হাউছিং আৰু নগৰ পৰিক্ৰমা মন্ত্ৰালয়

'ক্লাইমেট স্মাৰ্ট চিটিজ এছেচমেণ্ট ফ্ৰেম ৱৰ্ক (চিএছচিএএফ ২.০)' আৰু 'ষ্ট্ৰীট ফৰ পিপল চেলেঞ্জ’ মুকলি কৰিলে হৰদীপ চিং পুৰীয়ে

CSCAF এ চহৰবোৰে ইয়াৰ কাৰ্যাৱলীৰ পৰিকল্পনা তথা ৰূপায়ণ কৰিবৰ বাবে নক্সা প্ৰদান কৰাৰ উপৰি বিনিয়োগো প্ৰদান কৰিব

CSCAF এ নগৰীয়া পৰিকল্পনা আৰু উন্নয়ণৰ ক্ষেত্ৰত জলবায়ু অনুকূল পদক্ষেপৰ সমাহাৰ ঘটোৱাৰ পৰিকল্পনা গ্ৰহণ কৰিছে

বিশ্বস্তৰীয় পৰিকাঠামো/ মূল্যায়ণ দিশবোৰৰ পৰ্যালোচনা কৰাৰ পিছত পাচোটা শাখাতেই ২৮ টা দিক নিৰ্দেশকেৰে সজোৱা হ’ব পৰিকাঠামো

পথ ব্যৱহাৰকাৰী বিভিন্ন পক্ষৰ সৈতে আলোচনাৰে পথ উন্নয়ণৰ একত্ৰীকৃত লক্ষ্যত উপনীত হ’বৰ বাবে পদক্ষেপ গ্ৰহণ কৰা হৈছে

খোজকঢ়াৰ বাবে সুচল / তাৎক্ষণিক, উদ্ভাৱনীয়/কম মূল্যসাপেক্ষ ব্যৱস্থাৰ যোগেদি গতিসম্পন্ন পথ সৃষ্টিৰ বাবে চহৰসমূহক উদ্বুদ্ধ কৰাৰ লক্ষ্য হাতত লোৱা হৈছে

অংশগ্ৰহণকাৰী সকলোবোৰ চহৰকে ‘টেষ্ট-লাৰ্ণ-স্কেল’ ব্যৱস্তা ব্যৱহাৰৰ বাবে উদ্বুদ্ধ কৰা হ’ব, যাতে ফ্লেগশ্বিপ আৰু চুবুৰীয়াৰ খোজকঢ়াৰ দিশবোৰ কাৰ্যকৰী কৰিব পৰা যায়

Posted On: 11 SEP 2020 2:40PM by PIB Guwahati

কেন্দ্ৰীয় গৃহাবাস আৰু নগৰ পৰিক্ৰমা দপ্তৰৰ স্বতন্ত্ৰ ৰাজ্যিক মন্ত্ৰী শ্ৰী হৰদীপ সিং পুৰীয়ে স্মাৰ্ট চিটি মিছনৰ দ্বাৰা আয়োজিত এক ভাৰ্চুৱেল অনুষ্ঠানত ‘ষ্ট্ৰীট ফৰ পিপল প্ৰতিযোগিতা’সহ 'ক্লাইমেট স্মাৰ্ট চিটিজ এছেচমেণ্ট ফ্ৰেম ৱৰ্ক (চিএছচিএএফ) ২.০'–ৰ মুকলি কৰে। এই  চিএছচিএএফ-ৰ উদ্দেশ্য হৈছে জলবায়ু পৰিৱৰ্তনৰ মোকাবিলা কৰিব পৰাকৈ চহৰবোৰত এক সুস্পষ্ট পথ নিৰ্দেশিকা প্ৰস্তুত কৰা। এই পথ নিৰ্দেশিকাৰ ওপৰত ভিত্তি কৰিয়েই আগন্তুক সময়ছোৱাত কাৰ্য পৰিকল্পনা প্ৰস্তুত কৰা আৰু বাস্তৱায়িত কৰা হ’ব। বিগত এটা দশকত ঘূৰ্ণিবতাহ, বানপানী, প্ৰচুৰ গৰম, জলপৃষ্ঠ বৃদ্ধি আৰু খৰাংৰ দৰে পৰিস্থিতি ক্ৰমাৎ বৃদ্ধি পাইছে। ইয়াৰ বিৰূপ প্ৰভাৱ পৰিছে চহৰবোৰতো। এইসমূহ কাৰণতে জীৱকূলৰ হানিৰ দৰে ঘটনা যেনেদৰে বৃদ্ধি পাইছে, তাৰ সমান্তৰালকৈ অৰ্থনৈতিক ক্ষেত্ৰতো সুদূৰ প্ৰসাৰী প্ৰভাৱ পৰিছে। এই সমস্যাৰ সমাধানৰ বাবে ভাৰত চৰকাৰৰ গৃহাবাস আৰু নগৰ পৰিক্ৰমা মন্ত্ৰালয়ে এই চিএছচিএএফৰ দৰে পৰিকল্পনা গ্ৰহণ কৰিছে। ইয়াৰ উদ্দেশ্য হ’ল সাধাৰণ মানুহৰ মাজত নগৰ পৰিকল্পনা আৰু উন্নয়নত জলবায়ু সম্পৰ্কীয় বিষয়ত সংবেদনশীল দৃষ্টিভঙ্গী জগাই তোলা।

