প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়

ৰাজ্যসভাৰ উপাধ্যক্ষ নিৰ্বাচিত শ্ৰী হৰিবংশ নাৰায়ণ সিঙক অভিনন্দন প্ৰধানমন্ত্ৰীৰ

Posted On: 15 SEP 2020 9:09AM by PIB Guwahati

দ্বিতীয়বাৰৰ বাবে ৰাজ্যসভাৰ উপাধ্যক্ষ হিচাপে নিৰ্বাচিত হোৱা শ্ৰী হৰিবংশ নাৰায়ণ সিঙক সংসদ আৰু দেশৰ সকলো নাগৰিকৰ হৈ অভিনন্দন জ্ঞাপন কৰিছে প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে।


প্ৰধানমন্ত্ৰীগৰাকীয়ে কয়, সামাজিক কৰ্ম আৰু সাংবাদিকতাৰ ক্ষেত্ৰখনত শ্ৰী হৰিবংশই দাঙি ধৰা সন্মানীয় পৰিচয়ৰ ধাৰাটোলৈ তেখেতৰ অশেষ সন্মান আছে। তেওঁ কয়, আজিৰ সংসদৰ প্ৰতিজন সদস্যলৈকে মনত একে অনুভৱ আৰু সন্মান আছে। তেখেতে শ্ৰী হৰিবংশৰ কাৰ্য সম্পাদনৰ পদ্ধতি আৰু সংসদৰ কাৰ্যধাৰা আগুৱাই নিয়াৰ কৌশলৰ শলাগ লয় আৰু সদনত তেওঁৰ ভূমিকাই গণতন্ত্ৰক শক্তিশালী কৰিব বুলি কয়।


অধ্যক্ষক সম্বোধন কৰি, প্ৰধানমন্ত্ৰীগৰাকীয়ে কয়, সদনৰ কাৰ্যধাৰা সুচলতাৰে আগবঢ়াই নিবলৈ ৰাজ্যসভাৰ সদস্যসকলে এতিয়া উপাধ্যক্ষক সহায় কৰিব। তেওঁ কয়, হৰিবংশ জী বিৰোধীকে ধৰি সকলোৰে বাবে আৰু কোনো দলৰ প্ৰতিয়ে বৈষ্যমৰ আচৰণ প্ৰদৰ্শন নকৰে। তেওঁ কয়, সংসদৰ সদস্যসকলক পৰিচালনাৰ ভূমিকা পালন কৰাটো অতিশয় প্ৰত্যাহ্বানমূলক কাম আৰু হৰিবংশ জী এইক্ষেত্ৰত প্ৰতিজনৰে আস্থাভাজন হৈ উঠিছে।


প্ৰধানমন্ত্ৰীগৰাকীয়ে কয়, এখন বিধেয়ক গৃহীত হোৱালৈকে হৰিবংশ জীয়ে একেৰাহে বহু ঘন্টা ধৰি আসনত থাকে আৰু যোৱা দুটা বছৰত এই সফলতা পৰিলক্ষিত হৈছে। এই সদনত দেশখনৰ ভৱিষ্যৎ আৰু গতি সলনি কৰি দিব পৰা বহু সংখ্যক ঐতিহাসিক বিধেয়ক গৃহীত হৈছে। তেখেতে লোক সভা নিৰ্বাচনৰ এবছৰৰ ভিতৰতে দহ বছৰৰ সৰ্বাধিক কাৰ্যশীলতাৰ অভিলেখ স্থাপনৰ বাবে সদনক প্ৰশংসা কৰে। তেওঁ কয়, সদনৰ এই কাৰ্যকুশলতাৰ লগতে ইতিবাচকতাও বৃদ্ধি পাইছে। প্ৰত্যেকেই নিজা মতামত মুকলিমুৰীয়াকৈ অৱগত কৰিব পাৰিছে।


