পথ পৰিবহণ আৰু ঘাইপথ মন্ত্ৰালয়
‘ইন-ভি-আইটি’ সম্পৰ্কীয় বিনিয়োগকাৰী সন্মিলন সম্বোধন কৰি ‘স্থলপথ পৰিবহণ আৰু ঘাইপথ মন্ত্ৰালয়’ৰ সচিবৰ ‘আকৰ্ষণীয় প্ৰতিদান দিব পৰা সম্পদ সতৰ্কতাৰে নিৰ্বাচন’ৰ নিশ্চয়তা প্ৰদান
৫০ হাজাৰ কিলোমিটাৰৰো অধিক দৈৰ্ঘ্যৰ ঘাইপথ নিৰ্মাণৰ পৰিকল্পনা যুগুতাইছে এমঅ’আৰটিএইচ-য়ে, সৰহখিনিয়েই হ’ব ৪ আৰু ৬ লেনযুক্ত
Posted On:
11 SEP 2020 2:09PM by PIB Guwahati
ভাৰতীয় অৰ্থনীতিৰ সম্ভাৱনাসমূহৰ পূৰ্ণ ব্যৱহাৰ সম্ভৱ কৰি তোলাৰ লক্ষ্যৰে ভাৰত চৰকাৰে ‘ৰাষ্ট্ৰীয় আন্তঃগাঁথনি নিৰ্মাণৰ ৰূপান্তৰসাধনকাৰী কাৰ্যক্ৰম’ ৰূপায়ণৰ বাবে ব্যৱস্থা কৰিছে। স্থল পথৰ বিকাশ সাধন এই কাৰ্যক্ৰমৰ অন্যতম গুৰুত্বপূৰ্ণ উপাদান, য’ত মুঠ পৰিকল্পনা-ব্যয়ৰ একচতুৰ্থাংশ নিয়োজিত হ’ব। পথসমূহৰ সম্প্ৰসাৰণে বয়-বস্তুৰ আদান-প্ৰদান প্ৰক্ৰিয়াৰ ব্যয় হ্ৰাস কৰাৰ লগতে সংযোগ স্থাপন কৰা, প্ৰত্যন্ত এলেকাসমূহক ‘হাব’-লৈ ৰুপান্তৰিত কৰা আৰু যান-বাহনৰ মালিকসকলৰ সমৃদ্ধি নিশ্চিত কৰাৰ দৰে কৰ্ম-কাণ্ড সম্ভৱ কৰি অৰ্থনীতিক উজ্জীৱিত কৰি তুলিব।
দেশত এক ‘আন্তঃগাঁথনি বিনিয়োগ ন্যাস’ স্থাপন সম্পৰ্কীয় এক প্ৰস্তাৱলৈ কেন্দ্ৰীয় কেবিনেটে ইতিমধ্যে অনুমোদন জনাইছে। এই পদক্ষেপে ‘স্থলপথ পৰিবহণ আৰু ঘাইপথ মন্ত্ৰালয়’ৰ অধীনত ‘ৰাষ্ট্ৰীয় ঘাইপথ প্ৰধিকৰণ’ক সম্পূৰ্ণ হৈ উঠা ৰাষ্ট্ৰীয় ঘাইপথসমূহক অন্ততঃ এটা বছৰৰ বাবে পথকৰ সংগ্ৰহৰ অধিকাৰ প্ৰদান কৰাৰ লগতে একাংশ নিৰ্বাচিত ঘাইপথত কৰৰ নিৰিখ নিৰ্দ্ধাৰণৰ অধিকাৰ প্ৰদান কৰিব। ইফালে, এই অভিলাসী প্ৰয়াসত সম্ভাৱনাপূৰ্ণ বিনিয়োগকাৰীক বিনিয়োগ কৰাৰ বাবে আকৰ্ষিত কৰিবলৈ ‘স্থলপথ পৰিবহণ আৰু ঘাইপথ মন্ত্ৰালয়ে’ সমন্বিত প্ৰয়াস অব্যাহত ৰাখিছে।
নতুন দিল্লীত অনুষ্ঠিত অগ্ৰণী আৰু বৃহত্ বিনিয়োগকাৰী গোটসমূহৰ এক সন্মিলনত ভাষণ প্ৰদান কৰি স্থলপথ পৰিবহণ আৰু ঘাইপথ দপ্তৰৰ সচিব শ্ৰী গিৰিধৰ আৰামানেই কয় যে, তেওঁৰ মন্ত্ৰালয়ে ৫০ হাজাৰ কিলোমিটাৰৰো অধিক দৈৰ্ঘ্যৰ এলানি ঘাইপথ নিৰ্মাণৰ পৰিকল্পনা যুগুতাই উলিয়াইছে। ইয়াৰে সৰহখিনিয়েই ৪ আৰু ৬ লেনযুক্ত হ’ব। তেওঁ ‘ইন-ভি-আইটি’-য়ে বিনিয়োগকাৰীসকলৰ বাবে বিশাল পৰিসৰৰ সম্ভাৱনা কঢ়িয়াই আনিছে বুলি উল্লেখ কৰে। পথ উন্নয়ণৰ ক্ষেত্ৰত পুঁজিৰ বিনিয়োগৰ বাবে এয়া এক আকৰ্ষণীয় সুযোগ বুলিও তেওঁ অভিমত ব্যক্ত কৰে। ‘ইন-ভি-আইটি’-য়ে আকৰ্ষণীয় প্ৰতিদান দিব পৰা সম্পদ সতৰ্কতাৰে নিৰ্বাচনৰ নিশ্চয়তা প্ৰদান কৰিব বুলিও প্ৰসংগক্ৰমে উল্লেখ কৰে সচিবগৰাকীয়ে।
বিনিয়োগ-সহযোগীক বোৰ্ড অব ডাইৰেক্টৰ্ছৰ অন্তৰ্ভুক্ত কৰি বিনিয়োগ-প্ৰবন্ধকৰ কাম-কাজক গণতান্ত্ৰিক স্বৰূপ প্ৰদান কৰাৰ লগতে প্ৰতিষ্ঠানৰ কাম-কাজসমূহ পেছাদাৰিত্বৰে সম্পন্ন কৰাৰ দিহা কৰা হ’ব বুলিও প্ৰসংগক্ৰমে উল্লেখ কৰে শ্ৰী আৰামানেই। প্ৰকল্প প্ৰবন্ধকসকলকো পেছাদাৰিত্ব আৰু পাৰদৰ্শিতাৰ আধাৰত নিৰ্বাচিত কৰা হ’ব বুলি তেওঁ স্পষ্ট কৰি দিয়ে।
*****
RCJ/MS/KB
(Release ID: 1653541)
Visitor Counter : 119