উপ-ৰাষ্ট্ৰপতি সচিবালয়

দেশত পুনৰ এক ক্ৰীড়া সংস্কৃতি গঢ়ি তুলিবলৈ উপ-ৰাষ্ট্ৰপতিৰ আহ্বান

অসাধাৰণ ক্ৰীড়া ব্যক্তিত্ব পাৰদৰ্শী নেতাও হ'ব পাৰেঃ উপ-ৰাষ্ট্ৰপতি

যুৱ ক্ৰীড়া প্ৰতিভা চিনাক্ত কৰিবৰ বাবে ফলপ্ৰসু প্ৰতিভা পৰ্যবেক্ষণ পদ্ধতি স্থাপনৰ আহ্বান

ক্ৰীড়া আন্তঃগাঁথনিৰ উন্নীতকৰণৰ তাৎক্ষণিক আৱশ্যকতা আছে, বিশেষকৈ গ্ৰামাঞ্চলতঃ উপ-ৰাষ্ট্ৰপতি

Posted On: 11 SEP 2020 1:59PM by PIB Guwahati

উপ-ৰাষ্ট্ৰপতি শ্ৰী এম ভেংকায়া নাইডুৱে ভাৰতত ক্ৰীড়া সংস্কৃতি তাক্ষণিকভাৱে পুনৰ সক্ৰিয় কৰি তুলিবলৈ আহ্বান জনাইছে। তেওঁ কয় যে সু স্বাস্থ্য আৰু দুঃশ্চিন্তামুক্ত জীৱনৰ বাবে ক্ৰীড়া বা খেল আৰু যোগ বা যিকোনো শাৰীৰিক কাৰ্য মানুহৰ দৈনন্দিন কাম-কাজৰ অন্তৰ্ভুক্ত হ'ব লাগে।

 

২০২০ বছৰৰ বাবে ধাৰাবাহিকভাৱে দ্বিতীয়বাৰৰ বাবে ক্ৰীড়াত শীৰ্ষ স্থানীয় বিশ্ববিদ্যালয়ৰ সন্মান অৰ্জন কৰি মৌলানা আব্দুল কালাম আজাদ ট্ৰফী জয় কৰা বাবে পঞ্জাৱ ইউনিভাৰছিটীক উদ্দেশ্যি অভিবাদন জনাই দিয়া এক ভাষণত তেওঁ এইদৰে কয়, তেওঁ বিদ্যালয় আৰু আন শৈক্ষিক প্ৰতিষ্ঠানসমূহৰ বাবে সক্ৰিয়ভাৱে ক্ৰীড়াক উদগণি যোগোৱাৰ ওপৰত জোৰ দিয়ে।

 

ট্ৰফীটোৰ কথা উল্লেখ কৰোতে সংক্ষিপ্ত ৰূপ ব্যৱহাৰ নকৰিবলৈ পঞ্জাৱ ইউনিভাৰছিটীৰ কৰ্তৃপক্ষক শ্ৰী নাইডুৱে পৰামৰ্শ আগবঢ়ায়, বৰং সদায় ইয়াক 'মৌলানা আবুল কালাম আজাদ ট্ৰফী' বুলি উল্লেখ কৰিব লাগে। ছাত্ৰ-ছাত্ৰ-ছাত্ৰীয়ে শ্ৰেণী কোঠাত তেওঁলোকৰ আধা সময় অতিবাহিত কৰিব লাগে আৰু বাকী আধা খেল পথাৰত অতিবাহিত কৰিব লাগে। খেল পথাৰ বুলি কওঁতে তেওঁ খেল পথাৰৰ লগতে কৃষি পথাৰ আৰু সামাজিক পথাৰক বুজোৱা বুলি তেওঁ কয়।

 

নিৰৱচ্ছিন্ন কঠোৰ পৰিশ্ৰম, পৰিকল্পনা আৰু লক্ষ্য নিৰ্ধাৰণৰ দ্বাৰাহে ক্ৰীড়াত পাৰদৰ্শিতা আহিব পাৰে বুলি উল্লেখ কৰি তেওঁ পঞ্জাৱ ইউনিভাৰছিটীৰ ক্ৰীড়া প্ৰশিক্ষক, পৰিচালনা, কৰ্মচাৰী আৰু ছাত্ৰ-ছাত্ৰী সকলক শৈক্ষিক পাৰদৰ্শিতাৰ লগতে ক্ৰীড়া ক্ষেত্ৰত আহৰণ কৰা দক্ষতাৰ বাবে প্ৰশংসা কৰে।

 

আমাৰ দেশত জীৱন শৈলীক লৈ বিশেষকৈ যুৱ প্ৰজন্মৰ মাজত সৃষ্টি হোৱা অসুস্থতাৰ ওপৰত উদ্বিগ্নতা প্ৰকাশ কৰি উপ-ৰাষ্ট্ৰপতিজনে কয় যে ই আমাৰ যুৱ প্ৰজন্মক অস্বাস্থ্যকৰ খাদ্য আৰু অৰুচিকৰ জীৱন শৈলী সন্দৰ্ভত সজাগ কৰাটো অতি গুৰুত্বপূৰ্ণ।

