তৰ্ভুক্ত কৰিছে। আয়ুষ মন্ত্ৰালয়ে গৱেষণা আৰু উন্নয়ন গোট গঠন কৰিছে, য’ত ক’ভিড সংক্ৰান্তীয় বিভিন্ন গৱেষণামূলক কাম কৰা হৈছে। ক’ভিড-১৯ ৰ চিকিৎসা আৰু ৰোগ প্ৰতিৰোধৰ বাবে আয়ুষ-চিএছআইআৰৰ যৌথ উদ্যোগত ঔষধ প্ৰস্তুত কৰা হৈছে। আয়ুষ গৱেষণা পৰিষদ আৰু মন্ত্ৰালয়ৰ অধীনস্থ বিভিন্ন ৰাষ্ট্ৰীয় সংস্থা কন্টেনমেন্ট এলেকাত থকা লোকসকলৰ ওপৰত নানা পৰীক্ষা-নিৰীক্ষা চলাইছে। আয়ুষ মন্ত্ৰালয়ে আয়ুষৰ বিভিন্ন পৰামৰ্শ আৰু ব্যৱস্থাপনাৰ বিষয়ে জনাবৰ বাবে আয়ুষ-সঞ্জীৱনী এপ্প মুকলি কৰিছে।

18. ৰাজ্যবোৰক অনুৰোধ কৰা হৈছে যে তেওঁলোকে যেন ব্যক্তিগত সুৰক্ষা সৰঞ্জামসহ অন্যান্য সামগ্ৰী যথেষ্ট পৰিমাণে সংগ্ৰহ কৰি ৰাখে। কেন্দ্ৰই ১ কোটি ৯২ লাখ পিপিই ক্ৰয়ৰ বাবে আবেদন কৰিছে। মন্ত্ৰালয়ে ইতিমধ্যেই ১ কোটি ৩৯ লাখ পিপিই কিট আৰু ৩ কোটি ৪৩ লাখ এন-৯৫ মাস্ক ৰাজ্যবোৰক দিছে (১১ ছেপ্তেম্বৰৰ হিচাপ অনুসৰি)।

 

ফাৰ্মাছিউটিকেল দপ্তৰে হাইড্ৰ’ক্সিক্ল’ৰোকুইনৰ উৎপাদন বহুগুণে বৃদ্ধি কৰিছে। ১১ ছেপ্তেম্বৰৰ হিচাপ অনুসৰি ১০ কোটি ৮৪ লাখ টেবলেট ৰাজ্য আৰু কেন্দ্ৰ শাসিত অঞ্চলবোৰক দিয়া হৈছে। ভাৰতে বিশ্বৰ ১৪০ খনৰো অধিক দেশলৈ এই ঔষধ সৰবৰাহ কৰিছে।

 

কেন্দ্ৰই ৬০ হাজাৰ ৯৪৮ টা ভেন্টিলেটৰ ক্ৰয় কৰিবৰ বাবে অনুমোদন জনাইছে। ১১ ছেপ্তেম্বৰ পৰ্যন্ত ৩২ হাজাৰ ১০৯ টা ভেন্টিলেটৰ ৰাজ্যবোৰৰ বাবে আবণ্টণ কৰা হৈছে। ৩০ হাজাৰ ১৭০ টা ভেন্টিলেটৰ ইতিমধ্যেই সৰবৰাহ কৰা হৈছে। দেশ সম্প্ৰতি অক্সিজেন আৰু অক্সিজেন চিলিণ্ডাৰ প্ৰস্তুত কৰাৰ ক্ষেত্ৰত আত্মনিৰ্ভৰ। স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰালয়ে এই পৰ্যন্ত বিভিন্ন ৰাজ্যত ১ লাখ ২ হাজাৰ ৪০০ টা অক্সিজেন চিলিণ্ডাৰ সৰবৰাহ কৰিছে। ইয়াৰ সমান্তৰালকৈ অক্সিজেন কনছেণ্ট্ৰেটাৰো দিয়া হৈছে।

 

19ক’ভিড যোদ্ধাসকলৰ বিপুল সংখ্যা চিহ্নিত কৰি প্ৰশিক্ষণ দিয়াটো এক বৃহৎ প্ৰত্যাহ্বান। তাৰ সমান্তৰালকৈ বিভিন্ন গুৰুত্বপূৰ্ণ চিকিৎসা সৰঞ্জাম ৰক্ষণাবেক্ষণ কৰাটোও জৰুৰী। ইয়াৰ বাবে প্ৰতিৰক্ষা, আয়ুষ, এনচিচি, এনএছএছ, এনৱাইকে, ৰাষ্ট্ৰীয় সংস্থা আৰু বেচৰকাৰী সংস্থাৰ পৰাও কৰ্মী গ্ৰহণ কৰা হৈছে।

 

