পৰ্যটন মন্ত্ৰালয়

দেখ’ অপনা দেশ ৱেবিনাৰ ছিৰিজৰ অধীনত পৰ্যটন মন্ত্ৰালয়ৰ শেহতীয়া ৱেবিনাৰ “ইন দ্য ফুটষ্টেপছ অৱ দ্য বুদ্ধ” নিবেদন

प्रविष्टि तिथि: 14 SEP 2020 11:23AM by PIB Guwahati

বৌদ্ধধৰ্মৰ সৈতে ভাৰতৰ সম্পৰ্ক নিবিড়। ভাৰতৰ মধ্যভূমিত এই ধৰ্মৰ পদাংকসমূহ জনপ্ৰিয় আৰু বিশ্বজুৰি ভাৰতৰ বৌদ্ধ চাৰ্কিট হিচাপে জনা যায়। সমগ্ৰ ভাৰতত বৌদ্ধ ধৰ্ম আৰু ভগৱান বুদ্ধৰ জীৱনৰ সৈতে সম্পৰ্কীয় ক্ষেত্ৰসমূহ বিয়পি আছে। সমগ্ৰ বিশ্বৰ ভিন্ন দেশত বসবাস কৰা বৌদ্ধ ধৰ্মাৱলম্বী লোকসকলে বুদ্ধৰ জীৱন আৰু শিক্ষাৰে সম্পৰ্কীয় এই স্থানসমূহ দৰ্শনৰ আশা পুহি ৰাখে।

এনে ইচ্ছাৰ প্ৰতি উদ্বুদ্ধ হৈ ১২ ছেপ্টেম্বৰ, ২০২০ত পৰ্যটন মন্ত্ৰালয়ৰ দেখ’ অপনা দেশ ৱেবিনাৰ শৃংখলৰ অধীনত “ইন দ্য ফুটষ্টেপছ অৱ দ্য বুদ্ধ” শীৰ্ষক শেহতীয়া ৱেবিনাৰ নিবেদন কৰা হয়। এই দেখ’ অপনা দেশ ৱেবিনাৰ ছিৰিজৰ লক্ষ্য হৈছে এক ভাৰত শ্ৰেষ্ঠ ভাৰতৰ অধীনত ভাৰতৰ বৰ্ণাঢ্য বৈচিত্ৰ প্ৰদৰ্শন কৰা।

বেৱিনাৰখনিত বুদ্ধপথ/আহিমাছা ট্ৰাষ্টৰ গাইডিং শিক্ষক/প্ৰতিষ্ঠাপক শ্ৰী ধৰ্মচাৰ্য্য চান্তামে ভগৱান বুদ্ধৰ জীৱন আৰু শিক্ষা লাভৰ সমগ্ৰ পৰিক্ৰমা সন্দৰ্ভত অংশগ্ৰহণকাৰীসকলক ব্যক্ত কৰে। তেওঁ কেতবোৰ গুৰুত্বপূৰ্ণ বৌদ্ধ ক্ষেত্ৰ যথাঃ সাৰনাথ, ৰাজগীৰ, শ্ৰাবস্তী, ভালচাৰ পিক, কেশৰীয়া, বৈশালী, কুশীনগৰ সন্দৰ্ভতো ব্যক্ত কৰে।

ৱেবিনাৰখনিৰ শেষত অতিৰিক্ত সঞ্চালক প্ৰধান ৰুপিন্দৰ ব্ৰাৰে আইআৰচিটিচি এ চলাই ৰখা মহাপৰিনিৰ্বাণ এক্সপ্ৰেছৰ কথা ব্যক্ত কৰে। এই জনপ্ৰিয় বৌদ্ধধৰ্মাৱলম্বী পৰ্যটকৰ ট্ৰেইনখনক বৌদ্ধধৰ্মৰ মূল আৰু দীক্ষাৰে সমৃদ্ধ কৰাৰ কথা তেওঁ কয়।

ইলেকট্ৰনিক্স আৰু তথ্য প্ৰযুক্তি মন্ত্ৰালয়ৰ নেশ্যনেল ই গৰ্ভানেন্স বিভাগৰ কাৰিকৰী সহযোগিতাত এই দেখ’ অপনা দেশ ৱেবিনাৰখনিৰ নিবেদন কৰা হৈছে। এই ৱেবিনাৰখনিৰ সত্ৰসমূহ https://www.youtube.com/channel/UCbzIbBmMvtvH7d6Zo_ZEHDA/featured আৰু ভাৰত চৰকাৰৰ পৰ্যটন মন্ত্ৰালয়ৰ ছ’চিয়েল মিডিয়া হেণ্ডেলত উপলব্ধ।

“প্ৰম’টিং ডেষ্টিনেশ্যন উইথ অথেন্টিকেটেড কুইজিন” শীৰ্ষক পৰৱৰ্তী ৱেবিনাৰখনি ১৯ ছেপ্টেম্বৰ, ২০২০ৰ পুৱা ১১.০০ বজাত অনুষ্ঠিত হ’ব। ইয়াত অংশগ্ৰহণৰ বাবে অগ্ৰিম পঞ্জীয়নৰ লিংক হৈছে https://digitalindiagov.zoom.us/webinar/register/WN_6ydAovSPQtaSCTwzaaNwtw

*****

NB /AKJ /OA/SB


(रिलीज़ आईडी: 1654278) आगंतुक पटल : 184
इस विज्ञप्ति को इन भाषाओं में पढ़ें: English , Urdu , Marathi , हिन्दी , Manipuri , Bengali , Punjabi , Tamil