দক্ষতা উন্নয়ন আৰু উদ্যোগশীলতা মন্ত্ৰালয়
কৰ্ম সংস্থাপনহীন লোকৰ বাবে ডিজিটেল দক্ষতা
प्रविष्टि तिथि:
14 SEP 2020 2:30PM by PIB Guwahati
চতুৰ্থ শিল্প বিপ্লৱৰ চাহিদা পূৰণত যুৱ সম্প্ৰদায়ৰ দক্ষতা নিশ্চিত কৰিবলৈ কোভিড পৰৱৰ্তী সময়ত ডিজিটেল দক্ষতা অত্যন্ত গুৰুত্বপূৰ্ণ। ডাইৰেক্টৰেট জেনেৰেল অফ ট্ৰেইনিঙে জুন মাহত আই বি এমৰ সৈতে এক বুজাবুজিৰ পত্ৰত স্বাক্ষৰ কৰিছে। কৰ্ম প্ৰাৰ্থীসকলৰ দক্ষতা বৃদ্ধিৰ বাবে সেই সংস্থাৰ সাহায্যত বিনামূলীয়াকৈ ডিজিটেল পদ্ধতিৰ বিষয়ে প্ৰশিক্ষণ দিয়া হ'ব। কৰ্ম প্ৰাৰ্থী তথা শিল্পোদ্যোগীসকলে অনলাইনৰ মাধ্যমত প্ৰশিক্ষণৰ সুযোগ লাভ কৰিছে। ইয়াৰ তেওঁলোকে নিজৰ কেৰিয়াৰ বা ব্যৱসায়ত সুফল লাভ কৰিব। নেচনেল স্কিল ট্ৰেইনিং ইনষ্টিটিউটবিলাকৰ পৰা ক্লাউড কম্পিউটিং আৰু কৃত্ৰিম মেধা বিষয়ত প্ৰশিক্ষণ দিয়া হ'ব। শিক্ষা মন্ত্ৰালয়ে জুন মাহত 'যুক্তি ২.০' উদ্যোগ আৰম্ভ কৰিছে। এতিয়াৰ পৰা বাণিজ্যিকভাৱে সম্ভাৱনা আছে যে এনেকুৱা প্ৰযুক্তিৰ বিষয়ে নতুন উদ্যোগ যি আৰম্ভ কৰিছে, তেওঁলোকে বিভিন্ন ধৰণৰ সাহায্য উচ্চ শিক্ষা প্ৰতিষ্ঠানবিলাকৰ পৰা পাব।
কেন্দ্ৰই স্বাস্থ্য পৰিসেৱা ক্ষেত্ৰত ডিজিটেল ব্যৱস্থাপনা আৰম্ভ কৰাৰ উদ্যোগ লৈছে 'ই-সঞ্জীৱনী' উদ্যোগৰ মাধ্যমত মানুহ, ৰোগৰ বিষয়ে চিকিৎসকৰ পৰামৰ্শ ল'ব পাৰিব। এই জাতীয় বৈদ্যুতিন প্লেটফৰ্মৰ ব্যৱহাৰ কৰাৰ বাবে ১২ হাজাৰ কমিউনিটী স্বাস্থ্য বিষয়া আৰু চিকিৎসকক প্ৰশিক্ষণ দিয়া হৈছে। নেচনেল টেলিমেডিচিন ছাৰ্ভিচৰ মাধ্যমত ১ লাখ ৫০ হাজাৰ পৰামৰ্শ চিকিৎসকসকলৰ পৰা ঘৰত বহিয়েই ৰোগীসকলে লাভ কৰিছে, আকৌ বহু ক্ষেত্ৰত চকিৎসকসকলেও অন্য চিকিৎসকসকলৰ পৰা পৰামৰ্শ লৈছে।
লোকসভাত আজি এক প্ৰশ্নৰ লিখিত উত্তৰত এই তথ্য জনাইছে দক্ষতা বিকাশ আৰু শিল্পোদ্যোগ মন্ত্ৰী শ্ৰী আৰ কে সিঙে।
YKB/SK
(रिलीज़ आईडी: 1654295)
आगंतुक पटल : 119