বিভিন্ন প্ৰত্যাহ্বান সত্ত্বেও ক’ভিড যোদ্ধাসকলে সকলো প্ৰতিকূল পৰিস্থিতিৰ মাজতে মানৱ জাতিৰ বাবে সেৱা কৰি চলিছে। আমাৰ দেশৰ চিকিৎসক, নাৰ্ছ, স্বাস্থ্যকৰ্মী, ফ্ৰণ্টলাইন কৰ্মী, নিৰাপত্তা কৰ্মী, পুলিছ, ছাফাই কৰ্মচাৰী, স্বেচ্ছাসেৱক আৰু সাংবাদিক যিসকলে নিৰলসভাৱে দেশবাসীক ক’ভিডৰ পৰা ৰক্ষা কৰি আহিছে,  সমগ্ৰ দেশ তেওঁলোকৰ প্ৰতি কৃতজ্ঞ। মই এই মহান সদনক অনুৰোধ কৰো যে তেওঁলোকৰ সেৱাৰ বাবে প্ৰশংসাৰ ব্যৱস্থা যেন কৰে।

 

বিভিন্ন স্থানত স্বাস্থ্যকৰ্মীসকলক অপদস্থ কৰা, অন্যায় কৰা  আৰু তেওঁলোকৰ জীৱনলৈ সংশয় অহাৰ দৰে ঘটনাও ঘটিছে। ইয়াৰ মোকাবিলা কৰিবলৈ আৰু তেওঁলোকে যাতে তেওঁলোকৰ কৰ্তব্য যথাযথভাৱে পালন কৰিব পাৰে, তাৰ বাবে কেন্দ্ৰই ২২ এপ্ৰিল ২০২০ৰ মহামাৰী ব্যাধি সংশোধন অধ্যাদেশ জাৰি কৰিছে।

 

চিকিৎসা ক্ষেত্ৰত মানৱ সম্পদ বৃদ্ধিৰ বাবে iGOT - দীক্ষা নামৰ এটা অনলাইন প্লেটফৰ্ম আৰম্ভ কৰা হৈছে। ৰাজহুৱা প্ৰশাসন দপ্তৰে এই উদ্যোগ গ্ৰহণ কৰিছে। ইয়াৰ সহায়ত হাস্পতালত সংক্ৰমিতসকলৰ চিকিৎসা আৰু তৃণমূল স্তৰৰ কৰ্মীসকলৰ তদাৰকীসহ বিভিন্ন কামৰ প্ৰশিক্ষণ দিয়া হৈছে। আঞ্চলিক ভাষাত এই প্ৰশিক্ষণৰ মডিউলবোৰ প্ৰস্তুত কৰা হৈছে। ৫ হাজাৰ ৬৯৯ জন চিকিৎসক, ৮৬ হাজাৰ ১৮ জন আয়ুষ পেছাদাৰী, ৪ হাজাৰ ১০২ গৰাকী নাৰ্ছ, ৯৬৩ জন স্বাস্থ্যকৰ্মী, ৫ হাজাৰ ৮৮১ জন ফ্ৰণ্টলাইন যোদ্ধা, ২ লাখ ৭০ হাজাৰ ৭৩৬ জন স্বেচ্ছাসেৱক আৰু ২৫ লাখ ৪২ হাজাৰ ৮৯২ জন অন্যান্য অংশগ্ৰহণকাৰীসহ প্ৰায় ২৯ লাখ ১৫ হাজাৰ কৰ্মীয়ে iGOT দীক্ষাৰ বিভিন্ন পাঠক্ৰমত নাম অন্তৰ্ভুক্ত কৰিছে। ইতিমধ্যেই ১৮ লাখ ৯৬ হাজাৰ জনে বিভিন্ন পাঠক্ৰম শেষ কৰিছে।

 

আমি এতিয়া ভ্ৰমণ সংক্ৰান্তীয় বিভিন্ন বিষয়ৰ প্ৰতি নজৰ দিম, যিবোৰ ক্লাষ্টাৰত স্থানীয়ভাৱে সংক্ৰমণৰ কাৰণে বিপুল সংখ্যক লোক প্ৰভাৱিত হৈছে সেইবোৰ চহৰ, অৰ্ধচহৰ আৰু গ্ৰামাঞ্চলত বিপুল সংখ্যক সংক্ৰমণ প্ৰতিৰোধ কৰিবলৈ আৰু মৃত্যুৰ হাৰ হ্ৰাস কৰিবৰ বাবে জনসাধাৰণৰ সহযোগিতাতে চৰকাৰে বিভিন্ন ব্যৱস্থা গ্ৰহণ কৰিছে। তাৰ লগতে মাতৃ আৰু শিশুসকলৰ স্বাস্থ্য, টীকাৰ মাধ্যমেৰে যিবোৰ অসুখ প্ৰতিহত কৰিব পৰা যায়, সংক্ৰমিত ব্যাধি, যক্ষ্মা, ক’লা জ্বৰ আৰু মেলেৰিয়াৰ দৰে ভেক্টৰবাহিত ৰোগ প্ৰতিহত কৰাৰ বাবে বিভিন্ন পদক্ষেপ গ্ৰহণ কৰা হৈছে। সেয়ে ক’ভিডৰ উপৰিও অন্যান্য ৰোগৰ বিষয়েও সমানে গুৰুত্ব প্ৰদান কৰা হৈছে হৈছে।

