বিজ্ঞান আৰু প্ৰযুক্তি মন্ত্ৰালয়

হিমালয় অঞ্চলত বায়ুমণ্ডলীয় গতিবিধি সংক্ৰান্তীয় মাপকাঠি সংক্ৰান্তত নতুন তথ্যই জলবায়ুৰ পূৰ্বাভাসত সহায় কৰিব পাৰে

ARIES ৰ বিজ্ঞানীসকলে পোনপ্ৰথমবাৰৰ বাবে কেন্দ্ৰীয় হিমালয় অঞ্চলৰ ওপৰত থকা নিম্ন ট্ৰ’প’স্ফেয়াৰত কম্পনাংকৰ দিশ নিৰ্ণয় কৰিছে

प्रविष्टि तिथि: 12 SEP 2020 11:35AM by PIB Guwahati

হিমালয় অঞ্চলত জলবায়ুৰ পূৰ্বাভাস সুনিশ্চিত হোৱাটো এক যথেষ্ট গুৰুত্বপূৰ্ণ বিষয়। এই পূৰ্বাভাসে বিমান চলাচলৰ বিপৰ্যয় ৰোধতো সহায় কৰিব পাৰে। বিজ্ঞানীসকলে হিমালয় অঞ্চলত বায়ুমণ্ডলীয় গতিবিধি সংক্ৰান্তীয় মাপকাঠীৰ বিষয়ে নতুন তথ্য উদ্ভাৱন কৰাৰ বাবে ধাৰাবাহিকভাৱে কাম কৰি আছে। ভাৰত চৰকাৰৰ বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যা বিভাগৰ অন্তৰ্গত আৰ্যভট্ট ৰিছাৰ্চ ইন্সটিটিউট অৱ অবজাৰ্ভেশ্যন ছায়েন্সেজ (ARIES)-ৰ বিজ্ঞানীসকলে প্ৰথমবাৰৰ বাবে মধ্য হিমালয় অঞ্চল জুৰি নিম্ন ট্ৰ’প’স্ফেয়াৰৰ বায়ুমণ্ডলীয় অস্থিৰতাৰ বিষয়ে অনুমান কৰিবলৈ সক্ষম হৈছে।

 

ARIES ৰ গৱেষকসকলে তেওঁলোকৰ ষ্ট্ৰেট’স্ফেয়াৰ, ট্ৰ’প’স্ফেয়াৰ ৰাডাৰ (ST ৰাডাৰ) ৰ পৰা তথ্য পৰ্যবেক্ষণ কৰি এই অঞ্চলৰ বায়ুমণ্ডলৰ গতিবিধিৰ এক সূচক নিৰ্ধাৰণ কৰিছে। ARIES ৰ নাইনিতালৰ পিএইচডিৰ ছাত্ৰ আদিত্য জয়ছোৱাল, ARIES ৰ ফেকাল্টি সদস্য ডি ভি ফণী কুমাৰ, এছ ভট্টাচাৰ্য আৰু মনীষ নাজাৰ নেতৃত্বত ৰেডিঅ’ ছায়েন্স জাৰ্নালত প্ৰকাশিত গৱেষণাত মধ্য হিমালয় অঞ্চলত বায়ুমণ্ডলীয় গতিবিধি সূচকৰ মাপকাঠি সংক্ৰান্তীয় তথ্য প্ৰকাশ পাইছে। দক্ষিণ ভাৰতত বায়ুমণ্ডলীয় গতিবিধিৰ মাপকাঠিবোৰ পূৰ্বে জনা থাকিলেও হিমালয় অঞ্চলৰ এনেধৰণৰ তথ্য  সিমান বিশদভাৱে জনা হোৱা নাছিল। এই তথ্য সেই অঞ্চলত নিৰাপদে বিমান চলাচলৰ ক্ষেত্ৰত বিশেষ সহায় প্ৰদান কৰিব।

 

বিজ্ঞান আৰু প্ৰযুক্তি বিভাগৰ সচিব অধ্যাপক আশুতোষ শৰ্মাই এই সন্দৰ্ভত কয় যে এই তথ্যই আঞ্চলিক জলবায়ু পৰিৱৰ্তনৰ কাৰণবোৰ আৰু অধিক সূক্ষ্মভাৱে অনুসন্ধান কৰাৰ ক্ষেত্ৰত সহায় কৰিব। এই গৱেষণাই আগন্তুক সময়ছোৱাত জলবায়ুৰ পৰিৱৰ্তন ৰোধ কৰাত, বিশেষকৈ হিমালয় অঞ্চলৰ জটিল ভূভাগৰ নিঁখুত স্থান বিৱৰণৰ ক্ষেত্ৰত বিশেষভাৱে সহায় কৰিব বুলিও মত প্ৰকাশ কৰে তেওঁ।

[প্ৰকাশনৰ লিংক: https://doi.org/10.1029/2019RS006979 .

 

সবিশেষ জানিবৰ বাবে অনুগ্ৰহ কৰি যোগাযোগ কৰক – মনীষ নাজা (manish@aries.res.in, 9411793315). ]

 

*****


(रिलीज़ आईडी: 1653715) आगंतुक पटल : 178
इस विज्ञप्ति को इन भाषाओं में पढ़ें: English , Urdu , हिन्दी , Bengali , Manipuri , Punjabi , Tamil