 

চহৰবোৰত পূৰ্বৱৰ্তী পৰিকল্পনা পৰ্যালোচনাৰ পিছত ২৬ তকৈও অধিক প্ৰতিষ্ঠান আৰু বিশ্বৰ বিভিন্ন ক্ষেত্ৰৰ লগত জড়িত ৬০ জন বিশেষজ্ঞৰ মতামতৰ ভিত্তিত এই মূল্যায়ন পৰিকাঠামো প্ৰস্তুত কৰা হৈছে আৰু সেইধৰণৰ পদক্ষেপো গ্ৰহণ কৰা হৈছে। এই পৰিকাঠামোত ৫টা বিভাগত ২৮ টা বিষয় সন্নিৱিষ্ট হৈ আছে। এই বিভাগবোৰ হ’ল – (১) শক্তি আৰু সেউজ গৃহ, (২) নগৰ পৰিকল্পনা, সেউজীয়াৰ অৱস্থান আৰু জৈৱ বৈচিত্ৰ্য, (৩) যোগাযোগ আৰু বতাহৰ গুণমান, (৪) জল ব্যৱস্থাপনা আৰু (৫) কঠিন আৱৰ্জনা ব্যৱস্থাপনা।

 

লকডাউন প্ৰত্যাহাৰৰ লগে লগে চহৰবোৰত নিৰাপত্তা, সুলভ মূল্যত ৰাজহুৱা পৰিবহন, সামাজিক দূৰত্ব বজাই ৰখাৰ দৰে একাধিক সমস্যা দেখা দিছে। সীমিত ৰাজহুৱা পৰিবহন, সংকীৰ্ণ বজাৰ আৰু জনাকীৰ্ণ ফুটপাথ থকাৰ ফলত সাধাৰণ মানুহে নানা সমস্যাৰ সমূখীন হ’বলগীয়া হৈছে। বিশ্বৰ বোগোটা, বাৰ্লিন আৰু মিলানৰ দৰে চহৰবোৰত ক’ভিড-১৯ ৰ মাজতো নিৰাপদে যাতায়াত সুনিশ্চিত কৰিবলৈ ফুটপাথৰ ব্যৱহাৰ আৰু চাইকেল চলোৱাৰ বাবে পৃথক পৃথক পথৰ ব্যৱস্থা কৰা হৈছে। ইয়াৰ ফলত সাধাৰণ মানুহে নিশ্চিন্তে, নিৰাপদে যাতায়াত কৰিব পাৰিছে। কিন্তু আমাৰ দেশৰ চহৰবোৰত সেই ধৰণৰ কোনো ব্যৱস্থাপনা নাই। এই সমস্যাৰ কথা চিন্তা কৰিয়েই মন্ত্ৰালয়ে ‘ষ্ট্ৰীট ফৰ পিপল চেলেঞ্জ’-ৰ কাৰ্যসূচী হাতত লৈছে। মূলতঃ চহৰবোৰত সাধাৰণ মানুহৰ খোজকঢ়াৰ সুবিধাৰ্থে আৰু ফুটপাথবোৰক পথচাৰীৰ বাবে সুচল কৰি তুলিবলৈকে এই উদ্যোগ গ্ৰহণ কৰা হৈছে। এই কাৰ্যসূচীত সকলো লোকৰেই মতামত আহ্বান কৰা হৈছে। চহৰবোৰত কেনেদৰে দ্ৰুত উদ্ভাৱনী চিন্তাধাৰা গঢ়ি তুলিব পাৰি আৰু কম খৰচতে কৌশলগত উপায়েয়ে সমস্যাৰ সমাধান কৰিব পাৰি, তাৰ বাবে এক প্ৰতিযোগিতাৰ আয়োজন কৰা হৈছে।

 

উল্লেখ্য যে আজিৰ এই অনুষ্ঠানত উপস্থিত আছিল কেন্দ্ৰীয় গৃহাবাস আৰু নগৰ পৰিক্ৰমা মন্ত্ৰালয়ৰ সচিব শ্ৰী দুৰ্গাশংকৰ মিশ্ৰ, পৰিৱেশ, বন আৰু জলবায়ু পৰিৱেশ মন্ত্ৰালয়ৰ শীৰ্ষ বিষয়াসকল। ৰাজ্য চৰকাৰ আৰু কেন্দ্ৰশাসিত অঞ্চলবোৰৰ নগৰ উন্নয়ন দপ্তৰৰ প্ৰধান সচিব, স্মাৰ্ট চিটি মিছনৰ ৰাজ্যিক বিষয়া, পৌৰ আয়ুক্তসহ বিশিষ্ট ব্যক্তিসকলো উপস্থিত থাকে।

পৰিৱেশগত স্মাৰ্ট চিটিসমূহ পিডিএফত চাবলৈ বিচাৰিলে ইয়াত ক্লিক কৰক

ষ্ট্ৰীটছ ফৰ পিপলৰ বিষয়ে পিডিএফত চাবলৈ বিচাৰিলে ইয়াত ক্লিক কৰক

সবিশেষ তথ্যৰ বাবে নিম্নোক্ত ছাইটসমূহ চাব পাৰিব -

https://smartnet.niua.org/csc/

https://smartnet.niua.org/indiastreetchallenge/

 

***

 

RJ/NG/RD



(Release ID: 1653511) Visitor Counter : 224