  1. কেন্দ্ৰীয় স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰালয়ে দেশত প্ৰতিদিনে ক’ভিড-১৯ ৰ সংক্ৰমণৰ বিষয়ে শেহতীয়া তথ্য প্ৰদান কৰি আহিছে। ইয়াৰ উপৰিও নিয়মিত সংবাদ বিজ্ঞপ্তি প্ৰকাশ আৰু সংবাদমেল কৰা হৈছে।

 

সচেতনতাৰ বাবে পেমফ্লেট, পোষ্টাৰ, অডিঅ’-ভিজুৱেল মাধ্যমেৰে প্ৰচাৰৰ উপকৰণ আৰু শব্দচিত্ৰ প্ৰস্তুত কৰি ৰাজ্য আৰু কেন্দ্ৰ শাসিত অঞ্চলবোৰলৈ প্ৰেৰণ কৰি থকা হৈছে। ক’ভিড-১৯ ৰ বিষয়ে বিভিন্ন ভ্ৰান্ত ধাৰণা আঁতৰ কৰিবলৈ আৰু ৰোগ প্ৰতিৰোধৰ বাবে এই পদক্ষেপ গ্ৰহণ কৰা হৈছে। কেন্দ্ৰীয় স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰালয়ৰ ৱেবছাইটসহ সামাজিক মাধ্যমত প্ৰচাৰ কাৰ্যসূচী চলোৱা হয়। ক’ভিডৰ বাবে কি কি কৰা উচিত নহয় সেই সংক্ৰান্তীয় বিভিন্ন পৰামৰ্শ এছএমএছযোগে প্ৰেৰণ কৰি থকা হৈছে। ইতিমধ্যেই ৫৫০ কোটি এছএমএছ পঠিওৱা হৈছে। ১৩ টা ভাষাত টেলিকম সংস্থাবোৰক কলাৰ টিউন মেছেজ প্ৰেৰণ কৰা হৈছে। যি ১১৭ কোটি গ্ৰাহকৰ ওচৰ পাইছেগৈ।

 

1075 হেল্পলাইন নম্বৰ ব্যৱহাৰ কৰি আৰম্ভণিৰে পৰা নাগৰিকসকলৰ বিভিন্ন প্ৰশ্নৰ উত্তৰ দিয়া হৈছে। এই পৰ্যন্ত ৪১ লাখ ৪ হাজাৰ ফোনকল এই নম্বৰলৈ আহিছে।

21. জৈৱ প্ৰযুক্তি দপ্তৰ, বিজ্ঞান আৰু প্ৰযুক্তি দপ্তৰ, চিএছআইআৰ আৰু স্বাস্থ্য গৱেষণা দপ্তৰে ক’ভিড-১৯ ৰ বাবে নানা ধৰণৰ গৱেষণা আৰু উন্নয়নমূলক কাম কৰিছে। শিক্ষাবিদ, গৱেষণা আৰু উন্নয়নমূলক পৰীক্ষাগাৰ, শিল্প সংস্থা, নতুন উদ্যোগ আৰু বেচৰকাৰী সংগঠনবোৰক এই কামত চামিল কৰা হৈছে। এই ভাইৰাছৰ সংক্ৰমণ প্ৰতিহত কৰিবলৈ বিভিন্ন বিজ্ঞান সন্মত গৱেষণা, গাণিতিক মডেলৰ সহায়ত তথ্য বিশ্লেষণ কৰা হৈছে। ইয়াৰ সমান্তৰালকৈ আন্তৰ্জাতিক মানৰ ভেন্টিলেটৰ, নমুনা পৰীক্ষাৰ কিট, টীকা, ঔষধ, ভাইৰাছ প্ৰতিৰোধী বিভিন্ন সৰঞ্জাম, ভাইৰাছ মুক্ত কৰাৰ উপাদান, পিপিই কিট, মাস্ক, ভ্ৰাম্যমান নমুনা পৰীক্ষা কেন্দ্ৰ, কৃত্ৰিম মেধাভিত্তিক ব্যৱস্থাপনাৰ লগতে তথ্য প্ৰচাৰৰ বাবে বিভিন্ন উদ্যোগ গ্ৰহণ কৰা হৈছে।

 

