উপ-ৰাষ্ট্ৰপতি সচিবালয়

সংসদৰ বৰ্ষাকালীন অধিৱেশনৰ পূৰ্বে কোভিড-১৯ টেষ্ট সম্পন্ন কৰিলে ৰাজ্যসভাৰ অধ্যক্ষ শ্ৰী ভেংকায়া নাইডুৱে

অধিৱেশন আৰম্ভ হোৱাৰ ৭২ঘণ্টা পূৰ্বে সকলো সাংসদে কোভিড টেষ্ট সম্পন্ন কৰিব

সংসদৰ কাম-কাজত অংশ লোৱাৰ বাবে প্ৰতিগৰাকী সদস্য কোভিড নিগেটিভ হোৱাটো বাধ্যতামূলক

সংসদৰ সকলো বিষয়া আৰু কৰ্মচাৰীৰো কোভিড টেষ্টিং বাধ্যতামূলক কৰা হৈছে

বিভিন্ন সংসদীয় কাগজ-পত্ৰসমূহ সদস্যসকললৈ বৈদ্যুতিক পদ্ধতিৰে প্ৰেৰণ কৰা হ’ব

ডিআৰডিঅ’-ই সকলো সাংসদক বহু-উপযোগী কিটছ আগবঢ়াব

Posted On: 11 SEP 2020 2:09PM by PIB Guwahati

অহা ১৪ ছেপ্তেম্বৰ,২০২০ৰ পৰা আৰম্ভ হবলগীয়া সংসদৰ বৰ্ষাকালীন অধিৱেশনত অধ্যক্ষতাৰ বাবে  নিজকে সাজু কৰি অধ্যক্ষ শ্ৰী ভেংকায়া নাইডুৱে আজি কোভিড-১৯ টেষ্ট সম্পন্ন কৰে।

আগন্তুক অধিৱেশনত অংশ লবলৈ কোভিড-১৯ টেষ্ট সম্পন্ন কৰাটো বাধ্যতামূলক কৰা হৈছে।

অধিৱেশন আৰম্ভ হোৱাৰ পূৰ্বৰ ৭২ ঘণ্টাৰ ভিতৰত চৰকাৰী স্বীকৃতিপ্ৰাপ্ত যিকোনো হস্পিতাল/লেবৰেটৰী অথবা সংসদ ভৱনৰ চৌহদত টেষ্ট সম্পন্ন কৰিবলৈ নিৰ্দেশ দিয়া হৈছে।

সদস্যসকলৰ সুবিধাৰ্থে আজিৰে পৰা সংসদ ভৱনৰ চৌহদত তিনিটা টেষ্ট চেণ্টাৰৰ ব্যৱস্থা কৰা হৈছে। সদস্যসকলক কোভিড টেষ্টৰ প্ৰতিবেদন ৰাজ্য সভা সচিবালয়লৈ ই-মেইলৰ মাধ্যমেৰে আগতীয়াকৈ প্ৰেৰণ কৰিবলৈ কোৱা হৈছে যাতে অধিৱেশনৰ সময়ছোৱাত সংসদ ভৱনত প্ৰৱেশত কোনো অসুবিধাৰ সৃষ্টি নহয়।

একেদৰে, সংসদ সচিবালয়ৰ কৰ্মচাৰী আৰু আন বিভাগৰ কৰ্মচাৰীসকলৰো আৰটি-পিচিআৰ টেষ্ট বাধ্যতামূলক কৰা হৈছে, যিয়ে অধিৱেশনৰ সময়ছোৱাত সদস্যসকলৰ সংস্পৰ্শলৈ অহাৰ সম্ভাৱনা আছে। ইয়াৰ লগতে, সাংসদসকলৰ ব্যক্তিগত কৰ্মচাৰী আৰু বাহন চালকৰ বাবে সংসদ ভৱনৰ অভ্যৰ্থনা কক্ষত ৰেপিড এণ্টিজেন টেষ্টৰ ব্যৱস্থা কৰা হৈছে।

ৰাজ্যসভাৰ অধ্যক্ষই সংসদৰ অধিৱেশনৰ সময়ছোৱাত কভিড-১৯ৰ সংক্ৰমণ প্ৰতিৰোধ কৰিবলৈ গ্ৰহণ কৰা সতৰ্কতামূলক ব্যৱস্থাৰ নিয়মীয়া পৰ্যবেক্ষণ কৰিছে। ৰাজ্যসভাৰ চেম্বাৰত সমাজিক দূৰত্ব নিশ্চিত কৰি আসনৰ ব্যৱস্থা কৰা হৈছে।

প্ৰতিখন আসনৰ সৈতে আছে এটাকৈ মাইক্ৰফোন আৰু ছাউণ্ড কনছল, যাতে সকলো সদস্যই অসুবিধাৰ সন্মুখীন নোহোৱাকৈ আলোচনাত ভাগ লব পাৰে।

সকলো সদস্য আৰু কৰ্মচাৰীৰ সুৰক্ষাৰ প্ৰতি লক্ষ্য ৰাখি অধ্যক্ষ শ্ৰী ভেংকায়া নাইডুৱে ই-নটিচ ফেচিলিটীৰ পূৰ্ণ ব্যৱহাৰ আৰু জাননীসমূহ বৈদ্যুতিক পদ্ধতিৰে ইজনৰ পৰা সিজনলৈ প্ৰেৰণ কৰিবলৈ সদস্যসকলক আহ্বান জনাইছে।

অধিৱেশনৰ সময়ছোৱাত স্বাস্থ্য প্ৰটকল সূচাৰুৰূপে পালন কৰিবলৈ আৰু সকলো ক্ষেত্ৰত সহযোগিতা আগবঢ়াবলৈ অধ্যক্ষই সদস্যসকলক আহ্বান জনাইছে। ডিআৰডিঅ-ই সকলো সাংসদক বহু-উপযোগী কিটছ প্ৰদান কৰিব। প্ৰতিটো কিটত প্লাই মাস্ক, এন-৯৫ মাস্ক, ২০ বটল ছেনিটাইজাৰ, ফেচ শ্বিল্ড, গ্লোভছ, টাচ্ছ ফ্ৰী হুক, টিছ্যু পেপাৰ আদি থাকিব।

অধ্যক্ষৰ দুয়োকাষে থিয় হৈ থকা মাৰ্শ্বালকো মাস্ক আৰু ফেচ শ্বিল্ড পৰিধান কৰিবলৈ নিৰ্দেশ দিয়া হৈছে।

*********

VRRK/MS/MSY/DP/MS


(Release ID: 1653528) Visitor Counter : 164