প্ৰধানমন্ত্ৰীগৰাকীয়ে কয় যে হৰিবংশ জীৰ বিনম্ৰ আৰম্ভণিৰ বাবেই তেওঁ ডাউন টু আৰ্থ। যেতিয়া হৰিবংশ জীয়ে প্ৰথম চৰকাৰী বৃত্তি লাভ কৰিছিল, তেওঁৰ ঘৰলৈ বৃত্তিৰ ধন পঠিওৱাৰ পৰিৱৰ্তে পুথি ক্ৰয় কৰিছিল। তেওঁ কয়, কিতাপেৰে হৰিবংশ জীৰ নিবিড় সম্পৰ্ক আছে। তেওঁ কয়, জয়প্ৰকাশ নাৰায়ণৰদ্বাৰা শ্ৰী হৰিবংশ প্ৰচুৰভাৱে প্ৰভাৱিত হৈছিল। প্ৰায় চাৰি দশক সামাজিক সমস্যা সন্দৰ্ভত কাম কৰাৰ পাছত ২০১৪ ত তেওঁ সংসদত প্ৰৱেশ কৰে।

 

হৰিবংশ জীৰ বিনম্ৰ আচৰণ আৰু নম্ৰতাৰ বাবেই তেওঁ সৰ্বজনবিদিত।

 

প্ৰধানমন্ত্ৰীগৰাকীয়ে কয়, হৰিবংশ জীয়ে আন্তঃ সংসদীয় ইউনিয়নৰ দৰে আন্তঃৰাষ্ট্ৰীয় প্লেটফৰ্ম আৰু আন দেশত ভাৰতীয় সাংস্কৃতিক প্ৰতিনিধিৰ সদস্য হিচাপে ভাৰতৰ মৰ্যাদা বৃদ্ধিৰ অৰ্থে কাম কৰিছিল।

 

হৰিবংশ জীয়ে ৰাজ্যসভাৰ বহু সমিতিৰ অধ্যক্ষৰ দায়িত্ব পালন কৰি এইসমূহৰ কাৰ্যকুশলতাৰ অগ্ৰগতি সাধন কৰিছিল বুলি প্ৰধানমন্ত্ৰীগৰাকীয়ে কয়। তেওঁ কয়, হৰিবংশ জী সংসদৰ সদস্য হোৱাৰ পাছত, সকলো সাংসদেই তেওঁলোকৰ আচৰণৰ দ্বাৰা অধিক নৈতিক হোৱাটো নিশ্চিত কৰিবলৈ অহোপুৰুষাৰ্থ কৰিছিল। তেখেতে কয়, সমান্তৰালভাৱে হৰিবংশ জী সংসদীয় কাম-কাজ আৰু দায়বদ্ধতাসমূহকলৈয়ো এগৰাকী বুদ্ধিজীৱী আৰু চিন্তক হিচাপে সক্ৰিয়। হৰিবংশ জীয়ে দেশখনৰ ভিন্ন প্ৰান্তলৈ গৈ সংশ্লিষ্ট স্থানসমূহৰ জনসাধাৰণক ভাৰতৰ অৰ্থনৈতিক, সামজিক, কূটনৈতিক আৰু ৰাজনৈতিক প্ৰত্যাহ্বান সন্দৰ্ভত অৱগত কৰি আহিছে। তেখেতে কয়, “তেওঁৰ গ্ৰন্থই আমাৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী চন্দ্ৰশেখৰজীৰ জীৱনৰ গভীৰ অৱলোকন কৰিছে, একেদৰে হৰিবংশ জীৰ কলমৰ মাধুৰ্য্যতাও অনন্য। উপাধ্যক্ষ হিচাপে হৰিবংশজীৰ তত্বাৱধান লাভ কৰি আমি আৰু সংসদৰ সকলো সদস্যই সৌভাগ্যৱান।


প্ৰধানমন্ত্ৰীগৰাকীয়ে হৰিবংশ জীলৈ শুভেচ্ছা জ্ঞাপন কৰে আৰু সংসদৰ ২৫০ ৰোধিক অধিৱেশন ভাৰতীয় গণতন্ত্ৰৰ পৰিপক্কতাৰে প্ৰমাণ বুলি কয়।


***


VRRK / AK/SB



(Release ID: 1654367) Visitor Counter : 115