এই কামত নতুন পদক্ষেপৰ সংস্থাবোৰক চিহ্নিত কৰি ১১০ টা এই ধৰণৰ সংস্থাসহ ২০ টা উদ্যোগক বিভিন্ন পণ্যৰ বাণিজ্যিক উপাদানেৰে সহায় কৰা হৈছে। ১৫০ টাৰো অধিক প্ৰকল্প ইয়াৰ বাবে আৰম্ভ কৰা হৈছে।

  1. কেন্দ্ৰই নিয়মিতভাৱে বিশ্ব স্বাস্থ্য সংস্থাৰ সদৰ দপ্তৰ, আঞ্চলিক দপ্তৰসহ ভাৰতৰ অফিচৰ সৈতে সমন্বয় বজাই ৰাখি চলিছে। ইয়াৰ মাধ্যমেৰে এই সংক্ৰমণৰ বিষয়ে শেহতীয়া তথ্য পোৱা গৈছে। ভাৰতে অন্যান্য দেশবোৰক ক’ভিডৰ মোকাবিলাৰ ক্ষেত্ৰত সহায় কৰিছে। জি-২০ আৰু ব্ৰিক্ছ দেশবোৰত ভাৰতে ক’ভিডৰ বিষয়ে গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছে। ছাৰ্ক দেশবোৰৰ প্ৰতি প্ৰয়োজনীয় সাহায্যৰ বাবেও হাত উজান দিছে ভাৰতে।

23. কেন্দ্ৰই সক্ৰিয়ভাৱে যিবোৰ স্থানত ঘাটি হৈ আছে, সেইবোৰ স্থান চিনাক্ত কৰিছে আৰু এইধৰণৰ মহামাৰী, অতিমাৰী আৰু বিপৰ্যয় ভৱিষ্যতে দেখা দিলে তাৰ মোকাবিলাৰ বাবে আত্মনিৰ্ভৰ ভাৰত গঢ়াৰ উদ্যোগ গ্ৰহণ কৰিছে। প্ৰধানমন্ত্ৰীয়ে আত্মনিৰ্ভৰ সুস্থ ভাৰত যোজনাৰ অধীনত ৬৫ হাজাৰ ৫৬০ কোটি ৯৮ লাখ টকাৰ এক প্ৰস্তাৱ বিবেচনা কৰিছে, য’ত গৱেষণা, স্বাস্থ্য  সেৱা আৰু জনস্বাস্থ্য পৰিকাঠামোৰ ক্ষেত্ৰত বিনিয়োগৰ বাবে উদ্যোগ গ্ৰহণ কৰা হৈছে।

24. মই সংসদৰ মাননীয় সদস্যসকলক জনাও যে ক’ভিডৰ বিৰুদ্ধে যুদ্ধ এতিয়াও বহু বাকী। অৰ্থনীতিৰ পুনৰুদ্ধাৰৰ বাবে আমি আনলক ব্যৱস্থা কৰিছো আৰু এইক্ষেত্ৰত ভাৰসাম্য বজাই ৰাখি ক’ভিড মহামাৰীক প্ৰতিহত কৰা আৰু সংক্ৰমণৰ শৃঙ্খল ভাঙিবলৈ যথাযথ ব্যৱস্থা গ্ৰহণ কৰাটো প্ৰয়োজনীয় প্ৰয়োজন।

ক’ভিডৰ বাবে যথাযথ আচাৰ-আচৰণেৰ বিষয়ে সচেতনতা গঢ়ি তুলিবলৈ আপোনালোকৰ কেন্দ্ৰসমূহত আপোনালোক নিজেই সহায় কৰাটো অত্যন্ত জৰুৰী। মাস্ক আৰু ফে’চ কভাৰ ব্যৱহাৰ কৰা, ঘনে ঘনে হাত ধোৱা, হাঁচি-কাঁহৰ সময়ত যথাযথ নিয়ম মানি চলা আৰু ২ গজ শাৰীৰিক দূৰত্ব বজায় ৰখাৰ দৰে সাধাৰণ জনস্বাস্থ্য ব্যৱস্থাপনাবোৰে এইক্ষেত্ৰত সামাজিক ঔষধৰ ভূমিকা পালন কৰি থাকে। আমি যদি এইবোৰ মানি চলিব পাৰো তেন্তে এই মহামাৰীৰে মোকাবিলা কৰাটো আমাৰ বাবে সহজ হ’ব।

 

24. মই এই সদনক জনাবলৈ বিচাৰো যে ভাৰতত ক’ভিড প্ৰতিহত কৰিবৰ বাবে চৰকাৰে সকলোধৰণৰ প্ৰয়োজনীয় ব্যৱস্থা গ্ৰহণ কৰিছে।

 

****

 

MV/RD



(Release ID: 1654428) Visitor Counter : 7872