অসামৰিক বিমান পৰিবহণ মন্ত্ৰালয়

দৰভাংগাৰ পৰা দৈনিক উৰণৰ বাবে বুকিং চলিত মাহৰ শেষলৈকে আৰম্ভ হৈ যাবঃ হৰদীপ সিংহ পুৰী

উত্তৰ বিহাৰৰ ২২খন জিলাৰ বাবে বিমান সেৱা এক বৰদানঃ অসামৰিক বিমান মন্ত্ৰী

অসামৰিক বিমান মন্ত্ৰীয়ে দৰভাংগা আৰু দেওঘৰ বিমান বন্দৰৰ বিকাশ কাৰ্যৰ সমীক্ষা কৰে

Posted On: 12 SEP 2020 4:08PM by PIB Guwahati

অসামৰিক বিমান বিভাগৰ ৰাজ্য মন্ত্ৰী (স্বতন্ত্ৰ) শ্ৰী হৰদীপ সিংহ পুৰীয়ে কয় যে দৰভাংগাৰ পৰা দিল্লী, মুম্বাই আৰু বেংগালুৰুলৈ যাবলৈ দৈনিক উৰণৰ বুকিং চেপ্টেম্বৰ মাহৰ শেষলৈ আৰম্ভ হৈ যাব। বিহাৰৰ দৰভাংগা বিমান বন্দৰৰ বিকাশ কাৰ্যৰ সমীক্ষা কৰাৰ পিছত, তেওঁ কয় যে ষট পূজাৰ শুভ উসৱৰ পিছতে নৱেম্বৰৰ প্ৰথম সপ্তাহত উৰণ প্ৰক্ৰিয়া আৰম্ভ হৈ যাব। শ্ৰী হৰদীপ সিংহ পুৰীয়ে কয় যে এয়া উত্তৰ বিহাৰৰ ২১খন জিলাৰ বাবে বৰদান হিচাপে প্ৰতিপন্ন হ'ব।

 

অসামৰিক বিমান মন্ত্ৰীয়ে দৰভাংগাৰ সাংসদ শ্ৰী গোপালজী ঠাকুৰ, মধুবলীৰ সাংসদ শ্ৰী অশোক যাদব তথা অসামৰিক বিমান মন্ত্ৰালয়ৰ সচিব শ্ৰী প্ৰদীপ সিংহ খাৰোলা, ভাৰতীয় বিমান পট্টন প্ৰাধিকৰণৰ অধ্যক্ষ শ্ৰী অৰবিন্দ সিংহ আৰু অন্য বিষয়াবৰ্গৰ লগত লগ হৈ দৰভাংগা বিমান বন্দৰৰ প্ৰগতি আৰু নিৰ্মাণ কাৰ্যৰ সমীক্ষা কৰে।

 

দৰভাংগা বিমান বন্দৰৰ কামৰ প্ৰগতি সন্দৰ্ভত সন্তুষ্টি প্ৰকাশ কৰি, শ্ৰী পুৰীয়ে কয় যে বিমান বন্দৰৰ অধিকাংশ কাম প্ৰায় সম্পূৰ্ণ হৈছে। তেওঁ কয় যে আগমন আৰু প্ৰস্থান হল, চেক ইনৰ সুবিধা আৰু কনভেয়াৰ বেল্ট ইতিমধ্যে স্থাপন কৰা হৈছে। শ্ৰী পুৰীয়ে কয় যে শেষ কামখিনি অক্টোবৰৰ শেষ পৰ্যন্ত সম্পূৰ্ণ হৈ যাব। ক্ষেত্ৰীয় কানেক্টিভিটী পৰিকল্পনা উৰণৰ জৰিয়তে স্পাইচজেটক ইতিমধ্যে এই দিশত সঞ্চালনৰ বাবে অনুমতি প্ৰদান কৰা হৈছে।

 

শ্ৰী পুৰীয়ে জোৰ দি কয় যে প্ৰধানমন্ত্ৰীৰ 'হাৱাই চপ্পলৰ পৰা হাৱাই জাহাজ পৰ্যন্ত' দৃষ্টিভংগী জনসাধাৰণৰ জীৱন সলনি কৰিবৰ বাবে। তেওঁ কয় যে এফালে য'ত দৰভাংগাত প্ৰাৰম্ভিক স্তৰত কাম জোৰদাৰ চলি আছে একেদৰে আনফালে অন্য কাম-কাজো আগবাঢ়ি আছে। অসামৰিক বিমান মন্ত্ৰী দৰভাংগা বিমান বন্দৰত উপস্থিত থকাৰ সময়ত স্পাইচজেটে উৰণ সঞ্চালনৰ ব্যৱস্থাও কৰে। ঝাৰখণ্ডত দেওঘৰ বিমান বন্দৰৰ স্থিতিৰ সমীক্ষা কৰাৰ পিছত, শ্ৰী পুৰীয়ে কয় যে দেওঘৰ বিমান বন্দৰত কাম যথেষ্ট আগবাঢ়ি আছে আৰু ইয়াক নিৰ্ধাৰিত সময়ত সম্পূৰ্ণ কৰা হ'ব। স্থানীয় সাংসদ শ্ৰী নিশিকান্ত ডুবেৰ সৈতে এই সন্দৰ্ভত তেওঁৰ ব্যাপক আলোচনা হয়। শ্ৰী পুৰীয়ে কয় যে বিমান বন্দৰৰ পৰিচালনা খুউব সোনকালে আৰম্ভ কৰা হ'ব। তেওঁ কয় যে চৰকাৰে এই সম্পৰ্কে অহা সপ্তাহ পৰ্যন্ত কিছু গুৰুত্বপূৰ্ণ সিদ্ধান্তও গ্ৰহণ কৰিব।

 

দেওঘৰ বিমান বন্দৰ যি পাটনা, কলকাতা আৰু বাগডোগ্ৰাক বিমান সেৱা প্ৰদান কৰে, এতিয়া বিহাৰৰ ভাগলপুৰ আৰু জামুই জিলাৰ জনসাধাৰণকো বিমান সেৱা প্ৰদান কৰিব পাৰিব। শ্ৰী হৰদীপ সিংহ পুৰীয়ে কয় যে এয়া 'সব উড়ে, সব জুড়ে' নীতিৰ জৰিয়তে দেশৰ ভিতৰুৱা ক্ষেত্ৰসমূহত বিমান সম্পৰ্ক প্ৰদান কৰাৰ মহত্বাকাংক্ষী উৰণ। পৰিকল্পনাৰ কাৰ্যকৰী কৰণৰ দিশত আৰু এটা ডাঙৰ পদক্ষেপ।

 

******

 

 RJ/NG



(Release ID: 1653688) Visitor Counter : 166