 

তেওঁ প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ তপৰতাত চলা ''ফিট ইণ্ডিয়া কেম্পেইন''ৰ প্ৰশংসা কৰে আৰু কয় যে ই জনসাধাৰণক কৰ্মথ আৰু স্বাস্থ্যবান হৈ থকাত নিশ্চিতভাৱে উসাহিত কৰিব।

 

শ্ৰী নাইডুৱে কয় যে ক্ৰীড়াই আমাৰ জীৱনত এক গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে। ই আমাৰ শাৰীৰিক সামৰ্থ্য উন্নত কৰে, দলীয় কাম কাজত আমাৰ সামৰ্থ্য বৃদ্ধি কৰে, আমাৰ সামাজিক দক্ষতা বৃদ্ধি কৰে। ক্ৰীড়াই সমতাৰ মনোভাব গঢ়ি তোলে বুলি উল্লেখ কৰি তেওঁ কয় যে বিফলতা আৰু পৰাজয়ক কোনোধৰণৰ তিক্ততা বোধ, দুৰাকাংক্ষা বা প্ৰতিশোধ পৰায়ণতা নোহোৱাকৈ গ্ৰহণ কৰাত ই সহায় কৰে।

 

কম বয়সৰ পৰাই ক্ৰীড়া প্ৰতিভাক চিনাক্ত কৰাৰ প্ৰয়োজনীয়তাৰ ওপৰত জোৰ দি তেওঁ আহ্বান জনায় যে এই উদ্দেশ্যত উপনীত হ'বলৈ হ'লে প্ৰতিভা চিনাক্ত কৰণৰ বাবে এক ফলপ্ৰসু আৰু যথাযথ পৰ্যবেক্ষণ পদ্ধতি প্ৰতিষ্ঠা কৰিব লাগিব।

 

দেশত ক্ৰীড়াৰ আন্তঃগাঁথনি উন্নীতকৰণৰ ওপৰত আলোকপাত কৰি, বিশেষকৈ গ্ৰামাঞ্চলসমূহত, শ্ৰী নাইডুৱে লগতে আহ্বান জনায় যে উচ্চ দক্ষতাপূৰ্ণ ভাৰতীয় প্ৰশিক্ষকক লৈ দেশীয়ভাৱে এটা বৃহ ব্যৱস্থাপনা গঢ়ি তুলিব লাগে। তেওঁ কয় যে প্ৰশিক্ষকসকলে এক গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে।

 

ক্ৰীড়া প্ৰবন্ধনত ডিগ্ৰী আৰু ডিপ্লমা প্ৰদান কৰিবৰ বাবে অধিক মহাবিদ্যালয় আৰু বিশ্ববিদ্যালয়ক আহ্বান জনাই তেওঁ লগতে উচ্চ দক্ষতাপূৰ্ণ ক্ৰীড়া ঔষধ বিশেষজ্ঞ আৰু স্বাস্থ্য কৰ্মীৰ ব্যৱস্থা কৰি আমাৰ খেলুৱৈসকলৰ প্ৰদৰ্শন উন্নত কৰিবলৈ পৰামৰ্শ আগবঢ়ায়।

 

যিবোৰ ক্ষেত্ৰত ভাৰতৰ প্ৰতিযোগিতামূলক সুবিধা আছে সেই ক্ষেত্ৰসমূহত অধিক সমলৰ সন্ধান কৰাৰ ওপৰত তেওঁ জোৰ দিয়ে। ক্ৰীড়া ব্যক্তিত্বসমূহক আমাৰ ৰাষ্ট্ৰীয় গৌৰৱ বুলি অভিহিত কৰি তেওঁ এইবুলি আশ্বাস ব্যক্ত কৰে যে নিৰৱচ্ছিন্ন কঠোৰ পৰিশ্ৰমৰ জৰিয়তে ভাৰতে আন্তঃৰাষ্ট্ৰীয় ক্ৰীড়া ক্ষেত্ৰখনত অধিক খ্যাতি অৰ্জন কৰিব পাৰিব। ''এই দেশত আমাৰ প্ৰতিভাৰ অভাৱ নাই। আমাক লাগে এক শক্তিশালী সহযোগিতামূলক ব্যৱস্থা'', তেওঁ কয়।

 

পঞ্জাৱ ইউনিভাৰছিটীৰ ভাইচ চেঞ্চেলৰ শ্ৰী ৰাজ কুমাৰ, ক্ৰীড়াৰ সঞ্চালক, প্ৰশিক্ষক আৰু বঁটা প্ৰাপকসকল উপস্থিত থাকে।

 

******

 

VRRK/MS/MSY/DP



(Release ID: 1653509) Visitor Counter : 159